News Next One
Published on News Next One (https://www.newsnextone.com)

Home > ৰেড জ'নক লৈ প্ৰতিষ্ঠিত নিউজ চেনেলত 'ফেক নিউজ'! জনসংযোগৰ স্পষ্টীকৰণ

11 May

ৰেড জ'নক লৈ প্ৰতিষ্ঠিত নিউজ চেনেলত 'ফেক নিউজ'! জনসংযোগৰ স্পষ্টীকৰণ [1]

By NNO Digital Staff 0 Comments [2]

গুৱাহাটীঃ কৰ’নাক লৈ সৰ্বসাধাৰণক সজাগ আৰু সচেতন কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সংবাদ মাধ্যমে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজৰ ভাষণত সেয়া একাধিকবাৰ স্বীকাৰ কৰা দেখা গৈছে। ইয়াৰ মাজতে একাংশ সংবাদ মাধ্যমে কৰ’নাক লৈ জনসাধাৰণৰ মাজত অধিক আতংক বিয়পাই দিয়া বুলিও অভিযোগ উত্থাপিত হৈ আহিছে।

এনে অভিযোগৰ মাজতে সোমবাৰে মুখ্য ধাৰাৰ কেবাটাও নিউজ চেনেল আৰু নিউজ পৰ্টেলে ফেক নিউজ সম্প্ৰচাৰ কৰা পৰিলক্ষিত হয়। নিউজ চেনেল আৰু নিউজ পৰ্টেলকেইটাই সম্প্ৰচাৰ কৰা বাতৰি মুহূৰ্ততে লক্ষ লক্ষ লোকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰো কৰে। ৰেড জ’ন ঘোষণা কৰা বিষয়ক বাতৰিটো পায়েই বহুতে সেয়া গুৰুত্বসহকাৰে লৈ শ্বেয়াৰ কৰে।

পিছত কথাটো জানিব পাৰি পৰিস্থিতিয়ে যাতে গুৰুতৰ ৰূপ ধাৰণ নকৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা নিউজ চেনেল আৰু নিউজ পৰ্টেলকেইটাৰ উক্ত বাতৰি 'ফেক’ বুলি চিহ্নিত কৰি নিজৰ অফিচিয়েল ফেচবুক পেজৰ জৰিয়তে প্ৰকাশ কৰে। ফেচবুক পেজটোত উক্ত পোষ্টটো আপলোড কৰি জনসংযোগ বিভাগে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈকো আহ্বান জনাইছে।

ফেক নিউজ সম্প্ৰচাৰ কৰা নিউজ চেনেল-পৰ্টেলকেইটা

জনসংযোগ বিভাগৰ অফিচিয়েল ফেচবুক পেজত থকা তথ্যমতে 'অসমৰ ৭খনকৈ জিলাক ৰেড জ’ন ঘোষণা’ কৰা হৈছে বুলি বাতৰি সম্প্ৰচাৰ কৰা উক্ত ছেটেলাইট নিউজ চেনেলকেইটাৰ ভিতৰত সৰ্বাধিক টিআৰপি থকা 'নিউজ লাইভ’ নামৰ চেনেলটোও আছে। আন চেনেলকেইটা হৈছে  প্ৰতিদিন টাইম আৰু আছাম টকছ।

একেদৰে পেজটোত 'ফেক নিউজ’ বুলি চিহ্নিত কৰিছে 'ঈশান নিউজ’ নামৰ নিউজ পৰ্টেল এটাই সম্প্ৰচাৰ কৰা বাতৰিৰ স্ক্ৰীণশ্বটক। জি প্লাছ নামৰ ইংৰাজী ভাষাৰ নিউজ পৰ্টেলটোৱেও ৰেড জ’ন ঘোষণা কৰা প্ৰসংগক লৈ ফেক নিউজ কৰাৰ কথা উল্লেখ কৰিছে জনসংযোগ বিভাগে।

'ফেক নিউজ’ হিচাপে উল্লেখ কৰা উক্ত পোষ্টটোৰ তলত কেবাজনো সচেতন নেটিজেনে বিষয়টোক লৈ আশ্চৰ্য প্ৰকাশ কৰা দেখা গৈছে। মুকুট দাস নামৰ এজনে কমেণ্টত কৈছে, 'নিউজ লাইভে দিনটো ৭ খন জিলা ৰেড জ’ন ঘোষিত হৈছে বুলি চিঞৰি আছিল। এনেদৰে আতংকিত কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে।’

গোপাল কৃষ্ণ চক্ৰৱৰ্তী নামৰ আন এজনে কৈছে, 'বাতৰি এটা প্ৰচাৰ কৰাৰ আগতে সবিশেষ জানি লৈ কৰিব লাগে। ফেক নিউজে সমাজত বিৰূপ প্ৰভাৱ পেলায়। ইয়াৰ বাবে তেওঁলোকেই জগৰীয়া। গতিকে চেনেলসমূহ সাৱধান হ’ব লাগে, নহ’লে বিশ্বাসযোগ্যতা হ্ৰাস পাব।’

কৰ্ণ সিং যাদৱ নামৰ এজন নেটিজেনে এনেদৰে ফেক নিউজ বিয়পোৱা চেনেলকেইটাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈকো আহ্বান জনাইছে। তেওঁ লিখিছে, 'এইসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়াও আপডেট কৰক। যাতে তেওঁলোকে পৰৱৰ্তী সময়ত এনে কাম কৰিবলৈ সাহস নকৰে।’

কিয় মুখ্য ধাৰাৰ চেনেলত সম্প্ৰচাৰ হয় ফেক নিউজ?

