News Next One
Published on News Next One (https://www.newsnextone.com)

Home > নিশা নাম লৈ Facebookত উত্তেজনা বিয়পোৱা ৰবিক গ্ৰেপ্তাৰ, মুখ্যমন্ত্ৰীৰ টুইট

20 Apr

নিশা নাম লৈ Facebookত উত্তেজনা বিয়পোৱা ৰবিক গ্ৰেপ্তাৰ, মুখ্যমন্ত্ৰীৰ টুইট [1]

By NNO Digital Desk 0 Comments [2]

ৰায়পুৰঃ এগৰাকী মহিলা। নাম নিশা জিন্দাল। ফেচবুক একাউণ্টত দীৰ্ঘদিন ধৰি নিশা জিন্দালে আপলোড কৰি আহিছিল সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা একাধিক পোষ্ট। লকডাউনৰ সময়তো এই একাউণ্টত দেখা গৈছিল বিভিন্ন ধৰণৰ উত্তেজনামূলক পোষ্ট আৰু উৰাবাতৰি। ১০ হাজাৰৰো অধিক ফল’ৱাৰ্ছ থকা 'নিশা জিন্দাল’ নামৰ ফেচবুক একাউণ্টটোৰ জৰিয়তে সেয়া নিমিষতে অসংখ্যাজনলৈ বিয়পি পৰিছিল।

লকডাউনৰ সময়ত যাতে ছত্তিছগড়ত ছ’চিয়েল মিডিয়াযোগে কোনোধৰণৰ উৰাবাতৰি বিয়পিব নোৱাৰে তাৰ বাবে ৰাজ্যখনৰ আৰক্ষী-প্ৰশাসনে চলোৱা বিশেষ অভিযানলৈ সহাৰি জনাই উক্ত একাউণ্টটোৰ বিৰুদ্ধেও বহুসংখ্যাক লোকে অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে ৰায়পুৰ আৰক্ষীয়ে আই পি এড্ৰেছ ট্ৰেচ কৰি নিশা জিন্দালৰ সন্ধানত আৰম্ভ কৰে অভিযান।

এই অভিযানৰ অন্তত আৰক্ষীয়ে সফলতা লাভ কৰে যদিও নিশা জিন্দাল নামৰ মহিলাগৰাকীক বিচাৰি নাপালে। নিশাৰ পৰিৱৰ্তে ৰায়পুৰ আৰক্ষীয়ে আই পি এড্ৰেছ ট্ৰেচ কৰি সম্ভেদ পাবলৈ সক্ষম হয় ইণ্টাৰনেটযোগে লিংগ সলনি কৰা এজন যুৱকৰ। মহিলা বা যুৱতীৰ নামত ফেচবুক একাউণ্ট খুলিলে অনায়াসে ফল’ৱাৰ্ছ বৃদ্ধি পোৱালৈ চাই ৰবি নামৰ এজন যুৱকে 'নিশা জিন্দাল’ নাম লৈ চলাই আহিছিল উক্ত একাউণ্টটো।

ফেচবুকত নিশা নাম লোৱাৰ পিছতে ৰবিয়ে আশা কৰা ধৰণেই লাভ কৰে সফলতা। অতি কম সময়ৰ ভিতৰতে একাউণ্টটোত ফল’ৱাৰ্ছ বৃদ্ধি পোৱাৰ লগতে পোষ্টবোৰত লাইক, কমেণ্ট আৰু শ্বেয়াৰো অধিক হ’বলৈ ধৰে। কোনো এগৰাকী অজ্ঞাত সুন্দৰী যুৱতীৰ ফটো প্ৰফাইল পিকচাৰ হিচাপে ব্যৱহাৰ কৰা 'নিশা জিন্দাল’ নামৰ একাউণ্টটোৰ বায়’ত ৰবিয়ে লিখিছে, 'মোৰ ৰাজকুমাৰী কন্যাগৰাকীৰ বাদে মই আধৰুৱা’।

ফেচবুকত লিংগ সলনি কৰি নিশা নাম লোৱা ৰবিক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হোৱাৰ পিছতে উক্ত ফেক একাউণ্টটোত নিজৰ ফটো শ্বেয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৰায়পুৰ আৰক্ষীয়ে। আৰক্ষীৰ নিৰ্দেশ অনুযায়ী নিশা জিন্দাল নামৰ একাউণ্টত নিজৰ গ্ৰেপ্তাৰ হোৱা ফটোখন আপলোড কৰি ৰবিয়ে কেপশ্যনত লিখে, 'মই এতিয়া আৰক্ষীৰ জিম্মাত আছো। ময়েই হৈছো নিশা জিন্দাল।’ 

নিশা জিন্দাল নামৰ উৰাবাতৰি বিয়পাই অহা ফেচবুক একাউণ্টটোৰ প্ৰকৃত গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হোৱাৰ পিছতে এটি টুইট কৰিছে ৰাজ্যখনত কৰ্মৰত IAS বিষয়া প্ৰিয়ংকা শুক্লাই। টুইটটোত বিষয়াগৰাকীয়ে লিখিছে, 'সাম্প্ৰদায়িক বিষপাষ্প বিয়পোৱাৰ অভিযোগত ৰায়পুৰ আৰক্ষীয়ে যেতিয়া ফেচবুক ইউজাৰ 'নিশা জিন্দাল’ক গ্ৰেপ্তাৰ কৰিবলৈ যায় তেতিয়াই পোহৰলৈ আহে যে ১১ বছৰ ধৰি ইঞ্জিনীয়াৰিং পাছ কৰিব নোৱৰা 'ৰবি’য়েই হৈছে 'নিশা’। নিশাৰ ১০ হাজাৰ ফল’ৱাৰ্ছক এই সত্য জনাবলৈ আৰক্ষীয়ে তাৰ দ্বাৰাই প্ৰকৃত কথাটো পোষ্ট কৰোৱাইছে।’ 

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলেও এই ঘটনাক লৈ টুইটযোগে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া। 'কোনো ধৰণৰ প্ৰবঞ্চককে সাৰি যাবলৈ দিয়া নহ’ব। এতিয়া সেই অপশক্তিসমূহক পোহৰলৈ অনাৰ প্ৰয়োজন হৈছে যিয়ে সকলোকে আভুৱা ভাৰি আহিছে। এই সফলতাৰ বাবে ৰায়পুৰ আৰক্ষী ধন্যবাদৰ পাত্ৰ।’-মুখ্যমন্ত্ৰী বঘেলৰ টুইট।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/raipur-police-nabbed-a-man-who-run-fake-facebook-account

Links
[1] https://www.newsnextone.com/raipur-police-nabbed-a-man-who-run-fake-facebook-account
[2] https://www.newsnextone.com/raipur-police-nabbed-a-man-who-run-fake-facebook-account/#comments