News Next One
Published on News Next One (https://www.newsnextone.com)

Home > এদিনতে পজিটিভ ১৩২৯, লকডাউনৰ মাজতে ১৫ হাজাৰৰ সীমা স্পৰ্শ কৰ'নাক্ৰান্তৰ

19 Apr

এদিনতে পজিটিভ ১৩২৯, লকডাউনৰ মাজতে ১৫ হাজাৰৰ সীমা স্পৰ্শ কৰ'নাক্ৰান্তৰ [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লীঃ বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা। কিন্তু ইমানৰ পিছতো দেশত প্ৰতিদিনেই ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কৰ’না আক্ৰান্তৰ সংখ্যা। লকডাউন সত্বেও কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা এনেদৰে বৃদ্ধি পাবলৈ লোৱাত স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে চিকিৎসা বিশেষজ্ঞসকল।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুযায়ী যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে আৰু ১৩২৯ জনকৈ লোক। ফলত দেওবাৰে পুৱাই ১৫ হাজাৰৰ সীমা অতিক্ৰমি ভাৰতত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ১৫ হাজাৰ ৭০৭ গৰাকী। 

যোৱা ২৪ ঘণ্টাত ভাইৰাছবিধৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ২৭ জনে। এই পৰ্যন্ত দেশত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যায়ো ৫০০ৰ ঘৰ স্পৰ্শ কৰি হৈছেগৈ ৫০৭। আনহাতে সুস্থ হৈ ঘৰলৈ উভতিছে ২ হাজাৰ ২৩১ গৰাকীয়ে।

সূত্ৰৰ খবৰ অনুযায়ী শনিবাৰে মাজনিশা গুৰুগ্ৰামত মৃ্ত্যু হয় ৫০ বছৰীয়া এজন কৰ’নাক্ৰান্ত। উক্ত দিনটোতে আগ্ৰাত নতুনকৈ আক্ৰান্ত হয় আৰু ৪৫ জন লোক। সকলো মিলি আগ্ৰাত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ২৪১ জন। 

উল্লেখ্য যে, দেশত এই পৰ্যন্ত কৰ’নাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনতেই দেশৰ ভিতৰতে সকলোতকৈ অধিক লোকে কৰ’নাত প্ৰাণ হেৰুৱাইছে। মহাৰাষ্ট্ৰৰ পিছতে কৰ’নাত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যাৰে দ্বিতীয় স্থানত আছে দিল্লী। মহাৰাষ্ট্ৰ আৰু দিল্লীৰ পিছতে আছে তামিলনাডু, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু গুজৰাট।

ইফালে, কৰ’না টেষ্ট ক্ষিপ্ৰতাৰে কৰিবলৈ ৰাজ্যসমূহলৈ চীনৰ পৰা অহা এণ্টিবডি কিট প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে কেন্দ্ৰই। কৰ’না প্ৰতিৰোধৰ লক্ষ্যৰে গঠন কৰা ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ পৰামৰ্শ অনুযায়ী যিসমূহ ৰাজ্যত হটস্পটৰ সংখ্যা বেছি কিট প্ৰেৰণৰ ক্ষেত্ৰত সেইসমূহ ৰাজ্যক অগ্ৰাধিকাৰ দিয়া হৈছে। 

ইয়াৰ মাজতে স্বাস্থ্য মন্ত্ৰণালয়ে দাবী কৰিছে যে যোৱা ১৪ দিনত দেশৰ ২২ খন জিলাত নতুনকৈ কোনো লোক কৰ’নাত সংক্ৰমিত হোৱা নাই। কিন্তু তাৎপৰ্যপূৰ্ণ যে পশ্চিমবংগৰ নদিয়া, বিহাৰৰ পাটনা আৰু হাৰিয়ানাৰ পানীপথত ১৪ দিনৰ পিছত পুনৰ কৰ’নাৰ সংক্ৰমণ ধৰা পৰিছে।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/coronavirus-pandemic-covid-19-cases-in-india-cross-15000-mark

Links
[1] https://www.newsnextone.com/coronavirus-pandemic-covid-19-cases-in-india-cross-15000-mark
[2] https://www.newsnextone.com/coronavirus-pandemic-covid-19-cases-in-india-cross-15000-mark/#comments