News Next One
Published on News Next One (https://www.newsnextone.com)

Home > দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া পাঁচ সমষ্টি কংগ্ৰেছৰ স্থিতি সবলঃ ৰিপুন বৰা

17 Apr

দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া পাঁচ সমষ্টি কংগ্ৰেছৰ স্থিতি সবলঃ ৰিপুন বৰা [1]

By NNO Digital Staff 0 Comments [2]

গুৱাহাটীঃ বৃহস্পতিবাৰে দেশৰ ১৩ খন ৰাজ্যৰ মুঠ ৯৭ টা সমষ্টিত অনুস্থিত হ’ব দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন।

অসমৰো পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব এই দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ ঘোষণা, দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া অসমৰ পাঁচটা সমষ্টিতে কংগ্ৰেছৰ স্থিতি সবল। 

তেওঁ লগতে কয়, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰভাৱ পৰিছে দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া  সমষ্টিসমূহত।

আনহাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ইছ্যুসমূহেও কংগ্ৰেছক লাভৱান্বিত কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বৰাই কয়, ধৰ্মনিৰপেক্ষতা ভাৰতীয় জনজীৱনৰ অংশ কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ধৰ্মনিৰপেক্ষতাক ধংসৰ মুখলৈ ঠেলি দিছে।

Author

NNO Digital Staff's picture

NNO Digital Staff


Source URL: https://www.newsnextone.com/tb-ripun-17-4

Links
[1] https://www.newsnextone.com/tb-ripun-17-4
[2] https://www.newsnextone.com/tb-ripun-17-4/#comments