News Next One
Published on News Next One (https://www.newsnextone.com)

Home > নগাঁওত খাদ্যত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু

22 Oct

নগাঁওত খাদ্যত বিষক্ৰিয়া হৈ এজনৰ মৃত্যু [1]

By NNO Correspondent 0 Comments [2]

নগাঁওঃ  খাদ্যত বিষক্ৰিয়া হৈ আজি এজন লোকৰ মৃত্যু হয় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত। মৃত লোকজনৰ নাম হৈছে আব্দুল মান্নান ৷ জানিব পৰা মতে ৰহাৰ এখন হোটেলত চাহ-চিঙৰা খাই অসুস্থ হৈ পৰিছিল মান্নানসহ চাৰিজন লোক। অসুস্থ হৈ পৰা আন তিনিজনৰ নাম হৈছে- হবিবুৰ ৰহমান , ইক্ৰামূল হুছেইন , ৰফিকুল ইছলাম । এইকেইজনৰ ভিতৰত এজনৰ অৱস্থা অধিক সংকটজনক হোৱাত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আন দুজন নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ আছে ।
উল্লেখযোগ্য যে আজি দুপৰীয়া চাৰিওজনে মিলি একেলগে ৰহা নতুন চাৰি আলিস্থিত এখন হোটেলত চাহ আৰু চিঙৰা খাইছিল।

জয়ন্ত মুদৈ,নগাঁও

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/food-poison

Links
[1] https://www.newsnextone.com/food-poison
[2] https://www.newsnextone.com/food-poison/#comments