News Next One
Published on News Next One (https://www.newsnextone.com)

Home > বিশেষজ্ঞৰ পৰামৰ্শক আওকাণ! লকডাউন সত্বেও ২৪ ঘণ্টাত আক্ৰান্ত ৬,০৮৮ জন

22 May

বিশেষজ্ঞৰ পৰামৰ্শক আওকাণ! লকডাউন সত্বেও ২৪ ঘণ্টাত আক্ৰান্ত ৬,০৮৮ জন [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লী/গুৱাহাটীঃ দিন যিমানেই গৈ আছে সিমানেই ভয়াৱহ হৈ পৰিছে কৰ’না কাল। আক্ৰান্তৰ সংখ্যাই নিতৌ গঢ়িছে ন ন অভিলেখ। যোৱা ২৪ ঘণ্টাত আক্ৰান্ত হৈছে সৰ্বাধিক ৬,০৮৮ জনকৈ লোক। ইয়াৰ ফলত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১.১৮ লাখ।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ে শুকুৰবাৰে পুৱাৰ মেডিকেল বুলেটিনত জনাইছে যে যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত আৰু ১৪৮ জনৰ মৃত্যু হৈছে। এই অনুযায়ী ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩,৫৮৩ জন। দেশত বৰ্তমান ৬৬,৩৩০ জন কৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে আৰু সুস্থ হৈ ঘৰলৈ উভতিছে ৪৮,৫৩৪ জন।

মেডিকেল বুলেটিনত স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, আক্ৰান্তৰ সংখ্যা বাঢ়িলেও সুস্থ হৈ উঠা লোকৰ সংখ্যাও সামান্য বৃদ্ধি পাইছে। বৰ্তমান সুস্থ হৈ উঠাৰ হাৰ হৈছে ৪০.৯৭ শতাংশ। বৃহস্পতিবাৰে এই হাৰ আছিল ৪০.৩১ শতাংশ। অৱশ্যে সুস্থ হৈ উঠা লোকৰ তুলনাত দিনে দিনে আক্ৰান্তৰ সংখ্যা অধিক হোৱাত ভিতৰি ভিতৰি উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ।

অসমতো ক্ৰমাৎ বাঢ়িছে আক্ৰান্তৰ সংখ্যা

এটা সময়ত তেনেই কেইজনমান কৰ’না আক্ৰান্ত থকা অসমতো যোৱা সপ্তাহৰ পিছৰে পৰা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰে দিনৰ ১২ বজালৈকে ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ২১৪ জন। স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে জনোৱা মতে নতুনকৈ পজিটিভ ধৰা পৰাসকলৰ অধিকাংশই বহিঃৰাজ্যৰ পৰা উভতি অহা লোক।

বহিঃৰাজ্যৰ পৰা আহি অসম পোৱাৰ পিছতে লোকসকলক ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইনত ৰখা হৈছে বাবে আক্ৰান্তৰ সংখ্যা বাঢ়িলেও ইমান বেছি চিন্তিত হৈ পৰিবলগীয়া কাৰণ নাই বুলিও বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। অৱশ্যে ৰাজ্যবাসীক পূৰ্বতকৈ অধিক সতৰ্ক হ’বলৈ আহ্বান জনাইছে চিকিৎসক তথা স্বাস্থ্য বিশেষজ্ঞসকলে।

ইফালে, একাংশ লোকে ১৪ দিনৰ বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিবলৈ থেৰো-গেৰো কৰাৰ দৰে ঘটনা বৃদ্ধি পোৱালৈ চাই তেনে লোকৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰাৰ লগতে প্ৰয়োজনত গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলিও জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে, বাধ্যতামূলক কোৱাৰেণ্টাইন অমান্য কৰা লোকসকল প্ৰভাৱশালী লোক হ’লেও ৰেহাই নাপাব।

লকডাউন সত্বেও কিয় বৃদ্ধি পাইছে আক্ৰান্ত?

ইউৰোপীয় দেশসমূহৰ লগতে চীন, কোৰিয়া আদি দেশত লকডাউনৰ ফলত দিনে দিনে আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে দুমাহৰ কঠোৰ লকডাউন সত্বেও আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে দেশবাসী। একাংশ বিশেষজ্ঞই এই সন্দৰ্ভত কৈছে যে চৰকাৰে লকডাউন ঘোষণা কৰাৰ সময়ত প্ৰয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰা বাবেই এনে হ’বলৈ পাইছে।

ইয়াৰ মাজতে কেবাটাও গৱেষণামূলক ৱেবছাইটে চৰকাৰে গঠন কৰি দিয়া টাস্ক ফ’ৰ্চ আৰু আইচিএমআৰৰ বিশেষজ্ঞৰ উধৃতিৰে কৈছে যে চৰকাৰে বিশেষজ্ঞসকলৰ পৰামৰ্শক অৱজ্ঞা কৰি লকডাউন ঘোষণা কৰিছিল আৰু এতিয়া লকডাউন শিথিল কৰাৰ সময়তো তেনে বিজ্ঞানসন্মত পৰামৰ্শক গুৰুত্ব দিয়া নাই। উল্লেখ্য যে কেবাগৰাকী বিশেষজ্ঞই ফেব্ৰুৱাৰী মাহতে প্ৰস্তুত কৰি উলিওৱা গৱেষণা পত্ৰত ভাৰতত চীনৰ আৰ্হিৰ লকডাউন সফল নহ’ব বুলি চৰকাৰক সকীয়াই দিছিল।

আনহাতে টাস্ক ফ’ৰ্চৰ সদস্য তথা মহামাৰী বিশেষজ্ঞ আৰু নিটি আয়োগৰ মাজতো মহামাৰীবিধক লৈ মতানৈক্যই দেখা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। স্বাস্থ্য বিশেষজ্ঞ আৰু মহামাৰী বিশেষজ্ঞসকলে চৰকাৰে ঘোষণা কৰা ধৰণৰ লকডাউনে দেশত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি কৰিব বুলি কোৱাৰ বিপৰীতে নিটি আয়োগে লকডাউনৰ ফলত ১৫ মে’ৰ পিছত আক্ৰান্তৰ সংখ্যা প্ৰায় এজনো নাথাকিব বুলি দাবী কৰিছিল। 

কিন্তু সম্প্ৰতি সেই দাবী সম্পূৰ্ণৰূপে ভুল প্ৰমাণিত হোৱাৰ বিপৰীতে স্বাস্থ্য বিশেষজ্ঞ আৰু মহামাৰী বিশেষজ্ঞসকলে কোৱা ধৰণে লকডাউনৰ পিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধিহে পাবলৈ লৈছে। এনে পৰিপ্ৰেক্ষিতত লকডাউন কেতিয়া প্ৰত্যাহাৰ কৰিব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰতো সমস্যাত পৰিছে কেন্দ্ৰ চৰকাৰ।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/coronavirus-cases-in-24-hours-biggest-single-day-spike-in-india

Links
[1] https://www.newsnextone.com/coronavirus-cases-in-24-hours-biggest-single-day-spike-in-india
[2] https://www.newsnextone.com/coronavirus-cases-in-24-hours-biggest-single-day-spike-in-india/#comments