News Next One
Published on News Next One (https://www.newsnextone.com)

Home > বিকল্পৰ সন্ধান! ৰাজ্যপালৰ শাসনৰ পিছতে আৱেগিক টুইট হাগ্ৰামা মহিলাৰীৰ

30 Apr

বিকল্পৰ সন্ধান! ৰাজ্যপালৰ শাসনৰ পিছতে আৱেগিক টুইট হাগ্ৰামা মহিলাৰীৰ [1]

By NNO Digital Staff 0 Comments [2]

গুৱাহাটীঃ লকডাউনৰ পৰিপ্ৰেক্ষিতত পৰিষদীয় নিৰ্বাচন স্থগিত হোৱাত বিটিএডিত ৰাজ্যপালৰ শাসন আৰম্ভ হোৱাৰ পিছতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক লৈ অসন্তুষ্ট হৈ পৰিছে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰী। কেৱল অসন্তুষ্ট হৈ পৰাই নহয়, যথেষ্ট আৱেগিকো হোৱা দেখা গৈছে একেৰাহে ১৫ বছৰ বিটিচিত দপদপাই থকা হাগ্ৰামা। বৃহস্পতিবাৰে বিটিচি সচিবালয়ত মুখ্য সচিব সিদ্ধাৰ্থ সিং প্ৰৱেশ কৰাৰ পিছতে কৰা এলানি টুইটত স্পষ্ট হৈ পৰিছে হাগ্ৰামাৰ অসন্তুষ্টি আৰু আৱেগ।

বিটিচি সচিবালয়ত মুখ্য সচিব সিদ্ধাৰ্থ সিং প্ৰৱেশ কৰি প্ৰশাসনিক কাম-কাজৰ তদাৰক আৰম্ভ কৰাৰ পিছতে দুপৰীয়া ১২.৩৮ বজাত নিজৰ আইফোনেৰে বিজেপিৰ টুইটাৰ হেণ্ডলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ টুইটাৰ হেণ্ডলক মেনশ্যন কৰি আজি প্ৰথমটো টুইট কৰে ৰাজ্যপালৰ শাসনক লৈ অসন্তুষ্ট হৈ পৰা হাগ্ৰামাই। এই টুইটত সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিছে আৱেগ।

'ক’ভিড-১৯ৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন স্থগিত ৰখা হৈছে৷ জৰুৰী এই সময়ত কিন্তু আমাৰ লোকসকলক চৰকাৰৰ বেছি প্ৰয়োজন আছিল৷ কিন্তু চৰকাৰৰ ম্যাদ বৃদ্ধিৰ পৰিৱৰ্তে মাননীয় ৰাজ্যপালে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ দায়িত্ব প্ৰদান কৰে মুখ্য সচিবক৷’-হাগ্ৰামাৰ প্ৰথমটো আৱেগিক টুইট।

ইয়াৰ পিছতে লগে লগে আৰু এটা টুইট কৰে নেতাজনে। এই টুইটটোত তেওঁ ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ কথা সদৰী কৰিছে। তেওঁ লিখিছে, 'আমি এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছো৷ আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লিখিত আবেদন দাখিল কৰিম৷’

ভেৰিফাইড @HagramaOnline হেণ্ডলৰ অফিচিয়েল টুইটাৰ একাউণ্টযোগে তৃতীয়টো টুইট কৰিছে ১২.৪১ বজাত। এই টুইটটোত হাগ্ৰামাই উক্ত সিদ্ধান্তৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰখনক একপ্ৰকাৰ ভাবুকি প্ৰদান কৰা দেখা গৈছে। যিকোনো মুহূৰ্ততে বিজেপিৰ সৈতে বিপিএফে মিত্ৰজোঁট ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰো এক ইংগিত দিছে টুইটটোত।

Though we are in alliance with @BJP4India [3] in the state, we are forced to reconsider our understanding. We are looking at other alternatives. I request Prime Minister Shri @narendramodi [4], BJP President Shri @JPNadda [5] and Home Minister Shri @AmitShah [6] to look into the matter. 3/3

— Hagrama Mohilary (@HagramaOnline) April 30, 2020 [7]

'আমি ৰাজ্যত মিত্ৰজোঁটত আছো৷ কিন্তু এই বিষয়ত পুনৰ বিবেচনা কৰিবলৈ আমি বাধ্য৷ আমি অন্য বিকল্পৰ সন্ধান কৰিছো৷ আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, বিজেপিৰ সভাপতি জে পি নাড্ডা ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক এই বিষয়টোত নজৰ দিবলৈ অনুৰোধ জনাইছো৷’-যিকোনো মুহূৰ্ততে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ ইংগিত প্ৰদান কৰি এইদৰে টুইট কৰে অসন্তুষ্ট বিপিএফ দলৰ হৰ্তা-কৰ্তা বিধাতাগৰাকীয়ে।

উল্লেখ্য যে, ১২৬ জনীয়া অসম বিধানসভাত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ হৈছে ৬৪। বৰ্তমান বিধানসভাত বিজেপিৰ বিধায়কৰ সংখ্যা হৈছে ৬০ জন। আনহাতে মিত্ৰ দল অগপৰ ১৪ জন আৰু বিপিএফৰ ১২ জন সদস্য আছে। গতিকে মিত্ৰজোঁটৰ পৰা বিপিএফ ওলাই আহিলেও সৰ্বানন্দ সোণোৱাল চৰকাৰ কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয়। অৱশ্যে মিত্ৰজোঁটৰ ভংগৰ ফলত বিজেপিৰ ওপৰত স্পষ্ট প্ৰভাৱ পৰিব পাৰে ২০২১ৰ নিৰ্বাচনত। 

Author

NNO Digital Staff's picture

NNO Digital Staff


Source URL: https://www.newsnextone.com/hagrama-tweets-after-governor-rule-imposed-on-btad

Links
[1] https://www.newsnextone.com/hagrama-tweets-after-governor-rule-imposed-on-btad
[2] https://www.newsnextone.com/hagrama-tweets-after-governor-rule-imposed-on-btad/#comments
[3] https://twitter.com/BJP4India?ref_src=twsrc%5Etfw
[4] https://twitter.com/narendramodi?ref_src=twsrc%5Etfw
[5] https://twitter.com/JPNadda?ref_src=twsrc%5Etfw
[6] https://twitter.com/AmitShah?ref_src=twsrc%5Etfw
[7] https://twitter.com/HagramaOnline/status/1255756630249086977?ref_src=twsrc%5Etfw