News Next One
Published on News Next One (https://www.newsnextone.com)

Home > কোকৰাঝাৰৰ ধাননি পথাৰত যুৱতীৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ

27 Oct

কোকৰাঝাৰৰ ধাননি পথাৰত যুৱতীৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ [1]

By NNO Correspondent 0 Comments [2]

কোকৰাঝাৰৰ ধাননি পথাৰত যুৱতীৰ অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ 

ধৰ্ষণ কৰি জ্বলাই দিয়াৰ সন্দেহ 
মেলাৰ পৰাই সন্ধানহীন হৈছিল যুৱতীগৰাকী 

কোকৰাঝাৰঃ  কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত  গেন্দ্ৰাবিলৰ ধাননি পথাৰত আজি এগৰাকী ছাত্ৰীৰ অৰ্ধদগ্ধ মৃতদেহ হাতভৰি বন্ধা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

পৰিয়ালৰ লোকে সদৰি কৰা মতে কালি গেন্দ্ৰাবিলত অনুষ্ঠিত হোৱা লক্ষ্মীপূজাৰ মেলা চাবলৈ গৈ ছাত্ৰীগৰাকী সন্ধানহীন হৈছিল আৰু আজি সন্ধিয়া যুৱতী গৰাকীক হাতভৰি বন্ধা অৱস্থাত ধাননি পথাৰৰ পৰা অৰ্ধদগ্ধ  মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ মেলাৰ পৰাই ছাত্ৰীগৰাকীক দুৰ্ষ্কৃতিকাৰীয়ে অপহৰণ কৰি নি প্ৰথমে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি পিছত যুৱতী গৰাকীৰ হাত ভৰি বান্ধি জ্বলাই দিয়া বুলি স্থানীয় ৰাইজে সন্দেহ  কৰিছে ৷ উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ চৌপাশে হোৱাই নোহোৱাই অনুষ্ঠিত হৈ থকা মেলাসমুহত অত্যাধিক জুৱাৰ প্ৰভাৱে অঞ্চলতোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি পেলাইছে আৰু এইক্ষেত্ৰত প্ৰশাসনে নীৰৱ ভূমিকা লৈ থকাৰ বাবে ছাত্ৰীহত্যাৰ দৰে বৰ্বৰ ঘটনা সংঘটিত হ'ল বুলি একাংশই মন্তব্য কৰিছে । 

ইপিনে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ব কৰাৰ বাবে উত্থাপন কৰিছে নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে । সংবাদমাধ্যমৰ সতে হোৱা এক বাৰ্তাত অৰবিন্দ নাথে প্ৰশাসনৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি যতে ততে হোৱাই -নোহোৱাই মেলা পতাৰ অনুমতি দি প্ৰশাসনেই সামাজিক পৰিৱেশ বিনষ্টকাৰীৰ ভূমিকাত অবতীৰ্ণ হৈছে বুলি গুৰুতৰ অভিযোগ কৰি মেলাৱসমুহত প্ৰচলন হৈ থকা জুৱা, মাদক দ্ৰব্যই দুৰ্ষ্কৃতিকাৰীক অনাকাক্ষিত কাৰ্য সংঘটিত কৰিবলৈ পাকে প্ৰকাৰে উৎসাহিত কৰিছে বুলি মন্তব্য কৰে । দোষীক ৪৮ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব নোৱাৰিলে প্ৰশাসনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী লোৱা হব বুলি মন্তব্যৰে অৰবিন্দ নাথে প্ৰশাসনৰ মুৰপুলুকা মৰা নীতি সহ্য কৰা নহব বুলিও স্পষ্ট কৰি দিয়ে ।

ধনঞ্জয় নাথ,কোকৰাঝাৰ 

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/kokorajhar-rape

Links
[1] https://www.newsnextone.com/kokorajhar-rape
[2] https://www.newsnextone.com/kokorajhar-rape/#comments