News Next One
Published on News Next One (https://www.newsnextone.com)

Home > ৩ মে’ৰ পিছত লকডাউন খুলিবনে? কি ক'লে চৰকাৰৰ মুখ্য আৰ্থিক উপদেষ্টাই?

25 Apr

৩ মে’ৰ পিছত লকডাউন খুলিবনে? কি ক'লে চৰকাৰৰ মুখ্য আৰ্থিক উপদেষ্টাই? [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লীঃ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ একাধিক দেশৰ দৰে ভাৰততো অব্যাহত আছে লকডাউন। ১৪ এপ্ৰিলত ২১ দিনীয়া লকডাউন অন্ত পৰাৰ পিছত ৰোগবিধৰ প্ৰাদুৰ্ভাৱলৈ চাই চৰকাৰে পুনৰ ৩ মে’লৈ বৃদ্ধি কৰে লকডাউনৰ সময়সীমা। ইয়াৰ মাজতে তেলেংগানাই ইতিমধ্যে ৭ মে’লৈকে ৰাজ্যখনত লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে লকডাউন অব্যাহত থাকিলেও প্ৰতিদিনে ভাৰতত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কৰ’নাক্ৰান্তৰ সংখ্যা। শনিবাৰে সন্ধিয়া ৫ বজা পৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ২৪,৯৪২ জন। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৭৭৯ জন। স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইটৰ তথ্য অনুযায়ী যোৱা ২৪ ঘণ্টাত ভাৰতত ১৪৯০ জন লোকৰ দেহত নতুনকৈ কৰ’না পজিটিভ পোৱা গৈছে।

এনে পৰিপ্ৰেক্ষিতত অহা ৩ মে’ত লকডাউন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব নে নাই সেই লৈ চিন্তিত হৈ পৰিছে দেশবাসী। বিশেষকৈ চৰকাৰৰ তৰফৰ পৰাও ৩ মে’ৰ পিছত লকডাউন যে উঠাই দিয়া হ’ব সেয়া স্পষ্ট কৰি নিদিয়াত সাধাৰণ ৰাইজৰ মাজত ভিতৰি ভিতৰি আশংকা বহু পৰিমাণে বৃদ্ধি পাইছে। একদৰে সংক্ৰমণৰ হাৰলৈ চাই চৰকাৰেও এই পৰ্যন্ত লকডাউন ৩ মে’ত উঠাই দিয়াতো উচিত হ’ব নে নাই সেয়া ঠিৰাং কৰিব পৰা নাই।


[3]

Click ►কৰ'নাৰ পিছত 'সুখ-দুখ আনকি প্ৰেম'ৰ ওপৰতো আপুনি হেৰুৱাব পাৰে অধিকাৰ! [3]


লকডাউন সন্দৰ্ভত অধিকাংশ বিশেষজ্ঞই কৈছে যে ভাৰতত চৰকাৰে সেয়া সম্পূৰ্ণ পৰিকল্পনা নকৰাকৈয়ে ঘোষণা কৰিছে। নিটি আয়োগৰ সদস্যৰ লগতে চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ গঠন কৰি দিয়া টাস্ক ফ’ৰ্চৰ বিশেষজ্ঞসকলে লকডাউনৰ সময়ছোৱাৰ সদব্যৱহাৰ কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলিও মন্তব্য কৰিছে।

এইবোৰৰ মাজতে শনিবাৰে ভাৰত চৰকাৰৰ মুখ্য আৰ্থিক উপদেষ্টা কে ভি সুব্ৰমণিয়ামে কয় যে অনাগত দিনত পৰ্যায়ক্ৰমে লকডাউন খোলাৰ ব্যৱস্থা কৰিব লাগিব। লকডাউন ৩ মে’ৰ পিছত একেবাৰেই উঠাই দিলে পৰিস্থিতিৰ অধিক অৱনতি ঘটিব পাৰে বুলিও আশংকা প্ৰকাশ কৰে সুব্ৰমণিয়ামে।

বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শনিবাৰে তেওঁ কয়, 'স্পেনিছ ফ্লুৱে আমাক শিকাই গৈছে যে জীৱন য’ত থাকে তাতেই সমৃদ্ধিৰ আগমন ঘটে। গতিকে ৩ মে’ৰ পিছত পৰ্যায়ক্ৰমে লকডাউন প্ৰত্যাহাৰ কৰাৰ প্ৰয়োজন আছে। এইক্ষেত্ৰত ৩টা বিষয় অধিক গুৰুত্বপূৰ্ণ। সেয়া হৈছে হটস্পটসমূহত চোকা দৃষ্টি ৰখা, কাৰ্যালয়সমূহত সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু অৰ্থব্যৱস্থাক অধিক প্ৰভাৱান্বিত কৰিব পৰা খণ্ডসমূহক খুলি দিয়া।’

চৰকাৰৰ আৰ্থিক উপদেষ্টাগৰাকীয়ে ৩ মে’ৰ পিছত লকডাউন খুলি দিয়া হ’ব নে নাই সেয়া স্পষ্ট কৰি নিদিলেও এয়া বুজিব পাৰি যে পৰ্যায়ক্ৰমে লকডাউন শিথিল কৰি অনা হ’ব। কৰ’নাৰ প্ৰভাৱ কমকৈ পৰা ঠাইসমূহত লকডাউন প্ৰায় উঠাই দিয়া হ’ব বুলিও সুব্ৰমণিয়ামৰ মন্তব্যৰ পৰা একপ্ৰকাৰৰ অনুমান কৰিব পাৰি। অৱশ্যে ৩ মে’ৰ পিছতো যে পৰিৱেশ কৰ’না মহামাৰীৰ পূৰ্বৰ দৰে স্বাভাৱিক হৈ নুঠে আৰু কৰ’নাৰ সংক্ৰমণৰ সম্ভাৱনা নাইকিয়া হৈ নপৰে সেয়া প্ৰায় নিশ্চিত বুলিয়েই মন্তব্য কৰিছে মহামাৰী বিশেষজ্ঞসকলে।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/lockdown-after-third-may

Links
[1] https://www.newsnextone.com/lockdown-after-third-may
[2] https://www.newsnextone.com/lockdown-after-third-may/#comments
[3] http://www.newsnextone.com/the-world-after-corona-epidemic-special-writings