News Next One
Published on News Next One (https://www.newsnextone.com)

Home > নৱ কুমাৰ শৰণীয়াৰ আবেগৰ ৰাজনীতি আৰু নচলেঃ প্ৰাক্তন অগপ নেতা জমিৰুদ্দিন আহমেদ

11 Apr

নৱ কুমাৰ শৰণীয়াৰ আবেগৰ ৰাজনীতি আৰু নচলেঃ প্ৰাক্তন অগপ নেতা জমিৰুদ্দিন আহমেদ [1]

By NNO Correspondent 0 Comments [2]

তামুলপুৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিত বিগত নিৰ্বাচনত বড়ো-অবড়োৰ নামত আবেগ সৃষ্টি কৰি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল নৱ কুমাৰ শৰণীয়া। কিন্তু সমষ্টিটোত বড়ো-অবড়োৰ ৰাজনীতি আৰু নচলে। সমগ্ৰ বিটিএডিৰ ৰাইজে বুজি উঠিছে যে বড়ো-অবড়োৰ ৰাজনীতি কৰি কোনো লাভ নায়। সেয়ে নৱ কুমাৰ শৰণীয়াৰ ৰাজনীতি আৰু নচলে। এই ভাষ্য প্ৰাক্তন অগপ নেতা জমিৰুদ্দিন আহমেদৰ। 

অলপতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলত যোগদান কৰা জমিৰুদ্দিন আহমেদে বুধবাৰে তামুলপুৰত সংবাদ মাধ্যমৰ আগত এই মন্তব্য আগবঢ়ায়। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিএডিত বসবাস কৰা বড়ো আৰু অবড়োৰ মাজত থকা দীৰ্ঘদিনীয়া সম্প্ৰীতি বিনষ্ট কৰিছে। বড়ো আৰু অবড়োৰ নামত বিভেদৰ বীজ ৰোপণ কৰিছে। বিগত নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াই বিটিচি বাতিল কৰা, বিটিচিৰপৰা অবড়ো গাঁও কৰ্তন কৰা আদিকে ধৰি অবড়ো ৰাইজক দিয়া এটা প্ৰতিশ্ৰুতিও পালন কৰিব নোৱাৰিলে। এইবাৰৰ নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব বুলিও আহমেদে দাবী কৰে। 

বিটিএডি অঞ্চলত বিপিএফ দলে প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ উন্নয়নৰ বাবে কাম কৰি আহিছে। সমান্তৰালভাৱে বিপিএফ দলে আঞ্চলিকতাবাদৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। আঞ্চলিকতাবাদী ৰাজনীতিক বিশ্বাস কৰি বিপিএফ দলৰ আঞ্চলিকতাবাদী চৰিত্ৰৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ বিপিএফ দলত যোগদান কৰিছে। অনাগত দিনত বিপিএফ দলৰ মজিয়াত থাকি সকলো জাতি-জনগোষ্ঠী লোকৰ হৈ সেৱা কৰি যাব বুলি তেওঁ সদৰী কৰে। 

সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত তেওঁ কয় যে বিটিএডিৰ সাম্প্ৰতিক পৰিস্থিতিত এজেপি নাইবা কংগ্ৰেছৰ কোনো কাম নাই। সমাগত নিৰ্বাচনত বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে, বিগত ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত তামুলপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা প্ৰাক্তন অগপ নেতা জমিৰুদ্দিন আহমেদে অলপতে শতাধিক সমৰ্থকক লৈ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/tamulpur-naba-kumar-sarania

Links
[1] https://www.newsnextone.com/tamulpur-naba-kumar-sarania
[2] https://www.newsnextone.com/tamulpur-naba-kumar-sarania/#comments