News Next One
Published on News Next One (https://www.newsnextone.com)

Home > নিজামুদ্দিনৰ মছজিদৰ পিছত এইবাৰ টিলা গুৰুদ্বাৰৰ পৰা উদ্ধাৰ ২০০ৰো অধিক লোক

01 Apr

নিজামুদ্দিনৰ মছজিদৰ পিছত এইবাৰ টিলা গুৰুদ্বাৰৰ পৰা উদ্ধাৰ ২০০ৰো অধিক লোক [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লীঃ দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ প্ৰসিদ্ধ নিজামুদ্দিন দৰগাহৰ সমীপত থকা বাংলেৱালা মছজিদৰ মাৰ্কাজৰ পৰা ১৫০০ ৰো অধিক লোকক উদ্ধাৰ কৰা হোৱাৰ পিছত এইবাৰ ৰাজধানী চহৰখনৰ এটা গুৰুদ্বাৰৰ পৰাও উদ্ধাৰ কৰা হৈছে শতাধিকক। সংবাদ প্ৰতিষ্ঠান পিটিআইৰ বাতৰি অনুযায়ী দিল্লীৰ মজনু অঞ্চলৰ টিলা গুৰুদ্বাৰৰ পৰা বুধবাৰে উদ্ধাৰ কৰা হয় এইসকল লোকক।

দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে গুৰুদ্বাৰটোত স্বাস্থ্য বিভাগৰ সহযোগত অভিযান চলাই অতিকমেও ২০০ লোকক উদ্ধাৰ কৰা হৈছে। এইসকল লোকৰ একাংশক স্বাস্থ্য পৰীক্ষাৰ অন্তত নেহৰু বিহাৰ অঞ্চলত বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে।

দিল্লীৰ শিখ গুৰুদ্বাৰ প্ৰবন্ধক সমিতিৰ অধ্যক্ষ মনজিন্দৰ সিং ছিৰছাই জনোৱা মতে এইসকল লোক পঞ্জাৱৰ পৰা আহি গুৰুদ্বাৰত আশ্ৰয় লৈ আছিল। লোকসকল পঞ্জাৱৰ পৰা অহাৰ সময়ত দেশত কৰ’নাক লৈ কোনো চৰ্চা চলা নাছিল বুলিও মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। তেওঁ কয় যে লকডাউন ঘোষণা কৰাৰ পিছতে পঞ্জাৱ চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

গুৰুদ্বাৰ সমিতিৰ অধ্যক্ষগৰাকীয়ে আৰু কৈছে যে লোকসকল তাত থকাৰ কথা তেওঁ নিজেই দিল্লীৰ প্ৰশাসনক অৱগত কৰিছে। লোকসকলক এই সময়ছোৱাত সকলোধৰণৰ সতৰ্কতামূলক নিয়মসমূহ পালন কৰিবলৈ কোৱা হৈছিল বুলিও মনজিন্দৰ সিঙে সদৰী কৰে। কেবাজনো লোক পাকিস্তানৰ পৰাও আহিছিল বুলিও জনাইছে সিঙে।

ইণ্ডিয়া টুডেৰ আগত মনজিন্দৰ সিঙে প্ৰকাশ কৰা মতে গুৰুদ্বাৰটোত কোনো ধৰ্মীয় কাৰ্যকলাপৰ বাবে লোকসকল আৱদ্ধ হৈ থকা নাই। হঠাৎ লকডাউন ঘোষণা কৰাত উপায়ন্তৰহীন হৈহে পঞ্জাৱৰ পৰা অহা লোকসকলৰ লগতে পাকিস্তানৰ পৰা অহা শিখ তীৰ্থযাত্ৰীসকলে তাত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল।  

মঙলবাৰে নিজামুদ্দিনৰ বাংলেৱালা মছজিদত আশ্ৰয় লৈ থকা লোকসকলৰ পৰা দেশৰ ভিন্ন স্থানলৈ কৰ’না বিয়পি পৰাৰ খবৰ পোৱাৰ লগে লগে গুৰুদ্বাৰটোৰ তৰফৰ পৰাও তাত ২ শতাধিক লোক আৱদ্ধ হৈ থকাৰ কথা চৰকাৰক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি স্থানীয় প্ৰশাসনক অৱগত কৰে গুৰুদ্বাৰ সমিতিয়ে। ইয়াৰ পিছতে আজি দিল্লী আৰক্ষী আৰু দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে লোকসকলক তাৰ পৰা উদ্ধাৰ কৰি কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/coronavirus-majnu-ka-tilla-gurdwara-evacuation

Links
[1] https://www.newsnextone.com/coronavirus-majnu-ka-tilla-gurdwara-evacuation
[2] https://www.newsnextone.com/coronavirus-majnu-ka-tilla-gurdwara-evacuation/#comments