গুৱাহাটীঃ লোকসভা নিৰ্বাচনীলৈ মাজত মাথোন কেইটামান দিন বাকী৷ বিভিন্ন ৰাজনৈতিক দলৰ নেতাই বিভিন্ন ঠাইত গৈ গৈ নিৰ্বাচনী প্ৰচাৰ কৰিছে৷ লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অহা ৩০ মাৰ্চত অসমলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। 

অসমৰ বিজেপি প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলোৱা বাবে প্ৰধানমন্ত্ৰী মোডী উপস্থিত হ’বহি অসমত। 

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে উক্ত দিনটোত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। সেই অনুসৰি গহপুৰ আৰু মৰাণত ভাগ ল’ব দুখন নিৰ্বাচনীৰ সভা।

অসমৰ প্ৰথম পৰ্যায়ত হ’বলগীয়া তেজপুৰ, ডিব্ৰুগড়ৰ, যোৰহাটৰ লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে।