News Next One
Published on News Next One (https://www.newsnextone.com)

Home > লকডাউন প্ৰত্যাহাৰৰ প্ৰস্তুতি কেন্দ্ৰৰ! ১ জুনৰ পৰা এমাহ পৰ্যন্ত আনলক-১

30 May

লকডাউন প্ৰত্যাহাৰৰ প্ৰস্তুতি কেন্দ্ৰৰ! ১ জুনৰ পৰা এমাহ পৰ্যন্ত আনলক-১ [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শনিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে পঞ্চম পৰ্যায়ৰ লকডাউন। পূৰ্বতকৈ নীতি-নিয়ম কিছু শিথিল কৰি ঘোষণা কৰা এই লকডাউন অহা ১ জুনৰ পৰা আৰম্ভ হৈ ৩০ জুনত অন্ত পৰিব। লকডাউন অব্যাহত থাকিলেও অহা ৮ জুনৰ পৰা কণ্টেইনমেণ্ট জ’নৰ বাদে বাকী অঞ্চলসমূহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি শ্বপিং মল আৰু ধৰ্মীয় স্থানসমূহ খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে। 

আনলক-১ হিচাপে দাবী কৰা পঞ্চম পৰ্যায়ৰ লকডাউনত ৮ জুনৰ পৰা হোটেল আৰু ৰেষ্টুৰেণ্টসমূহো খোলা ৰাখিব পাৰিব। ধৰ্মীয় উপাসনাস্থলসমূহ খুলিলেও এই সময়ছোৱাত ধৰ্মীয় সভা তথা মেলা আদি অনুষ্ঠিত কৰিব পৰা নাযাব। অৱশ্যে শিক্ষানুষ্ঠান আৰু আন্তৰ্জাতিক বিমানৰ চলাচল কেতিয়াৰ পৰা আৰম্ভ কৰা হ’ব সেয়া সমীক্ষাৰ অন্ততহে নিশ্চিত কৰা হ’ব বুলি জনাইছে গৃহ মন্ত্ৰণালয়ে। 

নিশা ৯ বজাৰ পিছতহে সান্ধ্যআইন

আজি ঘোষণা কৰা নতুন গাইডলাইনত সান্ধ্য আইনৰ সময়ৰো সালসলনি ঘটোৱা হৈছে। নতুন গাইডলাইনমতে, পূৰ্বৰ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজাৰ পৰিৱৰ্তে ১ জুনৰ পৰা নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্যা আইন অব্যাহত থাকিব। আন্তঃৰাজ্যিক পৰিবহণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাও প্ৰত্যাহাৰ কৰিলেও সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে এই সন্দৰ্ভত নিজাববীয়াকৈ সিদ্ধান্ত ল’ব পাৰিব।

'আনলক-১ আৰ্থাৎ লকডাউন প্ৰত্যাহাৰৰ এই পৰ্যায়ত অৰ্থনীতিক গতি প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে।’-নতুন গাইডলাইন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ সৈতে কৰা আলোচনাৰ অন্তত যুগুত কৰি উলিওৱা হৈছে বুলি উল্লেখ কৰি এইদৰে সদৰী কৰিছে গৃহ মন্ত্ৰণালয়ে।

স্কুল-কলেজ খোলাক লৈ জুলাইত ল’ব সিদ্ধান্ত

পঞ্চম পৰ্যায়ৰ লকডাউনৰ গাইডলাইনত কণ্টেইনমেণ্ট জ’নৰ বাদে বাকী ঠাইত থকা সকলো ধৰণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথাও কোৱা হৈছে। নতুন গাইডলাইনত উল্লেখ থকা মতে শিক্ষানুষ্ঠানসমূহ কেতিয়া খোলা হ’ব সেই সম্পৰ্কে ৰাজ্য চৰকাৰ, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় কৰ্তৃপক্ষ তথা অন্যান্যসকলৰ সৈতে কৰা আলোচনাৰ অন্তত জুলাই মাহতহে সিদ্ধান্ত গ্ৰহণ কৰিব। 

