News Next One
Published on News Next One (https://www.newsnextone.com)

Home > ডেৰ লাখ গাঁও পঞ্চায়তলৈ ৱাই-ফাই

01 Feb

ডেৰ লাখ গাঁও পঞ্চায়তলৈ ৱাই-ফাই [1]

By NNO Digital Staff 0 Comments [2]

নতুন দিল্লীঃ গাঁৱে গাঁৱে হ'ব ইণ্টাৰনেট। উপলব্ধ হ'ব ৱাই-ফাই। এইবাৰৰ বাজেটে আনিছে এই সুখবৰ। 

চলিত বিত্তীয় বৰ্ষত ভাৰত নেট প্ৰকল্প ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ১০ হাজাৰ কোটি টকা। ২০১৭-১৮ বিত্তীয় বৰ্ষৰ ভিতৰত ১৫০,০০০ গাঁও পঞ্চায়তক ৱাই-ফাই হটস্পটযোগে সংযোগ কৰা হ’ব বুলি বাজেট উত্থাপন কৰাৰ সময়ত জেটলিয়ে কয়।

নেশ্যনেল অপ্টিক ফাইবাৰ নেটৱৰ্ক নামৰ আঁচনিখনক ভাৰত নেট নাম দি ২০১৫ চনত আৰম্ভ কৰা এই অভিলাসী প্ৰকল্পত ২.৫ লাখ গাঁও পঞ্চায়ত সামৰি লোৱাৰ লক্ষ্য হাতত লোৱা হৈছিল।

বিগত বৰ্ষৰ স্পেকট্ৰামৰ নিলামৰ যোগেদি দেশখনত স্পেকট্ৰামৰ অভাৱ দূৰ হোৱা বুলিও জেটলিয়ে উল্লেখ কৰে।

Author

NNO Digital Staff's picture

NNO Digital Staff


Source URL: https://www.newsnextone.com/wi-fi-in-rural-area

Links
[1] https://www.newsnextone.com/wi-fi-in-rural-area
[2] https://www.newsnextone.com/wi-fi-in-rural-area/#comments