News Next One
Published on News Next One (https://www.newsnextone.com)

Home > ভাৰতত কৰ'না আক্ৰান্তৰ সংখ্যা ৫০ হাজাৰ হ'বলৈ আৰু মাত্ৰ ৮ দিন!

27 Apr

ভাৰতত কৰ'না আক্ৰান্তৰ সংখ্যা ৫০ হাজাৰ হ'বলৈ আৰু মাত্ৰ ৮ দিন! [1]

By NNO ONLINE BUREAU 0 Comments [2]

নতুন দিল্লীঃ মন্থৰ গতি হ’লেও লকডাউনৰ মাজতে ভাৰতত প্ৰতিদিনে ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। বৃদ্ধিৰ এই হাৰ অব্যাহত থাকিলে অহা ৮ দিনৰ ভিতৰত দেশত মুঠ আক্ৰান্তৰ সংখ্যাই ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিব পাৰে। এই সম্ভাৱনা ব্যক্ত কৰিছে পৰিসংখ্যা বিশ্লেষকসকলে।

মহামাৰী বিশেষজ্ঞসকলৰ মতে কোনো দেশতে ৰোগৰ সংক্ৰমণৰ ৰেখাচিত্ৰ একে নাথাকে আৰু সময়ে সময়ে ইয়াৰ উঠা-নমা হৈয়েই থাকে। ইয়াৰ ব্যতিক্ৰম নহয় ভাৰতো। ফলত সাধাৰণ গণিতৰ হিচাপত আক্ৰান্তৰ সংখ্যাৰ অনুমান কৰাতো সম্ভৱ নহয় বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে। 

ইয়াৰ মাজতে বিগত সময়ছোৱাত দেখা পোৱা হোৱা আক্ৰান্তৰ হাৰ আৰু ৰোগবিধৰ সংক্ৰমণৰ লক্ষণসমূহলৈ চাই বৰ্তমানৰ গতিৰ বেছি হীনদেড়ি নহ’লে ভাৰতত আক্ৰান্তৰ সংখ্যাই ৫০ হাজাৰ পাবলৈ মাত্ৰ ৮ দিনৰ প্ৰয়োজন হ’ব বুলি অনুমান কৰা হৈছে। একাংশ মহামাৰী বিশেষজ্ঞই আকৌ লকডাউনৰ পিছত দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা ব্যক্ত কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুযায়ী দেওবাৰ পৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা আছিল ২৬,৯১৭ জন। যোৱা দিনত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে ১৫ শতাংশ। ইয়াৰ ৪৮ ঘণ্টা আগতে যেতিয়া আক্ৰান্তৰ সংখ্যা বাঢ়ি ২০,৪৭১ জন হৈছিল তেতিয়াও বৃদ্ধিৰ হাৰ আছিল ১৫ শতাংশ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে বৰ্তমান ভাৰতত কৰ’নাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা প্ৰায় ১০ দিনত দুগুণ হৈছে। অৱশ্যে এপ্ৰিলৰ আৰম্ভণিৰ তুলনাত এইকেইদিন পৰিস্থিতি যথেষ্ট ভাললৈ আহিছে বুলিও দাবী কৰিছে স্বাস্থ্য বিভাগে। তেতিয়া ভাৰতত মাত্ৰ ৪ দিনতে আক্ৰান্তৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছিল।

অৱশ্যে পৰিস্থিতি ভাললৈ আহিছে বুলি চৰকাৰে দাবী কৰিলেও এছিয়া মহাদেশৰ জাপান, ইণ্ডোনেছিয়া, পাকিস্তান, বাংলাদেশ আদি দেশৰ তুলনাত ভাৰততে সংক্ৰমণৰ হাৰ অধিক। অৰ্থাৎ এয়া প্ৰায় নিশ্চিত যে বৰ্তমানৰ স্থিতাৱস্থা বাহাল থাকিলে দেশত আক্ৰান্তৰ সংখ্যাই ৫০ হাজাৰ অতিক্ৰম কৰিবলৈ বেছিদিনৰ প্ৰয়োজন নহ’ব।

উল্লেখ্য যে, ভাৰতত সোমবাৰে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ২৮,৩৮০ জন। ইয়াৰে ৮৮৬ জনৰ ইতিমধ্যে মৃত্যু ঘটিছে। আজিৰ দিনটোত মৃত্যু হৈছে ৬০ জনকৈ ৰোগীৰ। আনহাতে এই পৰ্যন্ত সুস্থ হোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে ৬৩৬২ জন।

Author

NNO ONLINE BUREAU's picture

NNO ONLINE BUREAU


Source URL: https://www.newsnextone.com/positive-cases-in-india-could-reach-50000-in-next-eight-days

Links
[1] https://www.newsnextone.com/positive-cases-in-india-could-reach-50000-in-next-eight-days
[2] https://www.newsnextone.com/positive-cases-in-india-could-reach-50000-in-next-eight-days/#comments