নতুন দিল্লীঃ নতুন চৰকাৰ গঠনৰ পাছত প্ৰথমবাৰৰ বাবে যুটীয়া সংসদত ভাষন প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিগৰাকী পি এ উভয় সদনত সংবোধন কৰি আগন্তুক পাঁচ বছৰত চৰকাৰে গুৰুত্ব দিবলগীয়া বিষয়সমূহৰ এক ৰেঙনি দাঙি ধৰে৷

তেওঁ কয় যে লোকসভা নিৰ্বাচনত ৬১ কোটিটকৈও অধিক লোকে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি এক অভিলেখ গঢ়িলে৷ ভাৰতীয় জনতাই এক স্পষ্ট জনাৱেশ দাঙি ধৰিছে৷ চৰকাৰে ‘সব কা সাথ সব কা বিকাশ’ ৰ বাবে কাম কৰি আছিলে৷ 

ভাৰতীয় সকলে তেওঁলোকৰ মৌলিক সুবিধা সমূহ লাভ কৰিবৰ বাবে বহু দিনৰপৰা অপেক্ষা কৰি আছে৷ এই সন্দৰ্ভত তেওঁ কয় যে তেওঁৰ চৰকাৰে ইয়াক এতিয়া প্ৰাধান্য দিছে আৰু দৰিদ্ৰসকলৰ মৰ্যাদা পূৰ্ণ জীৱন ধাৰণৰ বাবে চৰকাৰে সকলোধৰণৰ মৌলিক সুবিধা প্ৰদান কৰিব৷

গ্ৰাম্য আৰু নগৰাঞ্চলৰ ভাৰত, দুয়োটাই আগবাঢ়ি যাব৷ আদিবাসী অঞ্চলৰ শিশুৰ বাবে একলব্য বিদ্যালয় স্থাপন কৰি থকা হৈছে৷ মহিলা সবলীবকৰণৰ চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ বুলি কৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, একমাত্ৰ মহিলা সবলীকৰণ চৰকাৰৰ উদ্দ্যেশ্য নহয়, মহিলাসকলে নেতৃত্ব গ্ৰহণ কৰিব পৰা সক্ষমতা অৰ্জন কৰোৱাই চৰকাৰৰ লক্ষ্য৷ 

গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ চুক্তিৰ বৃদ্ধি কৰা হয়৷

তিনি তালাক আৰু নিকাহ, সাললাৰ দৰে মহিলাক অৱদমিত কৰি ৰখা সামাজকি ব্যৱস্থাৰ অন্ত পেলাবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইয়াৰ বাবে সকলো নাগৰিকৰপৰা তেওঁ সমৰ্থন বিচাৰে৷ 

২০২৪ চ ৰ ভিতৰত ৫০ হাজাৰ ষ্টাৰ্টাপৰ লক্ষ্য পূৰণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে৷ উচ্চ শিক্ষানুষ্ঠানত আসনৰ সংখ্যা চৰকাৰে বৃদ্ধি কৰিব৷ ২০২৪ চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতি ৫ ত্ৰিলিয়ন আমেৰিকান ডলাৰ পৰাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে৷

দুৰ্নীতি বিৰোধী অভিযান চৰকাৰে চলাই যাব আৰু লোকপাল প্ৰণয়নৰ জৰিয়তে চৰকাৰৰ প্ৰশাসনিক স্বচ্ছতা বজাই ৰাখিব বুলি ৰাষ্ট্ৰপতি কোবিন্দে ভাষণ প্ৰসংগত উল্লেখ কৰে৷