News Next One
Published on News Next One (https://www.newsnextone.com)

Home > NEET ২০১৮, অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ

09 Feb

NEET ২০১৮, অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ [1]

By Reetupriya Saikia 0 Comments [2]

কেৰিয়াৰ ডেস্কঃ ৬ মে’ৰ পৰা আৰম্ভ হ’ব NEET পৰীক্ষা। পৰীক্ষাৰ এডমিছনৰ বাবে আজিৰে পৰা আৰম্ভ হৈছে অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া। এমবিবিএছ আৰু বিডিএছ পঢ়িবলৈ NEET (National Elejebility Entrance Test) পৰীক্ষাত উৰ্ত্তীণ হোৱাটো বাঞ্ছনীয়। অনলাইনত আবেদন কৰা প্ৰক্ৰিয়া ৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে। 

cbseneet.nic.in-ত দিয়া জাননীৰ মতে অনলাইন ৰেজিষ্ট্ৰেশ্যন ৰাতি ১১ বাজি ৫০ মিনিটৰ পৰা হ’ব পাৰে বুলি কোৱা হৈছে। লগতে মাচুল জমা কৰা অন্তিম তাৰিখ ১০ মাৰ্চৰ ৰাতি ১১ বাজি ৫০ মিনিটলৈ থাকিব। অসম, জম্মু-কাশ্মীৰ আৰু মেঘালয়ক এৰি অন্য ৰাজ্যৰ প্ৰাৰ্থীসকলক আধাৰ কাৰ্ডৰ প্ৰয়োজন হ’ব। এই পৰীক্ষা সম্পৰ্কত থোৰতে তলত দিয়া হৈছেঃ

⇒ পৰীক্ষাৰ শুল্ক হৈছে ১৪০০ টকা, SC,ST,PS পৰীক্ষাৰ্থীৰ বাবে এই পৰীক্ষাৰ শুল্ক মাথোন ৭০ টকা।

⇒ আবেদনকাৰীৰ বয়সৰ সীমা ১৭ ৰপৰা ২৫ বছৰ। SC,ST,OBC,PS শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বয়সৰ উৰ্ধসীমা ৩০। 

⇒ পৰীক্ষাত পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, জীৱবিজ্ঞান, জৈৱপ্ৰযুক্তি আৰু ইংৰাজী বিষয়ত গঢ় ৫০ শতাংশ নম্বৰৰসহ উৰ্ত্তীণ হ’লেহে এই পৰীক্ষাত বহিব পাৰিব। সংৰক্ষিত শ্ৰেণী (,SC,ST,PS)ৰ পৰীক্ষাৰ্থীৰ বাবে ৪০ শতাংশ নম্বৰৰসহ উৰ্ত্তীণ হোৱা হ’ব লাগিব।

⇒ দ্বাদশ শ্ৰেণীৰ উৰ্ত্তীণ যিসকল ছাত্ৰ, তেওঁলোকেও এই পৰীক্ষাত বহাৰ সুযোগ পাব।

⇒ ২০১৮ চনৰ পৰীক্ষাৰ্থীৰ বাবে আধাৰ কাৰ্ডৰ অনিবাৰ্য।

⇒ অসম, জম্মু-কাশ্মীৰ আৰু মেঘালয়ৰ যিসকল ছাত্ৰই দ্বাদশ শ্ৰেণী উৰ্ত্তীণ হ’ল, তেওঁলোকৰ বাবে পাৰপত্ৰ, ৰেচন কাৰ্ডৰ নম্বৰ, বেংক খাতাৰ নম্বৰ আৰু অন্য চৰকাৰী পৰিচয় পত্ৰৰ জৰিয়তে এই ৰাজ্যৰ যিকোনো চহৰতে পৰীক্ষাকেন্দ্ৰ বাচনি কৰিব পাৰে।

⇒ পৰীক্ষাৰ্থীয়ে বিচাৰিলে পৰীক্ষাৰ মাচুল দিবলৈ ক্ৰেডিট কাৰ্ড, নেট বেংকিং, ইউপিআই বা ই-ৱালেটৰ ব্যৱহাৰ কৰিব পাৰে।

⇒ মুক্ত বিদ্যালয়সমূহৰ পৰীক্ষাৰ্থীৰ বাবে ২০১৮ চনৰ এই আসন প্ৰযোজ্য নহয়।

⇒ বাকী থকা তথ্য সংগ্ৰহ কৰিবলৈ চাওক NEET ৰ ৱেবচাইট www.cbseneet.nic.in [3]।

Author

Reetupriya Saikia's picture

Reetupriya Saikia


Source URL: https://www.newsnextone.com/neet-aspirants-get-ready-to-file-applications

Links
[1] https://www.newsnextone.com/neet-aspirants-get-ready-to-file-applications
[2] https://www.newsnextone.com/neet-aspirants-get-ready-to-file-applications/#comments
[3] http://www.cbseneet.nic.in