News Next One
Published on News Next One (https://www.newsnextone.com)

Home > মৰিগাঁৱত ৮১২ ভোটগ্ৰহণ কেন্দ্রত ৫,৮৩,৭৬৯ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ

17 Apr

মৰিগাঁৱত ৮১২ ভোটগ্ৰহণ কেন্দ্রত ৫,৮৩,৭৬৯ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ [1]

By NNO Digital Bureau 0 Comments [2]

মৰিগাঁওঃ বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও জিলাৰ দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।

এই সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্ত ঋতু ৰাজ বৰাই সংবাদ মাধ্যমৰ আগত কয়, লোকসভাৰ নিৰ্বাচনটো মৰিগাঁও জিলাত যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় তাৰ বাবে সকলোকে সহায় সহযোগিতা কৰিবলৈ আাহ্বান জনায়। 

উপায়ুক্ত বৰাই কয়, ''লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে আমি সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছোঁ।’’ জিলাখনত সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত বদ্ধপৰিকৰ বুলি মন্তব্য কৰি উপায়ুক্ত বৰাই কয়, জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত মুঠ ৫,৮৩,৭৬৯ জন ভোটাৰে ভোটদান কৰিব। ইয়াৰে ২,৯৮,২৩৫ জন পুৰুষ আৰু ২,৮৫,৫০৮ গৰাকী মহিলা। 

তদুপৰি জাগীৰোড বিধানসভা সমষ্টিৰ মুঠ ২,২১,৭৩০ জন ভোটাৰৰ ১,১৩,০০৩ জন পুৰুষ আৰু ১,০৮,৭১২ গৰাকী মহিলা। মৰিগাঁও বিধানসভা সমষ্টিৰ মুঠ ১,৮৩,৬৩১ জন ভোটাৰে ৯২,০৫৮ জন পুৰুষ আৰু ৯১,৫৬৬ গৰাকী মহিলা। লাহৰীঘাট বিধান সভাৰ সমষ্টিৰ মুঠ ১,৭৮,৪০৮ জন ভোটাৰে ৯৩,১৭৪ জন পুৰুষ আৰু ৮৫,২২৮ গৰাকী মহিলা। ৮১২ টা ভোট  কেন্দ্রত অনুষ্ঠিত হব লগীয়া ভোট গ্ৰহন প্ৰক্ৰিয়াৰ বাবে ৪২০০ কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ইয়াৰে ৬৬ জন ছেক্টৰ বিষয়া আৰু ১৫ জন জ’নেল বিষয়াক নিয়োগ কৰা হৈছে।

ইফালে পঞ্চায়ত নিৰ্বাচনত নিয়োজিত কৰা দৰে বৰ্তমান নিৰ্বাচনটো ৬ টা ভোটগ্ৰহণ কেন্দ্রত সকলো মহিলা কৰ্মচাৰীক নিয়োগ কৰা হৈছে বুলি মন্তব্য কৰে উপায়ুক্ত বৰাই। ইফালে জিলাখনৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে মৰিগাঁও আৰক্ষী প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলিও উল্লেখ কৰে।

Author

NNO Digital Bureau's picture

NNO Digital Bureau


Source URL: https://www.newsnextone.com/morigaon-election-17-4

Links
[1] https://www.newsnextone.com/morigaon-election-17-4
[2] https://www.newsnextone.com/morigaon-election-17-4/#comments