News Next One
Published on News Next One (https://www.newsnextone.com)

Home > বেঙ্কৰ ধন উলিয়াবলৈ গৈ হত্যাৰ বলি হ’ল বিশ্বনাথৰ পাপৰি

25 Dec

বেঙ্কৰ ধন উলিয়াবলৈ গৈ হত্যাৰ বলি হ’ল বিশ্বনাথৰ পাপৰি [1]

By NNO Correspondent 0 Comments [2]

বিশ্বনাথঃ বিশ্বনাথৰ বামগাঁওৰ যোৱাকালিৰ পৰা সন্ধানহীন হৈ থকা  পাপৰি বৰুৱা নামৰ মহিলা এগৰাকীৰ মৃতদেহ আজি কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সমীপৰ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে প্ৰায় ৪০ বছৰীয়া পাপৰি বৰুৱাই যোৱাকালি বিশ্বনাথ চাৰিয়ালিৰ কোনোবা এটা বেঙ্কলৈ ধন উলিয়াবলৈ গৈছিল৷ বেঙ্কৰ পৰা নগদ ধন উলিওৱাৰ পিছত দিনৰ ২ বজাৰ পিছৰ পৰা পাপৰি বৰুৱা সন্ধাহীন হৈ আছিল৷

পৰিয়ালৰ লোকে বহুত বিচাৰ-সোচাৰ কৰাৰ পিচত আজি ৰাতিপুৱা কলিয়াবৰৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সমীপৰ এজোপা গছত পাপৰি বৰুৱাৰ মৃতদেহটো ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়৷

মহিলাগৰাকীয়ে বেঙ্কৰ পৰা উলিওৱা নগদ ধন লুট কৰিবলৈকে কোনো দুষ্টচক্ৰই এনেদৰে মহিলাগৰাকীক হত্যা কৰি গছত ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি সচেতন ৰাইজে সন্দেহ কৰিছে৷ স্থানীয় ৰাইজে বিষয়টো ভালদৰে তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে৷

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/biswanath-chariali-murder-case1

Links
[1] https://www.newsnextone.com/biswanath-chariali-murder-case1
[2] https://www.newsnextone.com/biswanath-chariali-murder-case1/#comments