News Next One
Published on News Next One (https://www.newsnextone.com)

Home > কাৰ্বি আংলংৰ খটখটিত তেল পৰিবাহী টেংকাৰ পাৰ্কিংত দাউ দাউকৈ জ্বলি উঠিল এটা গুদাম ঘৰ

02 Dec

কাৰ্বি আংলংৰ খটখটিত তেল পৰিবাহী টেংকাৰ পাৰ্কিংত দাউ দাউকৈ জ্বলি উঠিল এটা গুদাম ঘৰ [1]

By NNO Correspondent 0 Comments [2]

আৰক্ষী বিষয়াৰ সন্মুখতেই ৰাজপেলেচ হোটেলৰ স্বতাধিকাৰী মুলচান্দ ৰাথোৰে হাতত উদ্যত পিষ্টল লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে

কাৰ্বি আংলঃ  অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি এলেকাৰ এটা পাৰ্কিংত হঠাতে দাউ দাউকৈ জ্বলি উঠিল এটা ঘৰ ৷ বোকাজান মহকুমাৰ মাজেদি চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত খটখটি এলেকাৰ এটা পাৰ্কিংত থকা এটা বাহৰ ঘৰত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷ 

পাৰ্কিংত থকা উক্ত ঘৰটোত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত ঘৰটো জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ উপৰিও সমগ্ৰ অঞ্চলটোৰ লগতে আকাশৰ বহু ওপৰলৈও কলা ধোঁৱাই ছানি ধৰে ৷ তাৰোপৰি পাৰ্কিংস্থলীৰ কাষতে থকা ৰাজপেলেচ নামৰ এখন হোটেলত জুইৰ শিখাই চুই যোৱাত হোটেলখনৰ কিছু অংশ ক্ষতি হয় যদিও ঘটনাস্থলীত বোকাজান অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ উপস্থিত হোৱাৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে হোটেলখনৰ লগতে বৃহৎ অঞ্চলটো ৷

উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্য মণিপুৰত সঘনাই সংঘটিত হৈ থকা বিক্ষিপ্ত হিংস্ৰ ঘটনাৰাজিৰ বাবে ৰাজ্যখনলৈ যোৱা তেল পৰিবাহী টেংকাৰ সমূহ নিৰাপত্তা বেষ্টনীৰ মাজেৰে দুই তিনি দিনৰ অন্তৰে অন্তৰে বোকাজানৰ পৰা মণিপুৰলৈ প্ৰেৰণ কৰা হয় ৷ এই টেংকাৰ সমূহ নিৰাপত্তা বেষ্টনীৰ মাজেৰে মণিপুৰলৈ প্ৰেৰণ কৰিবৰ বাবে বোকাজান মহকুমাৰ খটখটি এলেকাত দুই তিনি দিনৰ বাবে কেইবাটাও পাৰ্কিংত ৰখাই থোৱা হয় ৷ এই পাৰ্কিং সমূহৰ সুবিধা লৈয়ে এচাম অসাধু ব্যৱসায়ীয়ে নিশাৰ ভাগত টেংকাৰসমূহৰ পৰা তেল চুৰি কৰি অহা অভিযোগ দীৰ্ঘদিনীয়া ৷ 

ভিডিঅ লিংক -- 

https://www.youtube.com/watch?v=nhWepiSYUPE&feature=youtu.be [3]

 স্থানীয় ৰাইজে আজিৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা ঘৰটোত টেংকাৰ সমূহৰ পৰা চুৰি কৰা তেল মজুত কৰি থোৱাৰ ফলতেই আজিৰ এই অগ্নিকাণ্ডৰ ঘটনাৰ সুত্ৰপাত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ উল্লেখযোগ্য যে অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোৰ নিচেই কাষতে এখন খালী টেংকাৰ ৰখাই থোৱা আছিল যদিও স্থানীয় ৰাইজৰ তৎপৰতাত গাড়ীখন অগ্নিদগ্ধ হোৱাৰ পৰা ৰক্ষা পৰাৰ লগতে পাৰ্কিংটোত থকা অন্য বহুকেইখন তেলভৰ্তি টেংকাৰৰ লগতে বৃহৎ অঞ্চলটো সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে বোকাজান আৰু ডিমাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীয়ে অতি তৎপৰতাৰে অগ্নি নিৰ্বাপণ কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰখা সময়তে তথা খটখটি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াৰ সন্মুখতেই ৰাজপেলেচ হোটেলৰ স্বতাধিকাৰী মুলচান্দ ৰাথোৰে হাতত উদ্যত পিষ্টল লৈ পাৰ্কিংস্থলীত এক অপ্ৰতীকৰ পৰিস্থিতিৰ সৃষ্টি কৰাত ঘটনাস্থলীত উপস্থিত ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হয় ৷

প্ৰাণদ্বীপ চেতিয়া,ব্যুৰ’,কাৰ্বি আংলং

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/fire-on-karbi-anglong-tanker

Links
[1] https://www.newsnextone.com/fire-on-karbi-anglong-tanker
[2] https://www.newsnextone.com/fire-on-karbi-anglong-tanker/#comments
[3] https://www.youtube.com/watch?v=nhWepiSYUPE&feature=youtu.be