News Next One
Published on News Next One (https://www.newsnextone.com)

Home > কৰ'না 'ছুপাৰস্প্ৰেডাৰ' তবলীগ জামাত! মৌলবীসহ ৭জনৰ বিৰুদ্ধে গোচৰ ৰুজু

01 Apr

কৰ'না 'ছুপাৰস্প্ৰেডাৰ' তবলীগ জামাত! মৌলবীসহ ৭জনৰ বিৰুদ্ধে গোচৰ ৰুজু [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লীঃ তবলীগ জামাতৰ কেন্দ্ৰ দিল্লীৰ নিজামুদ্দিনৰ বাংলেৱালী মছজিদ কৰ’না ভাইৰাছৰ হটস্পট হৈ পৰাৰ পিছতে এতিয়া দেশত দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ইয়াৰ পিছতে সমগ্ৰ বিষয়টোক লৈ তৎপৰ হৈ পৰিছে দিল্লী চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ। 

মঙলবাৰে মছজিদটোৰ পৰা ১৫০০ ৰো অধিক লোকক উদ্ধাৰ কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ লগতে দিল্লী চৰকাৰে তবলীগ জামাতৰ আয়োজকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশো প্ৰদান কৰিছিল। উক্ত নিৰ্দেশ অনুযায়ী আজি দিল্লী আৰক্ষীয়ে মছজিদটোৰ মৌলবী মৌলানা ছান্দ আৰু আন ৬জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে এই তবলীগ জামাত আৰম্ভ হোৱাৰ সময়ত দেশত কৰ’নাক লৈ ইমান চৰ্চা চলা নাছিল। আনকি কেন্দ্ৰ চৰকাৰ আৰু দিল্লী চৰকাৰৰ তৰফৰ পৰাও কৰ’নাক লৈ কোনো ধৰণৰ বাধা-নিষেধ আৰোপ কৰা হোৱা নাছিল। কিন্তু জামাত আৰম্ভ হোৱাৰ দুদিন পিছতে ১৬ মাৰ্চত দিল্লী চৰকাৰে এক নিৰ্দেশৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত সকলোধৰণৰ অনুষ্ঠানৰ লগতে ধৰ্মীয় অনুষ্ঠান আয়োজনতো নিষেধাজ্ঞা আৰোপ কৰে। 

দিল্লী চৰকাৰে আৰোপ কৰা উক্ত নিষেধাজ্ঞা সত্বেও মছজিদটোত অব্যাহত থাকে ধৰ্মীয় অনুষ্ঠান। এই ধৰ্মীয় অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ লগতে কেবাখনো কৰ’না ৰোগী ধৰা পৰা বিদেশী ৰাষ্ট্ৰৰ পৰা অহা লোকেও অংশগ্ৰহণ কৰিছিল। এনেদৰেই বিদেশৰ পৰা অহা লোকসকলৰ জৰিয়তে উক্ত ধৰ্মীয় অনুষ্ঠানত ভাগ লোৱা বহুতৰে গালৈ বিয়পি পৰে কৰ’না ভাইৰাছ।

শেহতীয়া তথ্য অনুযায়ী দেশৰ ভিন্ন প্ৰান্তত কৰ’না পজিটিভ ধৰা পৰা সকলৰ ১৩৪জনৰো অধিক লোকৰেই আছে দিল্লীৰ এই তবলীগ জামাতৰ সৈতে সংযোগ। অসমতো ইতিমধ্যে ৫ জনৰ দেহত ধৰা পৰিছে কৰ’না। এই ৫ জনৰ আটাইকেইজনেই উক্ত জামাতত ভাগ লৈছিল বুলি সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/delhi-police-files-case-against-6-including-head-of-tabligi-jamaat

Links
[1] https://www.newsnextone.com/delhi-police-files-case-against-6-including-head-of-tabligi-jamaat
[2] https://www.newsnextone.com/delhi-police-files-case-against-6-including-head-of-tabligi-jamaat/#comments