News Next One
Published on News Next One (https://www.newsnextone.com)

Home > কপলিং ছিগিল তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছৰ

22 Nov

কপলিং ছিগিল তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছৰ [1]

By NNO Digital Bureau 0 Comments [2]

চলন্ত অৱস্থাতেই যাত্ৰীৰ দবা এৰি চলি থাকিল বেংগালুৰু-তিনিচুকীয়া এক্সপ্ৰেছ
দবাবিহীন ইঞ্জিন গ'লগৈ এক কিল'মিটাৰ 

আলিপুৰদুৱাৰঃ সকলোৰে চাগৈ মনত আছে ডঃ লীলা গগৈৰ বিখ্যাত হাস্যৰসৰ গ্ৰন্থ 'কপিলং ছিগা ৰেল'। স্বাধীনতাৰ আগে-পিছে উজনি অসমত চলা ৰে'লগাড়ীসমূহৰ প্ৰায়ে কপলিং ছিঙি যায় আৰু শুদা ইঞ্জিনটো গৈ পৰৱৰ্তী ষ্টেচন পায়গৈ। পিছে এনে এটা ঘটনাই ঘটিল আজিৰ যুগতো। চলি থাকোতেই ৰে'লগাড়ীৰ দবা এৰি তীব্ৰ গতিত চলি গ’ল ইঞ্জিন৷

এইদৰে প্ৰায় ১ কিল'মিটাৰ চলি যোৱাৰ পাছতহে চেতনা আহিল চালকৰ৷ বৃহস্পতিবাৰে পুৱাই এই ঘটনাটো ঘটিছে আলিপুৰদুৱাৰৰ মাদাৰিহাট আৰু মুজনাই ষ্টেচনৰ মাজৰ ৰাঙালিবজাৰৰ ওচৰত৷ এই ঘটনাটোত কোনো লোক হতা-হত হোৱা নাই যদিও তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ যাত্ৰীসকল তীব্ৰ আতংকত ভূগিছিল৷ ঘটনাটো ঘটাৰ প্ৰায় দুঘণ্টাৰ পাছত ইঞ্জিনৰ সৈতে দবাবোৰ সংযোগ কৰি ৰে'লগাড়ীখনে পুনৰ যাত্ৰা আৰম্ভ কৰে৷ 

স্থানীয় সূত্ৰ অনুসৰি আলিপুৰদুৱাৰৰ মাদাৰিহাট আৰু মুজনাই ষ্টেচনৰ মাজৰ ৰাঙালীবজাৰৰ ওচৰত চলন্ত ৰে'লগাড়ীখন ইঞ্জিনৰ সৈতে বিছিন্ন হৈ যায়৷ ৰে'লগাড়ীখনৰ দবাবোৰ এৰি ইঞ্জিনটোৱে হঠাৎ তীব্ৰ গতিত আগবাঢ়ি যায়৷ এনেদৰে প্ৰায় এক কিল'মিটাৰ দূৰ যোৱাৰ পাছতহে ৰে'লখনৰ চালকজনে কথাটো গম পায়৷ দবাবোৰক এৰি এইদৰে ৰে'লখনৰ ইঞ্জিনটো গুচি যোৱাত যাত্ৰীসকলে ভয়ত চিঞৰ-বাখৰ কৰাত ৰে'ল লাইনৰ সমীপত বাস কৰা মানুহবোৰ ওলাই আহে আৰু  চালকৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰে৷

পাছত নিজৰ ভুল বুজিব পাৰি চালকজনে ইঞ্জিনটো ওভতাই আনে৷ ঘটনাটো ঘটাৰ লগে লগে স্থানীয় ৰে'ল আৰক্ষীক খবৰ দিয়া হয়৷ ঘটনাটো খবৰ পোৱাৰ লগে লগে ৰে'ল আৰক্ষী উপস্থিত হয় আৰু দবাৰ লগত ইঞ্জিনৰ সংযোগ কৰা কামত সহযোগ কৰে৷ তাৰ পাছতো ৰে'লগাড়ীখনৰ বিজুতি ওলায় আৰু আলিপুৰদুৱাৰত ৰে'ল বিভাগৰ ইঞ্জিনিয়াৰসকলে সেই বিজুতি প্ৰায় এঘণ্টা ধৰি মেৰামতি কৰাৰ পাছতহে ৰে'লগাড়ীখন গন্তব্যস্থানলৈ ৰাওনা হয়৷ 

আজি পুৱা ঘটা এই ঘটনাটোৰ বিষয়ে উত্তৰ-পূব ৰে'লৱেৰ আলিপুৰ ডিভিজনৰ ফালৰপৰা জনোৱা হৈছে যে ৰে'লগাড়ীখনৰ ইঞ্জিন আৰু দবাৰ মাজত থকা কাপলিঙত হোৱা বিজুতিৰ বাবেই এই ঘটনাটো ঘটা ঘটিল৷ ৰে'ল বিভাগে ইতিমধ্যে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷

Author

NNO Digital Bureau's picture

NNO Digital Bureau


Source URL: https://www.newsnextone.com/tinsukia_bengaluru_express_engine_detached

Links
[1] https://www.newsnextone.com/tinsukia_bengaluru_express_engine_detached
[2] https://www.newsnextone.com/tinsukia_bengaluru_express_engine_detached/#comments