News Next One
Published on News Next One (https://www.newsnextone.com)

Home > Corona! অসমক লৈ উদ্বিগ্ন প্ৰবাসী অসমীয়া... লণ্ডনৰ পৰা ভাতৃলৈ অডিঅ' মেছেজ

22 Mar

Corona! অসমক লৈ উদ্বিগ্ন প্ৰবাসী অসমীয়া... লণ্ডনৰ পৰা ভাতৃলৈ অডিঅ' মেছেজ [1]

By News Next One 0 Comments [2]

নিলাক্ষী হাজৰিকা। প্ৰবাসী অসমীয়া। কৰ্মসূত্ৰে বৰ্তমান লণ্ডনৰ বাসিন্দা। ঘৰ লখিমপুৰৰ মইনাপাৰাত। গ্ৰেট ব্ৰিটেইনত কৰ’নাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ চাক্ষুষ অভিজ্ঞতা বিৱৰি লখিমপুৰত থকা ভাতৃলৈ তেওঁ প্ৰেৰণ কৰিছে অডিঅ’ মেছেজ। প্ৰবাসী এইগৰাকী অসমীয়াই কোনোপধ্যেই বিচৰা নাই যে অসমতো চীন-ইউৰোপৰ দৰে অৱস্থা হওক। কিয়নো তেওঁ ভালকৈয়ে জানে যে ইয়াৰ চিকিৎসা ব্যৱস্থাৰ সবিশেষ। সেই তেওঁ ভাতৃক বাৰম্বাৰ কৈছে যাতে নিজে সাৱধান হৈ থকাৰ লগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে সজাগ কৰি তোলাৰ চেষ্টা চলায়। 

কিমান ভয়াৱহ কৰ’না ভাইৰাছ? কেনেদৰে উন্নত দেশসমূহত ত্ৰাসৰ সৃষ্টি কৰিছে এই ভাইৰাছে? যদি আমাৰ অসমৰ সৰু সৰু চহৰবোৰত ই সংক্ৰমিত হয় তেন্তে পৰিস্থিতি কিমান ভয়াবহ হ'ব পাৰে? এই সকলো কথা স্পষ্ট হৈ পৰিছে লণ্ডনৰ বাসিন্দা নিলাক্ষীৰ অডিঅ’ মেছেজটোত। ইতিমধ্যে ছ’চিয়েল মিডিয়াযোগে অসমত ভাইৰেল হৈ পৰিছে এই অডিঅ’ মেছেজটো।

অডিঅ’ মেছেজটোত ভাতৃক কি কৈছে নিলাক্ষী হাজৰিকাই ?

"চাজন ইয়াত পৰিস্থিতি খুব বেয়া। ভিনদেউ, মই আৰু মাইনা এতিয়ালৈকে ঠিকেই আছো। কিন্তু পৰিস্থিতি খুব বেয়া। অৱস্থা নাইকিয়া হৈছে মানুহবিলাকৰ। বজাৰত বস্তু পাবলৈ নাই, খোৱাবস্তুৰ আকাল। মেডিকেল গোটেই পেছেন্টেৰে ভৰি পৰিলে। ইমান ভাল ফেচিলিটি থকা উন্নত দেশতো এই অৱস্থা। কেনেবাকৈ যদি আমাৰ জেগাত হ’বলৈ হয়, আমাৰ লখিমপুৰৰ নিচিনা জেগাত হ'বলৈ হয় তই ভাবি চা কি গতি হ'ব। 

তঁহতে সাবধানতা অৱলম্বন কৰিবি। ক'তো ওলাই নাযাবি। যেতিয়ালৈকে জৰুৰী নহয় কেতিয়াও নাযাবি। আমি যি পৰিস্থিতিৰ সন্মুখীন হৈছো ইয়াত, মই নিবিছাৰো তঁহতেও সেই পৰিস্থিতিৰ সন্মুখীন হ'। আৰু আমাৰ চৰকাৰে হয়তো হেণ্ডল কৰিব নোৱাৰিবও পাৰে কাৰণ আমাৰ মেডিকেল টীম ইমান উন্নত নহয়।

