News Next One
Published on News Next One (https://www.newsnextone.com)

Home > এইবাৰ দেশত এদিনতে আক্ৰান্ত ৯০০০ লোক, অসমতো ক্ৰমাৎ বাঢ়িছে পজিটিভৰ সংখ্যা

04 Jun

এইবাৰ দেশত এদিনতে আক্ৰান্ত ৯০০০ লোক, অসমতো ক্ৰমাৎ বাঢ়িছে পজিটিভৰ সংখ্যা [1]

By NNO Digital Desk 0 Comments [2]

নতুন দিল্লীঃ দেশত প্ৰতি নিয়ত বাঢ়িছে কৰ’না আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত এদিনতে আক্ৰান্ত হৈছে ৯৩০৪ জনকৈ লোক। ইয়াৰ ফলত দেশত কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ২,১৬,৯১৯ জন। বুধবাৰৰ দিনটোত এনেকৈ ৯০০০ লোক আক্ৰান্ত হোৱাৰ পিছত অহা দুই এদিনৰ ভিতৰত এদিনতে আক্ৰান্ত ১০ হাজাৰৰ অধিক হ’ব বুলি শংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।

বৃহস্পতিবাৰে পুৱা প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মেডিকেল বুলেটিনত কোৱা হৈছে যে দেশত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৬০৭৫ জনকৈ লোকে। সুস্থ হৈ ঘৰলৈ উভতিছে ১,০৪,১০৭ জন। সুস্থতাৰ হাৰ হৈছে ৪৭.৯৯ শতাংশ। 

দেশৰ ভিতৰত সৰ্বাধিক কৰ’নাত আক্ৰান্ত লোক আছে মহাৰাষ্ট্ৰত। বুধবাৰে ৰাজ্যখনত ১২২ জন কৰ’নাত আক্ৰান্তৰ মৃত্যু হয়। ৰাজ্যখনত এতিয়ালৈকে ৰোগবিধত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ২,৫৮৭ জন। আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাই হৈছে ৭৪,৮৬০ জন। বুধবাৰে নতুনকৈ ৰাজ্যখনত আক্ৰান্ত হৈছে ২,৫৬০ জন।

উল্লেখ্য যে, কৰ’না আক্ৰান্তৰ দিশৰ পৰা বিশ্বৰ ভিতৰতে সপ্তম স্থান পাইছে ভাৰতে। বুধবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ৰ যুগ্ম সচিবৰ দেহতো ধৰা পৰে কৰ’না পজিটিভ। মহাৰাষ্ট্ৰৰ লগতে দিল্লীতো কৰ’না আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে। অধিকাংশ ৰাজ্যতে ক’ভিড হাস্পতালত বিছনাৰ নাটনিও হোৱা দেখা গৈছে। 

এনে পৰিপ্ৰেক্ষিতত দেশবাসীৰ মনত স্বাভাৱিকতেই প্ৰশ্ন উত্থাপিত হৈছে যে ইয়াৰ অন্ত কেতিয়া হ’ব? এই প্ৰশ্নৰ উত্তৰত মঙলবাৰে আইচিএমআৰৰ শীৰ্ষ বিষয়া নিবেদিতা গুপ্তাই কয়, 'কৰ’নাৰ সংক্ৰমণৰ শিখৰ অৱস্থা আহি পাবলৈ এতিয়াও বাকী আছে।’ অৱশ্যে তেওঁ ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপসমূহৰ বাবে মৃত্যুৰ হাৰ কম হৈছে বুলি দাবী কৰে।

মুম্বাই আৰু দিল্লীত সমূহীয়া সংক্ৰমণ দেখা গৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয়, 'এই লৈ আলোচনা কৰাৰ আগতে আমি ভাইৰাছ কিদৰে সংক্ৰমিত হৈছে সেয়া বুজি পাব লাগিব। আমি বুজি পাব লাগিব তাৰ প্ৰকৃতি সম্পৰ্কে। সমীক্ষাৰ ফলাফল দুই-এদিনতে আহি পালেই সকলো স্পষ্ট হৈ পৰিব।’ 

ইফালে, কৰ’না আক্ৰান্তৰ দিশত ভাৰতে বিশ্বৰ সপ্তম স্থান পালেও কেন্দ্ৰ চৰকাৰে এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণৰ ভিতৰতে আছে বুলি বাৰম্বাৰ দাবী কৰি আহিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালে এই সন্দৰ্ভত কয়, 'দেশৰ জনসংখ্যাৰ বিষয়টোলৈও আমি চাব লাগিব। যি ১৪খন দেশৰ জনসংখ্যা ভাৰতৰ ওচৰা-ওচৰি সেই দেশসমূহত আক্ৰান্তৰ সংখ্যা ভাৰততকৈ ২২ গুণ অধিক। লগতে মৃত্যুৰ হাৰো ৫৫.২ গুণ বেছি। বিপৰীতে ভাৰতত মৃত্যুৰ হাৰ হৈছে মাত্ৰ ২.৮২ শতাংশ।’

দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো যোৱা এটা সপ্তাহত হোৰাহোৰে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। সম্প্ৰতি বহিঃৰাজ্যৰ পৰা অহা লোকসকলেই আক্ৰান্ত হৈছে যদিও কোৱাৰেণ্টাই চেণ্টাৰসমূহৰ ব্যৱস্থাপনাক লৈ প্ৰশ্ন উত্থাপিত হোৱাত আৰু লকডাউন প্ৰায় প্ৰত্যাহাৰ হোৱাত ৰাজ্যখনতো দিল্লী মুম্বাইৰ দৰে সমূহীয়া সংক্ৰমণে দেখা দিয়াৰ আংশকায়ো গা কৰি উঠিছে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ জৰিয়তে জানিব পৰা মতে, আজি দিনৰ ১ বজা পৰ্যন্ত ৰাজ্যখনত কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১৮৭৭ জন। ইয়াৰে ৪১৩ জন সুস্থ হৈ ঘৰলৈ উভতিছে। ৰাজ্যখনত কৰ’নাত মৃত্যু হৈছে ৪ জনৰ। বৰ্তমান চিকিৎসাধীন হৈ আছে ১৪৫৭ জন আক্ৰান্ত।

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/covid-19-over-9000-coronavirus-cases-in-india-in-a-single-day

Links
[1] https://www.newsnextone.com/covid-19-over-9000-coronavirus-cases-in-india-in-a-single-day
[2] https://www.newsnextone.com/covid-19-over-9000-coronavirus-cases-in-india-in-a-single-day/#comments