ফেক নিউজৰ বাবেই সমগ্ৰ বিশ্বতে সংঘটিত হৈ আহিছে একাধিক অঘটন। কিছুদিন পূৰ্বে ফেক নিউজৰ চিকাৰ হৈ একাংশ লোকে মহাৰাষ্ট্ৰৰ পালঘৰত হত্যা কৰিছিল দুজনকৈ সাধু বাবাক। অসমৰ ডকমকাত সংঘটিত নীল-অভি কাণ্ডই এতিয়াও ৰাজ্যবাসীৰ মন-মগজুত বাৰুকৈয়ে ক্ৰিয়া কৰি আছে।

এনে পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ফেক নিউজ বিয়পোৱাসকলৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসনেও গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। কৰ’না মহামাৰীক লৈ ফেক নিউজ বিয়পোৱাৰ অভিযোগত লকডাউনৰ আৰম্ভণিতে ৰাজ্যখনৰ ভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কেবাজনো লোকক। কিন্তু যেতিয়া মুখ্য ধাৰাৰ নিউজ চেনেল-পৰ্টেলেই ফেক নিউজ বিয়পাই তেতিয়া সকলোৱেই বিভ্ৰান্ত হৈ পৰে।

মুখ্য ধাৰাৰ নিউজ চেনেলসমূহো কিয় ফেক নিউজৰ কবলত পৰে সেই সন্দৰ্ভত জানিবলৈ যোগাযোগ কৰাত এগৰাকী জ্যেষ্ঠ সাংবাদিকে নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে চেনেলসমূহৰ মাজত ব্ৰেকিং নিউজৰ অঘোষিত প্ৰতিযোগিতা হোৱাৰ ফলতে এনে হ’বলৈ পায়। 'কোনে আগত নিউজটো দিব পাৰে তাৰ চেষ্টা চলাওতে বাতৰিটোৰ অথেনটিচিটি চেক কৰিবলৈকে পাহৰি যায়। গতিকে ফেক নিউজ সম্প্ৰচাৰ হ’লেও আচৰিত হ’বলগীয়া একো নাই।’-জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয়।

তেওঁ আৰু কয়, 'এতিয়া ছ’চিয়েল মিডিয়াৰ যুগ। গতিকে চেনেলসমূহৰ সম্পাদক, সাংবাদিকসকল সাৱধান হ’ব লাগিব, বাতৰি সংগ্ৰহ আৰু পৰিৱেশনৰ ধৰণলৈ পৰিৱৰ্তন আনিব লাগিব। আগতে সম্পাদক, সাংবাদিকসকলক জনসাধাৰণে প্ৰশ্ন কৰিব নোৱাৰিছিল। কিন্তু এতিয়া সম্পাদক, সাংবাদিকসকলকো ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক মিনিটতে জনতাই জনতাৰ কাঠগৰাত থিয় কৰাব পাৰে।’  

সাংবাদিকগৰাকীয়ে আৰু কয় যে চৰকাৰী বিভাগসমূহত কৰ্মৰত বিষয়াসকলৰ বাবেও বহুসময়ত ফেক নিউজ সম্প্ৰচাৰ হয়। 'অসমত তথ্যৰ উৎস সম্পৰ্কে নিশ্চিত হোৱাতো যথেষ্ট কঠিন হৈ পৰে। আমি নিজেই এনে অভিজ্ঞতাৰ সন্মুখীন হৈছো। বিষয়াসকলক ফোন কৰিলে ৰিচিভ নকৰে। বহু সময়ত নাজানো বুলিয়েই গা এৰা দিয়ে। এটা উৎসই হয় বুলি ক'লে সেই উৎসৰ কথা কিমান সত্য বুলি জানিবলৈ আন এটা উৎসলৈ ফোন কৰিলে কথাবোৰ এৰাই চলে। অৱশ্যে ব্ৰেকিং নিউজৰ নামত লৰাঢপৰা নকৰিলে এনে সমস্যা হ্ৰাস পাব বুলি আশা কৰিব পাৰি।'-সাংবাদিকগৰাকীয়ে কয়।

Author

NNO Digital Staff's picture

NNO Digital Staff


Source URL: https://www.newsnextone.com/assamese-news-chanel-aired-fake-news-on-corona

Links
[1] https://www.newsnextone.com/assamese-news-chanel-aired-fake-news-on-corona
[2] https://www.newsnextone.com/assamese-news-chanel-aired-fake-news-on-corona/#comments