News Next One
Published on News Next One (https://www.newsnextone.com)

Home > তিনি 'ক'ই ভাবুকি মাতিছে তিনিচুকীয়াৰ মাগুৰি-মতাপুঙৰ পক্ষী পৰ্যটনলৈ

07 May

তিনি 'ক'ই ভাবুকি মাতিছে তিনিচুকীয়াৰ মাগুৰি-মতাপুঙৰ পক্ষী পৰ্যটনলৈ [1]

By Bikashjyoti Saikia 0 Comments [2]

তিনিচুকীয়াঃ পৰ্যটনৰ মানচিত্ৰত যোৱা কেইবছৰমানৰ পৰা বিশেষ স্থান ল’বলৈ সক্ষম হৈছিল তিনিচুকীয়া চহৰৰপৰা নাতিদূৰৈত অৱস্থিত বাৰেকুৰিৰ মাগুৰি-মতাপুং বিলে। মূলতঃ দেশী-বিদেশী পৰিভ্ৰমী চৰাই, জৈৱ-বৈচিত্ৰতাৰ বাবেই পৰ্যটকৰ মন মুহিবলৈ সক্ষম হৈছিল মাগুৰি-মতাপুং বিলখনে। 

উল্লেখ্য যে, মাগুৰি-মতাপুং বিলৰ পক্ষী পৰ্যটনক কেন্দ্ৰ কৰিয়ে বিলৰ আশে-পাশে গঢ়ি উঠিছিল কেবাটাও পৰ্যটন কেন্দ্ৰ, কটেজ। যিসমূহে স্থানীয় উদ্যমী যুৱকক পৰ্যটনৰ ধাৰণাৰ সৈতে পৰিচয় কৰাই দিয়াৰ উপৰি স্বাৱলম্বনৰ বাটো মুকলি কৰি দিছিল।

কিন্তু ২০১৯ৰ শেষৰ ফালে 'কেব-কা’ আন্দোলনে মাগুৰি-মতাপুং বিলৰ পৰ্যটনক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। ইফালে ভূতৰ ওপৰত দানহৰ দৰে কেব-কা আন্দোলনৰ সমান্তৰালকৈ ক’ভিড-১৯ৰ বাবে জাৰি কৰা লকডাউনে পক্ষী বিলখনলৈ পৰ্যটক অহাৰ বাট সমূলঞ্চে বন্ধ কৰি দিয়ে। 

মন কৰিবলগীয়া মাগুৰি-মতাপুং বিলৰ পৰ্যটনৰ সমান্তৰালকৈ বাৰেকুৰিৰ দুষ্প্ৰাপ্য হলৌ, ডিব্ৰু-ছৈখোৱাও পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল যদিও কেব-কা-কৰ’নাই সেয়াও নিঃশেষ কৰি দিলে।

সেয়েহে প্ৰশ্ন উঠিছে, উপৰ্যুপৰি এনে পৰিঘটনাই নিশ্চিহ্ন কৰি পেলাব নেকি মাগুৰি-মতাপুং বিল আৰু দাঁতি-কাষৰীয়া ডিব্ৰু-ছৈখোৱা, বাৰেকুৰিৰ হলৌৰ পৰ্যটন! ৰাজ্যখনৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ প্ৰেক্ষাপটত প্ৰায় দুবছৰ ধৰি বন্ধ হৈ আছে উল্লিখিত পৰ্যটনস্থলীসমূহ। বন্ধ হৈ আছে কেবাটাও পৰ্যটন কেন্দ্ৰ, কটেজ। 

ইফালে, কৰ’না কাল ইমান সোনকালে শেষ হোৱাৰ সম্ভাৱনা নাই বুলিও অনুমান ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। সেয়েহে পুনৰ শীতৰ আৰম্ভণি আৰু শেষ হোৱালৈ মাগুৰি-মতাপুং বিললৈ পৰ্যটক অহাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে। এনে পৰিস্থিতিত ডিব্ৰু-ছৈখোৱাকে ধৰি মাগুৰি-মতাপুং বিলৰ পক্ষী পৰ্যটনৰ সম্ভাৱনাৰ ক্ষেত্ৰত এক বিৰাট প্ৰশ্নবোধকে দেখা দিছে।

Author

Bikashjyoti Saikia's picture

Bikashjyoti Saikia


Source URL: https://www.newsnextone.com/tinsukia-matapung-maguri-bill-tourist-in-danger

Links
[1] https://www.newsnextone.com/tinsukia-matapung-maguri-bill-tourist-in-danger
[2] https://www.newsnextone.com/tinsukia-matapung-maguri-bill-tourist-in-danger/#comments