News Next One
Published on News Next One (https://www.newsnextone.com)

Home > ধৰ্মপুথিক অসন্মান কৰি ৰঙাঘৰত যুৱক

07 Nov

ধৰ্মপুথিক অসন্মান কৰি ৰঙাঘৰত যুৱক [1]

By NNO Correspondent 0 Comments [2]

ছিপাঝাৰঃ ধৰ্মীয় উপাসনা স্থানত কাতিমহীয়া পুথিপাঠ অনুস্থানত এজন যুৱকে শ্ৰীমদ্ভাগৱত পুথি ৰাইজৰ মাজতে ফালি পেলোৱা এক ঘটনাই দৰং জিলাৰ ছিপাঝাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

কাতি মাহ উপলক্ষে মঙলবাৰে নিশা পুথি পাঠ চলি থকাৰ সময়ত লোজোৰা গাঁৱৰ ভাস্কৰজ্যোতি ডেকা নামৰ যুৱকজনে সুৰাসক্ত অৱস্থাত মাতাল হৈ আহি মন্দিৰত প্ৰৱেশ কৰি অভাৱনীয় ভাৱে শ্ৰীমদ্ভাগৱত পুথিখন প্ৰথমে মাটিত থেকেচি, ভৰিৰে গচকি পাছত ছিৰাছিৰকৈ ছিঙি পেলোৱাৰ গুৰুতৰ অভিযোগ কৰে স্থানীয় লোকে৷

এই কাৰ্যত ৰাইজ ক্ষোভিত হৈ যুৱকজনক আটক কৰি পাথৰিঘাট আৰক্ষী চকীত গতাই দিয়ে৷ যুৱকজনে এই দুষ্কাৰ্য সংঘতিত কৰি বৰ্তমান ৰঙা ঘৰৰ আলহী হ’বলগা হৈছে।

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/sipajhar-religious-book

Links
[1] https://www.newsnextone.com/sipajhar-religious-book
[2] https://www.newsnextone.com/sipajhar-religious-book/#comments