News Next One
Published on News Next One (https://www.newsnextone.com)

Home > বৰগাং নদীত কৰ্মৰত শ্ৰমিকক ভাতে মৰাৰ ষড়যন্ত্ৰ একাংশ দুষ্ট চক্ৰৰ

11 Oct

বৰগাং নদীত কৰ্মৰত শ্ৰমিকক ভাতে মৰাৰ ষড়যন্ত্ৰ একাংশ দুষ্ট চক্ৰৰ [1]

By NNO Correspondent 0 Comments [2]

newsnextoneবিহালী ১০ অক্টোবৰঃ পূৱ-শোণিতপুৰ বন সংমণ্ডলৰ অধীনৰ বৰগাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বৰগাং নদী খনৰ পৰা অসম চৰকাৰে বৈধ বিধি অনুযায়ী যথেষ্ট পৰিমাণে ৰাজহ সংগ্ৰহ কৰি আহিছে। এই বৰগাং নদীখনেই নৈ-পৰীয়া প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ জীৱন নিৰ্বাহৰ  একমাত্ৰ উৎস হিচাপে পৰিগণিত হৈছে।এই নদী খনৰ পৰাই বৰজাৰণী, টেঙাবাৰী,ভৰালিজুলি আদি অঞ্চলৰ শ্ৰমিক ৰাইজে শিল-বালি সংগ্ৰহ কৰি পৰিয়াল পোহ-পাল দি অহাৰ সময়তে একাংশ দুষ্ট চক্ৰই বৰগাং নদীত শ্ৰমিক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰি অহা সাধাৰণ শ্ৰমিক ৰাইজৰ ওপৰত মাধমাৰ শোধাই নদী খনত চলি থকা মহল সমুহ সম্পূৰ্ণ অবৈধ আৰু এই মহল সমুহ চৰকাৰী নীতি-নিয়ম অনুযায়ী  চলিথকা নাই বুলি বিভিন্ন ধৰণৰ অপ-প্ৰচাৰ চলাই সাধাৰণ খাটি খোৱা শ্ৰমিকক পেটে-ভাতে মাৰাৰ এক গভীৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে । 

এই দুষ্ট চক্ৰটোক এনে ভিত্তিহীন ষড়যন্ত্ৰ নকৰিবলৈ স্থানীয় ৰাইজে আহবান জনাইছে । যিখন নদীৰ পৰাই আজি প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ চৌকা জ্বলিছে তাত এই স্বাৰ্থলোভী দুষ্টচক্ৰটোৰ মাত মতাৰ কোনো অধিকাৰ নাই বুলিও স্থানীয়  ৰাইজে সকীয়নি প্ৰদান কৰিছে । 

নদী খনত চলি থকা মহল সমুহ সম্পূৰ্ণ বৈধ আৰু  চৰকাৰী বিধি- নিয়ম অনুযায়ী  চলি আছে। মহল সমুহত কোনোধৰণৰ শিল- বালিৰ চিণ্ডকেটৰাজ চলা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।
 

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/bargang-river-bihali

Links
[1] https://www.newsnextone.com/bargang-river-bihali
[2] https://www.newsnextone.com/bargang-river-bihali/#comments