News Next One
Published on News Next One (https://www.newsnextone.com)

Home > দেশৰ ৰাজনীতিৰ ভৱিষ্যত গঢ়িবলৈ এখোজ নৱ-প্ৰজন্ম

11 Apr

দেশৰ ৰাজনীতিৰ ভৱিষ্যত গঢ়িবলৈ এখোজ নৱ-প্ৰজন্ম [1]

By NNO Digital Staff 0 Comments [2]

গুৱাহাটীঃ সকলো জল্পনা কল্পনা অন্ত পেলাই অৱশেষত পুৱা ৭ বজাৰপৰা আৰম্ভ হৈছে দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন প্ৰক্ৰিয়া। দেশৰ ২০ খন ৰাজ্যৰ মুঠ ৯১ টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সেই অনুসৰি অসমৰো পাঁচ সমষ্টিত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। পাঁচটা সমষ্টিত মুঠ ৭৬,০৩,৪৫৮ গৰাকীৰ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৪১ গৰাকীৰ প্ৰাৰ্থীৰ। তাৰ বাবে মুঠ ৯৫৭৪ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, লখিমপুৰ, তেজপুৰ লোকসভাৰ সমষ্টিত হৈছে এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

আনহাতে পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰ সমূহত দেখিবলৈ পোৱা গৈছে ভোটদাতাৰ দীঘলীয়া শাৰী। শেহতীয়া খবৰ অনুসৰি দুই এটা ভোটগ্ৰহন কেন্দ্ৰত ভোটিং মেচিন বিকল বাহিৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

এইবাৰ যুৱ ভোটাৰে প্ৰাৰ্থী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিব এক গুৰুত্বপূৰ্ণ ভূমিকা। প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে পুৱা ভাগত যুৱভোটাৰৰ দীঘলীয়া শাৰী।

আনহাতে, ভোটগ্ৰহণ কেন্দ্ৰসমূহত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিত সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনৰ ফালৰপৰা গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

প্ৰথমবাৰৰ বাবে ভোটিং মেচিন সমূহত সংযোজন কৰা হৈছে এক নতুন কৌশল ব্যৱস্থা৷ সেই অনুসৰি ভোটাৰ জনে ভোট দিয়াৰ লগে লগে তেওঁ কাক ভোট দিছে, তেওঁ দিয়া সঠিক ভোটপ্ৰদান সেই ব্যক্তিজনে পাইছে নাই সেই কথাও ভোটদাতাই জানিব পাৰিব। 

আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এইবাৰ প্ৰতিটো সমষ্টিৰে পাছতকৈ ভোটিং মেচিন দুটা পৰ্যায়ত কাউন্টিং কৰিব লাগিব। প্ৰথমে ইলেকট্ৰ’নিক কাউন্টিং আৰু দ্বিতীয়তে প্ৰথমবাৰৰ বাবে সংযোজন কৰা ইলেকট্ৰ’নিক ভি ভি পেডৰ ৰিছিভ কাউন্ট কৰা হ’ব৷

Author

NNO Digital Staff's picture

NNO Digital Staff


Source URL: https://www.newsnextone.com/all-assam-vote-1st-day-young-generation1

Links
[1] https://www.newsnextone.com/all-assam-vote-1st-day-young-generation1
[2] https://www.newsnextone.com/all-assam-vote-1st-day-young-generation1/#comments