News Next One
Published on News Next One (https://www.newsnextone.com)

Home > বোকাখাতৰ জ্যোতিপুৰত ভোটদান অগপৰ সভাপতি অতুল বৰাৰ

11 Apr

বোকাখাতৰ জ্যোতিপুৰত ভোটদান অগপৰ সভাপতি অতুল বৰাৰ [1]

By NNO Correspondent 0 Comments [2]

কাজিৰঙাঃ বোকাখাতৰ জ্যোতিপুৰত ভোটদান কৰিলে অগপৰ সভাপতি অতুল বৰাই৷

লোকসভা নিৰ্বাচনৰ বৃহস্পতিবাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত বোকাখাতৰ ৮০ নং জ্যোতিপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই৷

ৰাইজৰ সৈতে শাৰী পাতি ভোটদান কৰি উঠাৰ পাছত বৰাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এইবাৰৰ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেৱল কলিয়াবৰতেই নহয় সকলো সমষ্টিতেই জয়লাভ কৰিব বুলি কয়।

তদুপৰি আজি নিৰ্বাচন অনুষ্ঠিত ৫ টা সমষ্টিত মিত্ৰজোঁটেই জয়ী হ’ব বুলি তেওঁ দাবী কৰে।
বোকাখাতৰ ১৮১ টা ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়। অৱশ্যে মহকুমাটোৰ জ্যোতিপুৰ, টাউন এলপি স্কুল আৰু গৰৈমাৰী কেন্দ্ৰত কিছু পলমকৈ ভোটগ্ৰহণ অনুষ্ঠিত হয়।

ফৰকাল বতৰৰ বাবে মহকুমাটোত ভোটদানৰ হাৰ যথেষ্ট ভাল হোৱা পৰিলক্ষিত হয়৷ জিলা নিৰ্বাচনী বিষয়া বিবেক শ্যামে জনোৱা মতে সমষ্টিটোত বিয়লি ৩ বজালৈ ৬১.০৭ শতাংশ ভোটাৰে ভোটদান কৰে৷

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/kaziranga-atul-bora-vote-casting

Links
[1] https://www.newsnextone.com/kaziranga-atul-bora-vote-casting
[2] https://www.newsnextone.com/kaziranga-atul-bora-vote-casting/#comments