'আন্তৰ্জাতিক বিমানৰ চলাচল, মেট্ৰ’ ৰেলসেৱা, চিনেমাহল, জিম, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ আৰু বাৰ আদি কেতিয়াৰ পৰা খোলা হ’ব সেই লৈ বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰা হ’ব। আলোচনা আৰু পৰিস্থিতিৰ সমীক্ষাৰ অন্তত সিদ্ধান্ত লোৱা হ’ব।’-এইদৰে কৈছে গৃহ মন্ত্ৰণালয়ে।

আনহাতে, কন্টেইনমেণ্ট জ’নত ৩০ জুন পৰ্যন্ত কেৱল অত্যাৱশ্যাকীয় কাম-কাজসমূহ সম্পন্ন কৰিবলৈহে অনুমতি প্ৰদান কৰা হৈছে নতুন গাইডলাইনত। কন্টেইনমেণ্ট জ’নত প্ৰৱেশ আৰু প্ৰস্থানৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসনক কঠোৰ হ’বলৈ কোৱা হৈছে আৰু কণ্টেক্ট ট্ৰেচিং তথা ঘৰে ঘৰে গৈ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰাৰ কথাও নতুন গাইডলাইনত উল্লেখ আছে। 

উল্লেখ্য যে যোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ যোৱা ২৫ মাৰ্চত ঘোষণা কৰা হৈছিল ২১ দিনীয়া লকডাউন। তেতিয়াৰে পৰা ৩ বাৰকৈ লকডাউন বৃদ্ধি কৰা হৈছে। তৎসত্বেও সংক্ৰমণৰ হাৰ আশা কৰা ধৰণে নিয়ন্ত্ৰিত নোহোৱাত আজি পুনৰ সেয়া চতুৰ্থবাৰৰ বাবে বৃদ্ধি কৰে কেন্দ্ৰ চৰকাৰে।

কৰ’না কালৰ স্বাভাৱিক জীৱন-যাপন!

আজিৰ নতুন গাইডলাইনত পঞ্চম পৰ্যায়ৰ লকডাউনক লকডাউন প্ৰত্যাহাৰৰ প্ৰথম পৰ্যায় বুলি উল্লেখ কৰি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা, সঘনে ছেনিটাইজাৰ ব্যৱহাৰ কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা, দোকানত একেসময়তে ৫জনতকৈ অধিক লোকে ভিৰ নকৰা, বিয়া-সবাহত ৫০ জনতকৈ অধিক আলহী আৰু শেষকৃত্য অনুষ্ঠানত ২০ জনতকৈ অধিক লোক উপস্থিত নথকাতো কৰ’না কালৰ স্বাভাৱিক জীৱন-যাপন হিচাপে ধৰা হৈছে। এই নতুন গাইডলাইনত ৱৰ্ক ফ্ৰম হোমৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

ইফালে, সমগ্ৰ দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিছে ১.৭ লাখৰ সীমা। এই সময়ছোৱাত দেশত ভাইৰাছবিধৰ ফলত মৃত্যু হৈছে অতিকমেও ৫ হাজাৰ লোকৰ। চাৰিটা পৰ্যায়ৰ কঠোৰ লকডাউন সত্বেও আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত চৰকাৰৰ নীতিক লৈও ভিন্ন মহলত উত্থাপিত হৈছে একাধিক প্ৰশ্ন। বিশেষকৈ দুমাহ ধৰি লকডাউন অব্যাহত থকাৰ পিছতো ভাৰতত বাকী দেশসমূহৰ দৰেকৈ সংক্ৰমণৰ হাৰ নিম্নগামী নোহোৱা বিষয়টোৱে অস্বস্তিত পেলাইছে কেন্দ্ৰ চৰকাৰক।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/unlock-one-announced-by-home-ministry

Links
[1] https://www.newsnextone.com/unlock-one-announced-by-home-ministry
[2] https://www.newsnextone.com/unlock-one-announced-by-home-ministry/#comments