News Next One
Published on News Next One (https://www.newsnextone.com)

Home > লকডাউন খুলিবলৈ দুদিন! দেশত কৰ'নাক্ৰান্ত হ'লগৈ ৩৫ হাজাৰৰো অধিক

01 May

লকডাউন খুলিবলৈ দুদিন! দেশত কৰ'নাক্ৰান্ত হ'লগৈ ৩৫ হাজাৰৰো অধিক [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লীঃ লকডাউন অন্ত পৰিবলৈ মাজত মাথো দুটা দিন। এনে সময়তে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৭৩ জনকৈ লোকৰ। ইয়াৰ ফলত ভাৰতত কৰ’নাত মৃত্যুৰ সংখ্যা বাঢ়ি হয়গৈ ১১৪৭ জন।

শুকুৰবাৰে পুৱা প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বুলেটিনত কোৱা হৈছে যে যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে আৰু ১,৯৯৩ জন লোক। বৰ্তমান দেশত মুঠ কৰ’নাক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩৫,০৪৩ জন। ইয়াৰে ২৫.৩৬ শতাংশ অৰ্থাৎ ৮,৮৮৯ জন লোক ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে।   

যোৱা দুসপ্তাহত ৰোগীৰ সংখ্যা দুগুণ হ’বলৈ লোৱা সময় বৃদ্ধি পাইছে যদিও মৃত্যুৰ হাৰ আৰু আক্ৰান্তৰ হাৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে। স্বাস্থ্য বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই কৈছে, 'কৰ’নাৰ সুস্থতাৰ হাৰ বৃদ্ধি পাইছে ঠিকেই, কিন্তু আমাক চিন্তিত কৰি তুলিছে মৃত্যুৰ হাৰে। যোৱা এটা সপ্তাহত প্ৰতিদিনে গড়ে ৬৫ জনলৈ লোকৰ মৃত্যু হৈছে।’ একেদৰে স্বাস্থ্য বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে দেশত শীঘ্ৰেই কৰ’নাৰ ভয়াৱহ অধ্যায় মুকলি হোৱাৰ সম্ভাৱনা আছে। 

ইফালে লকডাউনক লৈও উদ্বিগ্ন হৈ পৰিছে দেশবাসী। সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন? ৩ মে’ৰ পিছত আকৌ লকডাউন আৰম্ভ হ’ব নেকি? আকৌ লকডাউন আৰম্ভ হ’লে সেয়া কেনেধৰণৰ হ’ব? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰসমূহক জ’ন হিচাপে ভাগ কৰি কম কৰ’না প্ৰভাৱিত অঞ্চলসমূহত লকডাউন পৰ্যায়ক্ৰমে শিথিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। 

লকডাউন শিথিল কৰিলে উক্ত অঞ্চলসমূহত সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰো আশংকাই দেখা দিছে। এই সন্দৰ্ভত আন এগৰাকী স্বাস্থ্য বিষয়াই কয় যে প্ৰধানমন্ত্ৰীৰ মন্ত্ৰ 'দো গজ কি দূৰি, বহত হ্যায় জৰুৰী’ এতিয়া সমগ্ৰ দেশবাসীয়ে অধিক কঠোৰভাৱে জপ কৰিব লাগিব। সমগ্ৰ বিশ্বই যিদৰে সামাজিক দূৰত্ব বৰ্তাই ৰাখি কাম-কাজ আৰম্ভ কৰিছে তেনেদৰে ভাৰতীয়সকলেও কৰিব লাগিব বুলিও মন্তব্য কৰে বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, দেশৰ ভিতৰতে কৰ’না অধিক ভয়াৱহ হৈ পৰিছে মহাৰাষ্ট্ৰ আৰু গুজৰাটত। চৰকাৰী হিচাপ মতে, মহাৰাষ্ট্ৰত এই পৰ্যন্ত প্ৰায় ১০ হাজাৰ লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ৪৩২ জনৰ। ৰাজ্যখনৰ বস্তি অঞ্চলক লৈ এতিয়া চিন্তাত পৰিছে চৰকাৰ। অন্যতম বস্তি অঞ্চল ধাৰাভিত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৫ জনৰ দেহত পজিটিভ ধৰা পৰিছে।

আনহাতে গুজৰাটত আক্ৰান্ত হৈছে ৪ সহস্ৰাধিক লোক, মৃৃত্যু হৈছে দুই শতাধিকৰ। একেদৰে দিল্লী, মধ্যপ্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগ আৰু বিহাৰক লৈয়ো চিন্তিত হৈ পৰিছে স্বাস্থ্য মন্ত্ৰণালয়। অসমতো বৃহস্পতিবাৰে এটা দিনতে ৫ জনকৈ লোকৰ দেহত পজিটিভ ধৰা পৰা বিষয়টোৱেও সকলোকে ভবাই তুলিছে।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/corona-india-cross-35000-biggest-jump-in-24-hours

Links
[1] https://www.newsnextone.com/corona-india-cross-35000-biggest-jump-in-24-hours
[2] https://www.newsnextone.com/corona-india-cross-35000-biggest-jump-in-24-hours/#comments