News Next One
Published on News Next One (https://www.newsnextone.com)

Home > কৰ'নাত মৃত্যুৰ সংখ্যাই পাৰ কৰিলে ২০০০, ক্ৰমাৎ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

10 May

কৰ'নাত মৃত্যুৰ সংখ্যাই পাৰ কৰিলে ২০০০, ক্ৰমাৎ বৃদ্ধি আক্ৰান্তৰ সংখ্যা [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লীঃ তৃতীয় পৰ্যায়ৰ লকডাউন শেষ হ’ব অহা ১৭ মে’ত। ইয়াৰ পূৰ্বেই আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৬০ হাজাৰৰ সীমা। দেওবাৰে পুৱাৰ ভাগত দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় হৈছেগৈ ৬২ হাজাৰ ৯৩৯ জন।

স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা মতে যোৱা ২৪ ঘণ্টাত নতুনকৈ পজিটিভ ধৰা পৰিছে ৩,২৭৭ জন লোকৰ দেহত। এনেদৰে বিগত এটা সপ্তাহত প্ৰতি দিনেই ৩০০০ ৰ অধিক লোক নতুনকৈ সংক্ৰমিত হৈ থকা দেখা গৈছে।

আনহাতে মৃত্যুৰ সংখ্যায়ো স্পৰ্শ কৰিছে ২০০০ৰ ঘৰ। যোৱা ২৪ ঘণ্টাত ১২৭ জন লোকৰ মৃত্যু হোৱাত আজি পুৱাৰ ভাগলৈকে ভাৰতত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২০১৯ জন। এই সময়ছোৱাত সুস্থ হৈ ঘৰলৈ উভতিছে ১৯,৩৫৮ জন লোক।

সমগ্ৰ দেশৰ বিতৰতে কৰ’নাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত আছে সমগ্ৰ দেশৰ আক্ৰান্তৰ তিনি ভাগৰ এক অংশ। ইয়াৰ পিছতে দ্বিতীয় স্থানত থকা গুজৰাটতো কৰ’নাই ধাৰণ কৰিছে জটিল ৰূপ। দিল্লীতো কৰ’নাক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

বিশেষজ্ঞসকলে অনুমান কৰিছে যে অহা এমাহৰ ভিতৰত ভাৰতত কৰ’নাই আৰু অধিক জটিল ৰূপ ধাৰণ কৰিব পাৰে। এনে অনুমানৰ ওপৰত ভিত্তি কৰিয়েই কেন্দ্ৰ চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰোগীৰ সংখ্যা বৃদ্ধি পালে চিকিৎসালয়ৰ সংখ্যা কম হ’ব পাৰে বুলি ধাৰণা কৰি স্বাস্থ্য মন্ত্ৰণালয়ে ইতিমধ্যে হোটেৱ, লজ আদি ব্যৱহাৰ কৰাৰ কথাও চিন্তা কৰিছে।

অসমতো ক্ৰমাৎ জটিল হ’ব পাৰে পৰিস্থিতি!

অসমতো ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে কৰ’নাই। শনিবাৰে যোৰহাটত আৰু ৩ জনকৈ লোকৰ দেহত ধৰা পৰে কৰ’না পজিটিভ। অৱশ্যে ধৰা পৰা ৩ জনৰ আটাইকেইজনেই মুম্বাইৰ পৰা এম্বুলন্সেৰে আহিছিল। এই এম্বুলেন্সখনৰ চালকজন দেহতো পজিটিভ ধৰা পৰিছে আৰু তেওঁক মুম্বাইলৈ উভতাই পঠিওৱা হৈছে।

স্বাস্থ্যমন্ত্ৰীয়ে টুইটযোগে জনোৱা মতে, এম্বুলেন্সখনত অহা লোক দুজনৰ এজন আছিল কৰ্কট ৰোগী। আনজন উক্ত ৰোগীজনৰ আত্মীয় হ’ব পাৰে বুলিও উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়। এম্বুলেন্সখনে প্ৰয়োজনীয় অনুমতি লৈ অসমত প্ৰৱেশ কৰিছিল বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।

ইফালে, যোৰহাটত পজিটিভ ধৰা পৰাৰ পিছত অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় হয়গৈ ৬২ জন। ইয়াৰে ৩৪ জন ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে। আনহাতে ২৭ জনৰ চিকিৎসা চলি আছে আৰু দুজনৰ মৃত্যু ঘটিছে। 

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/total-cases-in-the-country-now-at-62939

Links
[1] https://www.newsnextone.com/total-cases-in-the-country-now-at-62939
[2] https://www.newsnextone.com/total-cases-in-the-country-now-at-62939/#comments