News Next One
Published on News Next One (https://www.newsnextone.com)

Home > পথ দুৰ্ঘটনাত পৰেশ বৰুৱাৰ মৃত্যু! আলফাৰ অস্বীকাৰ

07 Nov

পথ দুৰ্ঘটনাত পৰেশ বৰুৱাৰ মৃত্যু! আলফাৰ অস্বীকাৰ [1]

By NNO Digital Bureau 0 Comments [2]

⇒ বাতৰিটো আপডেট কৰা হৈছে

গুৱাহাটীঃ চীন-ম্যানমাৰ সীমান্তত এক পথ দুৰ্ঘটনাত আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা নিহত হয়। এই কথা প্ৰকাশ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে।

চোৰাংচোৱা সংস্থাৰ তথ্য প্ৰকাশ কৰি 'লুকইষ্ট' নামৰ নিউজ প'ৰ্টেলটোৱে জনোৱা মতে লাভ কৰা তথ্যৰ সত্যতা চোৰাংচোৱা সংস্থাসমূহে নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে।

ভাৰতীয় চোৰাংচোৱাই 'চিজিণ্ট', অৰ্থাৎ ৰেডিঅ' তৰংগৰ সংকেত বিশ্লেষণৰ জৰিয়তে এই তথ্য এসপ্তাহৰ আগতেই লাভ কৰিছিল যদিও আলফা (স্বাধীন)ৰ তৰফৰপৰা কোনো তথ্য এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই।

চীন-ম্যানমাৰ সীমান্তৰ ৰুইলি নামৰ ঠাইখনত সংঘটিত দুৰ্ঘটনাটোত পৰেশ বৰুৱাৰ কামিহাড় আৰু ভৰিৰ হাড় ভাঙি গুৰুতৰভাৱে আহত হয় আৰু এই আঘাটতে তেওঁৰ মৃত্যু হয়।

নাম প্ৰকাশত অনিচ্ছুক চোৰাংচোৱা সংস্থাৰ বিষয়া এজনে কয় যে ভাৰতীয় চোৰাংচোৱাই দুৰ্ঘটনা সংঘটিত হোৱা কথাটো নিশ্চিত কৰিছে যদিও বৰুৱাৰ মৃত্যুক লৈ তেওঁলোক নিশ্চিত নহয়।

উল্লখ্য যে ৯ বছৰ পূৰ্বে ভাৰত চৰকাৰে বাংলাদেশৰ ওপৰত হেঁচা প্ৰয়োগ কৰাত আলফাই তেওঁলোকৰ ঘাটিসমূহ বাংলাদেশৰপৰা চীন-ম্যানমাৰ সীমান্তলৈ উঠাই লৈ গৈছিল।

ইফালে এই বাতৰি বিয়পি পৰাৰ লগে লগে আলফা (স্বাধীন)-এ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত ইয়াক ন্যস্ত স্বাৰ্থজড়িত মহলৰ অপপ্ৰচাৰ বুলি অভিহিত কৰিছে। সংগঠনটোৱে কয় যে সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কোনো দুৰ্ঘটনা হোৱা নাই আৰু তেওঁ সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। 

Author

NNO Digital Bureau's picture

NNO Digital Bureau


Source URL: https://www.newsnextone.com/pb-dead-intellegence

Links
[1] https://www.newsnextone.com/pb-dead-intellegence
[2] https://www.newsnextone.com/pb-dead-intellegence/#comments