News Next One
Published on News Next One (https://www.newsnextone.com)

Home > অৰুণাচলতো ধৰা পৰিল কৰ'না পজিটিভ, গৈছিল দিল্লীৰ তবলীগ জামাতলৈ!

02 Apr

অৰুণাচলতো ধৰা পৰিল কৰ'না পজিটিভ, গৈছিল দিল্লীৰ তবলীগ জামাতলৈ! [1]

By NNO Digital Desk 0 Comments [2]

গুৱাহাটী/ইটানগৰঃ এইবাৰ উত্তৰ-পূবৰ আন এখন ৰাজ্য অন্তৰ্ভুক্ত হৈছে কৰ’না ভাইৰাছত আক্ৰান্তৰ মানচিত্ৰত। বৃহস্পতিবাৰে প্ৰথমজন ব্যক্তিৰ দেহত কৰ’না ভাইৰাছৰ পজিটিভ ধৰা পৰা এই ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ। 

অৰুণাচল প্ৰদেশত কৰ’না পজিটিভ ধৰা পৰা ঘটনাৰ সৈতেও পোৱা গৈছে ভাৰতৰ কৰ’নাৰ হটস্পট হৈ পৰা 'ছুপাৰস্প্ৰেডাৰ’ নিজামুদ্দিনৰ ৱাংলেৱালা মছজিদৰ তবলীগ জামাতৰ সৈতে। চৰকাৰী সূত্ৰই সদৰী কৰা মতে, অৰুণাচলৰ এই লোকজনে কিছুদিন পূৰ্বে দিল্লীৰ উক্ত তবলীগ জামাতত ভাগ লৈ গৃহ ৰাজ্যলৈ উভতিছিল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে উত্তৰ-পূবত কৰ’না পজিটিভ ধৰা পৰা প্ৰথমখন ৰাজ্য আছিল মণিপুৰ। এই ৰাজ্যখনত ইংলেণ্ডৰ পৰা এগৰাকী যুৱতীৰ দেহত ধৰা পৰিছিল কৰ’না পজিটিভ। ইয়াৰ পিছতে মিজোৰামতো এজন ব্যক্তিৰ দেহত ধৰা পৰিছিল এই ভাইৰাছ।

মঙলবাৰে অসমতো কৰ’নাত আক্ৰান্ত প্ৰথমটো ঘটনা পোহৰলৈ আহে। প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ এদিন পিছতে বুধবাৰৰ দিনটোত তবলীগ জামাতৰ পৰা ঘূৰি অহা আৰু ১৫ জন ব্যক্তিৰ দেহত কৰ’না ভাইৰাছৰ পজিটিভ ধৰা পৰে। এই বাতৰি যুগুত কৰালৈ অসমত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১৬ জন।

ইফালে, মণিপুৰতো বৃহস্পতিবাৰে নিজামুদ্দিনৰ তবলীগ জামাতৰ পৰা উভতি অহা আৰু দুজন লোকৰ দেহত কৰ’না ভাইৰাছৰ পজিটিভ ধৰা পৰাৰ বাতৰি পোৱা গৈছে। এনেদৰে এতিয়া ভাৰতৰ বাকী ৰাজ্যসমূহৰ দৰেকৈ উত্তৰ-পূবতো কৰ’নাৰ সংখ্যা সময় অতিবাহিত হোৱাৰ লগে লগে আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/arunachal-first-corona-positive

Links
[1] https://www.newsnextone.com/arunachal-first-corona-positive
[2] https://www.newsnextone.com/arunachal-first-corona-positive/#comments