লখিমপুৰত কেইখন হাস্পতাল আছে? কোনকেইখনতনো তোৰ আই চি ইউ ফেচিলিটি আছে আৰু ভেন্টিলেটৰ ফেচিলিটি আছে? গোটেইকেইখন হাস্পতাল মিলালেও চাগৈ ১০০খন বেড নোলাব। আৰু এই ৰোগটো ইমানেই বেছি সংক্ৰামক, ইমানেই বেছি হয়, ভাবিব নোৱাৰাকৈ হয়। আমাৰ গাঁৱৰ মানুহবিলাকৰ মাজত তই সজাগতা আনিবি। ল’ৰাবিলাকক কবি যে বাটে-ঘাটে কেৰমবৰ্ড খেলি নাথাকি ঘৰতে সোমাই থাকক।

এনেয়েও বহুতেই আজিকালি মোবাইল গেম খেলি ভাল পায়, লেট ডেম প্লে আনাদাৰ থ্ৰি ফ’ৰ মান্থছ। একদম ঘৰতে সোমাই থাকিবলৈ দে সবকে। আমাৰ গাঁৱৰ মানুহবোৰ সহজ-সৰল। তই অলপ কথাবোৰ বুজাই কবি। আমাৰ নিচিনা লণ্ডনত, উন্নত দেশবোৰত কি অৱস্থা হৈছে। আমাৰ মইনাপাৰাত যদি হ'বলৈ হয় এটা জেনেৰেশ্যন কি, দুটামান জেনেৰেশ্যন হেৰুৱাই দিম।

আমি যদি সাবধানতা অৱলম্বন নকৰো, তহঁতে যদি সাবধান নহ’ৱ, আমাৰ মা-দেউতাহঁতৰ নিচিনা এজৰ মানুহবোৰ, এই জেনেৰেশ্যনটো একদম নাইকিয়া হৈ যাব। প্লিজ টেক ইট ছিৰিয়াছলি। সবকে ক' তোৰ যিমান ফ্ৰেণ্ড আছে সবৰে হাতত ফোন আছে, চৰকাৰে, মোবাইল কোম্পানীয়ে ডাটা দিছে, সেয়া ইউজ কৰ। মানুহৰ মাজত সজাগতা অনাৰ চেষ্টা কৰ। ঘৰে ঘৰে যাব নালাগে। ছ’চিয়েল মিডিয়া ইউজ কৰ। স্প্ৰেড কৰ। প্লিজ হেজিটেছন ফিল নকৰিবি।

মই নিবিচাৰো আমাৰ লখিমপুৰৰ মানুহেও এনে পৰিস্থিতিৰ সন্মুখীন হওঁক। মানুহক ক' ধান-চাউল অলপ উলিয়াই বা কিনি আনি ঘৰতে থাকক। নামঘৰ, মছজিদ, চাৰ্ছ ক'তো যাব নালাগে। যি পূজা-পাতল কৰিব লগা আছে ঘৰতে কৰক। প্লিজ টেক ইট ছিৰিয়াছলি। প্ৰতি ঘণ্টাৰ মূৰে মূৰে হাত ধুই থাক। 

তয়ো ফটোগ্ৰাফি কৰি ঘুৰি নুফুৰিবি। আমাৰ ইণ্ডিয়াৰ মানুহে এতিয়াও বাব’ল এটাৰ মাজত সোমাই আছে। ভাবিছে গৰমত ভাইৰাছটো বেছি সময় নাথাকে। এইবোৰ সব মিছা কথা। ছায়েন্টিফিকেলি এতিয়াও এইবোৰ কথা প্ৰুফ হোৱা নাই। কেনেবাকৈ আমাৰ দেশত যদি এনেকুৱা হ'বলৈ হয় তই ভাবি ল' কি অৱস্থা হ'ব। আমাৰ লণ্ডনত, ইমান বেছি উন্নত চিকিৎসা থকাৰ পাছতো মানুহৰ এই গতি হৈছে। গতিকে সাবধান হ'। তোক পাছত ফোন কৰিম, ভালকৈ কথা পাতিম।"

Author

News Next One's picture

News Next One


Source URL: https://www.newsnextone.com/a-viral-audio-message-from-a-nri-assamese-london-corona

Links
[1] https://www.newsnextone.com/a-viral-audio-message-from-a-nri-assamese-london-corona
[2] https://www.newsnextone.com/a-viral-audio-message-from-a-nri-assamese-london-corona/#comments