News Next One
Published on News Next One (https://www.newsnextone.com)

Home > অশান্ত কাশ্মীৰৰ ৩ ফটো সাংবাদিকলৈ ২০২০ বৰ্ষৰ পুলিৎজাৰ বঁটা

05 May

অশান্ত কাশ্মীৰৰ ৩ ফটো সাংবাদিকলৈ ২০২০ বৰ্ষৰ পুলিৎজাৰ বঁটা [1]

By NNO Digital Desk 0 Comments [2]

নিউয়ৰ্কঃ ভয়-শংকাৰ মাজতে সুখবৰ আহিছে কাশ্মীৰলৈ। সন্ত্ৰাস বিধ্বস্ত ৰাজ্যখনৰ ৩জনকৈ সাংবাদিকে লাভ কৰিছে ২০২০ চনৰ পুলিৎজাৰ বঁটা। ফিচাৰ ফটোগ্ৰাফী শিতানত পুলিৎজাৰ জয় কৰিবলৈ সমৰ্থ এই সাংবাদিক ৩ জন হৈছে দাৰ ইয়াছিন, মুখতাৰ খান আৰু ছান্নি আনন্দ। আটাইকেইজন ফটো সাংবাদিকেই জড়িত সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছ চমুকৈ এপিৰ সৈতে।  

পুলিৎজাৰ ব’ৰ্ডৰ প্ৰধান ডানা কেনেডিয়ে সোমবাৰে ইউটিউব লাইভ ভিডিঅ’ ষ্ট্ৰিমিঙৰ জৰিয়তে ঘোষণা কৰে এইবাৰৰ বঁটা বিজয়ীসকলৰ নাম। সাধাৰণতে প্ৰতি বছৰে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত এক বিশেষ অনুষ্ঠানত পুলিৎজাৰ বঁটা ঘোষণা কৰা হয় যদিও এইবাৰ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সেয়া ভাৰ্চুৱেলি ঘোষণা কৰা হয়।

পুলিৎজাৰ বঁটা প্ৰদান কৰা ব’ৰ্ডৰ ৱেবছাইটতত উল্লেখ কৰা মতে বিতৰ্কিত হিমালয়ৰ সন্ত্ৰাসজৰ্জৰ অঞ্চলৰ লোকসকলৰ দুৰ্বিসহ জীৱন-যাপনৰ বাস্তৱ লেন্সত বন্দী কৰি সেয়া বিশ্ববাসীক জনোৱা বাবেই ফটোগ্ৰাফী শিতানৰ বাবে নিৰ্বাচিত কৰা হৈছে এই ৩ জন সাংবাদিকক। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেনা-আৰক্ষীৰ টহল, বিক্ষোভ, প্ৰতিবাদ, সন্ত্ৰাসবাদীৰ আক্ৰমণৰ মাজতে এনেদৰে ছবি সংগ্ৰহ কৰাতো যথেষ্ট কষ্টকৰ আৰু সেই কষ্টক সাংবাদিককেইজনে জয় কৰা বুলিও ৱেবছাইটোত কোৱা হৈছে।

কেবামাহো ধৰি কাশ্মীৰত বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা। তাতে আকৌ পদে পদে নিৰাপত্তাৰক্ষীৰ বাধা। এনে পৰিপ্ৰেক্ষিতত দিল্লীস্থিত এপিৰ মুখ্য কাৰ্যালয়লৈ ফটো তুলি সেয়া প্ৰেৰণ কৰাটো একপ্ৰকাৰ অসম্ভৱ সদৃশ হৈ পৰিছিল। কিন্তু সেই অসম্ভৱকো সম্ভৱ কৰি তুলিছিল এই ৩ জন সাংবাদিকে।

মৃত্যুৰ সৈতে লুকাভাকু খেলি লেন্সত বন্দী কৰা ফটোবোৰ দিল্লীৰ কাৰ্যালয়লৈ তেওঁলোকে প্ৰেৰণ কৰিছিল বিমানৰ যাত্ৰীসকলৰ জৰিয়তে। কাৰ হাতত ফটোবোৰ দিছে সেয়া কাৰ্যালয়লৈ ফোন কৰি জনাবলৈ বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ পিছত কাশ্মীৰত ফোন সেৱাও ব্যাহত হৈ আছিল। সেয়ে বিমানত অহা চৰকাৰী বিষয়া পৰ্যায়ৰ লোকসকলকে অনুৰোধ কৰিছিল ফটোৰ ফাইল দিল্লীৰ কাৰ্যালয়ত দিবলৈ।

বঁটা জয় কৰিবলৈ সমৰ্থ হোৱা দাৰ ইয়াছিন আৰু মুখতাৰ শ্ৰীনগৰৰ বাসিন্দা। আনহাতে ছান্নি হৈছে জম্মুৰ। বঁটা লাভ কৰাৰ খবৰ লাভ কৰি ভাষা হেৰুৱাই পেলাইছিল ছান্নি আনন্দ। এক সাক্ষাৎকাৰত তেওঁ কয়, 'খবৰটো শুনি বিশ্বাস কৰিবকে পৰা নাছিলো।’ ইফালে এই সংবাদ লাভ কৰাৰ লগে লগে এছ’চিয়েটেড প্ৰেছৰ চিইঅ’ গেৰি প্ৰুইটে কয়, 'এওঁলোক ৩জনৰ সাহস আৰু কষ্টক প্ৰশংসা কৰিলেও কম কৰা হ’ব।’

(ওপৰৰ কভাৰ ফটোখনত বাওফালৰ পৰা ক্ৰমে মুখতাৰ, দাৰ আৰু ছান্নিক দেখা গৈছে।)

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/three-jk-photo-journalist-win-pulitzer

Links
[1] https://www.newsnextone.com/three-jk-photo-journalist-win-pulitzer
[2] https://www.newsnextone.com/three-jk-photo-journalist-win-pulitzer/#comments