News Next One
Published on News Next One (https://www.newsnextone.com)

Home > ভোটগ্ৰহণৰ বাবে সাজু বোকাজান মহকুমা প্ৰশাসনঃ ৪৮ গাড়ীত জিপিআৰএছ ব্যৱস্থা

18 Apr

ভোটগ্ৰহণৰ বাবে সাজু বোকাজান মহকুমা প্ৰশাসনঃ ৪৮ গাড়ীত জিপিআৰএছ ব্যৱস্থা [1]

By NNO Digital Bureau 0 Comments [2]

কাৰ্বি আংলংঃ ভাৰতীয় নিৰ্বাচন আয়োগে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা পাছত তিনি পাৰ্বত্য জিলা ক্ৰমে পূব কাৰ্বি আংলং জিলা, পশ্চিম কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলাক সামৰি তিনি নং ডিফু লোকসভা সমষ্টিত বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰৰ অন্ত পৰে।

প্ৰশাসনে সমষ্টিটোত শান্তিপূৰ্ণ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে ভোটগ্ৰহণ কৰিবলৈ প্ৰশাসনিক কাম-কাজসমূহো যুদ্ধংদেহী তৎপৰতাৰে সম্পূৰ্ণ কৰি তুলিছে৷ বুধবাৰে নিৰ্বাচনী বিষয়া তথা বোকাজান মহকুমাৰ মহকুমাধিপতি সতীশ চন্দ্ৰ ঠাকুৰীয়াই বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমৰ অস্থায়ী পৰ্যবেক্ষক কক্ষত এক সংবাদমেলৰ আয়োজন কৰে৷

এই সংবাদমেলত নিৰ্বাচনী বিষয়া তাহিৰ আলম, অতিৰিক্ত সহকাৰী আয়ুক্তদ্বয় বেমথই আহম চানু, ভাস্কৰজ্যোতি কলিতাই সমাগত লোকসভা নিৰ্বাচন পৰিচালনাৰ সম্পৰ্কত লোৱা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে৷ বোকাজান বিধানসভা সমষ্টিৰ বাবে ইতিমধ্যে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এ আৰু বি কেটগ'ৰীৰ ইভিএম মেচিন, বোকাজান মহকুমাধিপতিৰ কাৰ্যালয়ত চি কেটগ'ৰীৰ ইভিএম মেচিন আৰু সৰিয়হজানস্থিত জলসিঞ্চন বিভাগৰ অতিথিশালাত ডি কেটগ'ৰীৰ ইভিএম মেচিন ৰখাৰ বাবে তিনিটাকৈ ষ্ট্ৰং ৰূম ইতিমধ্য সাজু কৰি তুলিছে৷ 

সমষ্টিটোৰ মুঠ ২১২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ যাতায়তৰ বাবে ইতিমধ্যে ৫০ খনৰো অধিক গাড়ী অধিগ্ৰহণ কৰাৰ লগতে অন্য ৪৮ খন গাড়ীত জিপিআৰএছ ব্যৱস্থা স্থাপন কৰাৰ কথাও উল্লেখ কৰে৷ 

কাইলৈ হ’ব লগা ভোটগ্ৰহণৰ বাবে বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ২১২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা ষ্ট্ৰং ৰুমৰ পৰা ভোটগ্ৰহণৰ সামগ্ৰী লৈ প্ৰিজাইডিং, পুলিং বিষয়াসকল ৰাওনা হোৱাৰ লগতে ইভিএম আৰু ভিভি পেট মেচিনসমূহ ব্যৱহাৰৰ সম্পূৰ্ণ উপযোগী হৈ থকা তথা জ্যেষ্ঠ নাগৰিক আৰু অন্ধ লোকৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তিসকলক ভোট কেন্দ্ৰত বহিবৰ বাবে আছুতীয়া কোঠাৰ ব্যৱস্থা কৰা হৈছে বুলি আজিৰ সংবাদমেলৰ যোগেদি জানিবলৈ দিয়ে জিলা নিৰ্বাচনী বিষয়া তথা বোকাজান মহকুমাৰ মহকুমাধিপতি সতীশ চন্দ্ৰ ঠাকুৰীয়াই৷

উল্লেখ্য যে ইতিমধ্যে মুঠ ২১২ টা ভোটকেন্দ্ৰলৈ ৰাওনা হোৱা প্ৰিজাইডিং, পুলিং বিষয়াসকলৰ ভিতৰত বৰ্তমান সময়লৈ ১৯৯ টা ভোটকেন্দ্ৰত বিষয়াসকল গৈ উপস্থিত হৈছ বুলি জানিবলৈ দিয়ে৷ ইপিনে বিষয়াসকল যোৱা ৪/৫ খন গাড়ীৰ যান্ত্ৰিক বিজুতি ঘটিছিল যদিও নিৰ্বাচনী নিয়ন্ত্ৰণ কক্ষৰ তৎপৰতাত গাড়ীসমূহ পুনৰ চলাচলৰ সক্ষম কৰি তোলাৰ লগতে বিষয়াসকল কিছু পলমকৈ হ’লেও ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হয় বুলি জানিবলৈ দিয়ে নিৰ্বাচনী বিষয়াগৰাকীয়ে৷

আজি নিশালৈ নিৰ্বাচনী পৰ্যবেক্ষকে বোকাজান মহকুমাৰ নিৰ্বাচনৰ অস্থায়ী নিৰ্বাচনী নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈ নিৰ্বাচনৰ সকলো দিশৰ দায়িত্ব গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়াৰ লগতে সমষ্টিটোত শান্তিপূৰ্ণ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ সকলো পক্ষৰ সহযোগিতা কামনা কৰে জিলা নিৰ্বাচনী বিষয়া তথা বোকাজান মহকুমাৰ মহকুমাধিপতি সতীশ চন্দ্ৰ ঠাকুৰীয়াই৷

Author

NNO Digital Bureau's picture

NNO Digital Bureau


Source URL: https://www.newsnextone.com/bokajan-election-17-4

Links
[1] https://www.newsnextone.com/bokajan-election-17-4
[2] https://www.newsnextone.com/bokajan-election-17-4/#comments