News Next One
Published on News Next One (https://www.newsnextone.com)

Home > নগাঁও-মঙলদৈত বৃহৎ ব্যৱধানত জয়লাভ কৰিব কংগ্ৰেছেঃ হৰিশ ৰাৱাত

18 Apr

নগাঁও-মঙলদৈত বৃহৎ ব্যৱধানত জয়লাভ কৰিব কংগ্ৰেছেঃ হৰিশ ৰাৱাত [1]

By NNO Digital Staff 0 Comments [2]

গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যয়ৰ ভোটগ্ৰহণ চলি থকা সময়তে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাতে এক সংবাদ মেল সম্বোধন কৰি দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ অসমৰ পাঁচটা সমষ্টিতে কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰিব বুলি উল্লেখ কৰিছে।

নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু মঙলদৈত ভুবনেশ্বৰ কলিতাই বৃহৎ ব্যৱধানত জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে। ইয়াৰ উপৰিও তেওঁ সংবাদ মেলত কয় ডিফু লোকসভাৰ সমষ্টিতো ৰাজনৈতিক পৰিৱেশ নাটকীয়ভাৱে পৰিৱৰ্তন হৈছে। ফলত ডিফু আসনখনো কংগ্ৰেছ দলে দখল কৰিব।

আনহাতে বিজেপিয়ে কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতা হৈছে বুলি প্ৰচাৰ চলোৱা সন্দৰ্ভত ৰাৱাতে কয় যে  কোকৰাঝাৰ, ধুবুৰী, বৰপেটাৰৰ কোনো ঠাইতে আজমলৰ সৈতে মিত্ৰতা হোৱা নাই। কাৰণ কংগ্ৰেছ দলে কোনো সাম্প্ৰদায়িক ৰাজনীতিকে দেশৰ মংগলৰ বাবে গ্ৰহণযোগ্য নহয় বুলি বিবেচনা কৰে।

বিজেপিয়ে নিৰ্বাচনৰ নামত কোটি কোটি টকা খৰচ কৰাৰ প্ৰসংগ উথাপন কৰি ৰাৱাতে কয়, কংগ্ৰেছে ধন বলেৰে নিৰ্বাচন খেলা নাই।

'কেব’ আনিম বুলি কোৱা পাছতো অগপই বিজেপি লগত পুনৰ মিত্ৰতা কৰাৰ সন্দৰ্ভত তেওঁ কয় যে অগপই আজিৰ দিনত বিজেপিৰ সৈতে মিত্ৰতাত থকাটো আচৰিত কথা।

আনহাতে কেবৰ বিৰুদ্ধে এইবাৰ ৰাইজে মতদান কৰাৰ বুলিও তেওঁ উল্লেখ কৰে। ইফালে শিলচৰত প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’ত জনসাধাৰণৰ ব্যপক অংশগ্ৰহণে প্ৰমাণ কৰিছে কংগ্ৰেছৰ জয়ৰ কথা বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে মংগলবাৰে ৰাতি ৰাজ্যত সংঘটিত প্ৰলয়ংকাৰী ধুমুহাত জনসাধাৰণৰ ব্যপক ক্ষতি হোৱাৰ পাছতো চৰকাৰে তাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই বুলি তেওঁ অভিযোগ কৰে।

Author

NNO Digital Staff's picture

NNO Digital Staff


Source URL: https://www.newsnextone.com/tb-harish-rawat-press-meet

Links
[1] https://www.newsnextone.com/tb-harish-rawat-press-meet
[2] https://www.newsnextone.com/tb-harish-rawat-press-meet/#comments