News Next One
Published on News Next One (https://www.newsnextone.com)

Home > তবলীগলৈ যোৱা ৬৪৭ৰ দেহত কৰ'না, এইসকলৰ বিৰুদ্ধে NSA গোচৰ যোগী চৰকাৰৰ

03 Apr

তবলীগলৈ যোৱা ৬৪৭ৰ দেহত কৰ'না, এইসকলৰ বিৰুদ্ধে NSA গোচৰ যোগী চৰকাৰৰ [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লীঃ ভাৰতত যোৱা ২৪ ঘণ্টাত সম্পন্ন কৰা হৈছে ৮০০০ লোকৰ কৰ’না টেষ্ট। এই কথা সদৰী কৰিছে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰে। সংস্থাটোৱে জনোৱা মতে বৰ্তমান ভাৰতত ১৮২ টা লেবত টেষ্ট চলি আছে আৰু ইয়াৰে ১৩০ টা লেবেই হৈছে চৰকাৰী।

ভাৰতত কৰ’না ভাইৰাছৰ ছুপাৰস্প্ৰেডাৰ হৈ পৰা দিল্লীৰ নিজামুদ্দিনৰ বাংলেৱালী মছজিদৰ তবলীগ জামাতৰ সৈতে সংযোগ থকা পজিটিভৰ ঘটনা ১৯খন ৰাজ্যৰ পৰা আহিছে বুলিও জনাইছে আইচিএমআৰে। সংস্থাটোৰ মতে যোৱা দুদিনত তবলীগ জামাতত ভাগ লোৱা লোকসকলৰ ৬৪৭ জনৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰিছে।

আনহাতে যোৱা ২৪ ঘণ্টাত কৰ’না ভাইৰাছত মুঠ ১২ জন লোক মৃত্যুমুখত পৰাৰ কথাও জনাইছে আইচিএমআৰে। উল্লেখ্য যে তবলীগ জামাতত মালয়েছিয়া, ইণ্ডোনেছিয়া আদি বিদেশৰ লোকে ভাগ লোৱাৰ পৰিপ্ৰেক্ষিততে এনেদৰে ভাৰতত কৰ’নাৰ হটস্পট হৈ পৰে দিল্লীৰ নিজামুদ্দিনৰ বাংলেৱালী মছজিদ।

ইফালে, উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এখন হাস্পতালত কোৱাৰেণ্টাইন হৈ থকা সময়ত নাৰ্ছৰ সৈতে দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হোৱা তবলীগ জামাতৰ কেবাগৰাকী সদস্যৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA)ৰ অধীনত গোচৰ ৰুজু কৰিছে যোগী আদিত্যনাথ চৰকাৰে। মধ্যপ্ৰদেশৰ ইন্দোৰৰ দৰে ঘটনা উত্তৰ প্ৰদেশত কোনো কাৰণতে হ’বলৈ নিদিয়ে বুলি স্পষ্ট কৰি দি লোককেইজনৰ বিৰুদ্ধে এইদৰে গোচৰ ৰুজু কৰাৰ কথা সংবাদ মাধ্যমক জনাইছে চৰকাৰী সূত্ৰই।

উল্লেখ্য যে মধ্যপ্ৰদেশৰ ইন্দোৰৰ এখন গাঁৱত কৰ’না ভাইৰাছৰ সন্দেহত নমুনা সংগ্ৰহ কৰিবলৈ যোৱা স্বাস্থ্যকৰ্মীৰ ওপৰত শিল দলিয়াই আক্ৰমণ সংঘটিত কৰিছিল একাংশ উদণ্ড লোকে। ইতিমধ্যে উক্ত লোকসকলক স্থানীয় আৰক্ষীয়ে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/tablig-connection-yogi-govt-nsa-case

Links
[1] https://www.newsnextone.com/tablig-connection-yogi-govt-nsa-case
[2] https://www.newsnextone.com/tablig-connection-yogi-govt-nsa-case/#comments