News Next One
Published on News Next One (https://www.newsnextone.com)

Home > সনন্ত তাঁতিৰ কবিতা 'বিজয়ী হোৱাৰ আকাংক্ষাত'

20 Sep

সনন্ত তাঁতিৰ কবিতা 'বিজয়ী হোৱাৰ আকাংক্ষাত' [1]

By News Next One 0 Comments [2]

♦ সনন্ত তাঁতি

বিজয়ী হোৱাৰ আকাংক্ষাত বতাহৰ পৰা 
প্ৰতিনিয়ত বুটলি লওঁ অনিৰ্বাপিত শব্দবোৰ।
দুৰ্বাৰ আক্ৰমণৰ অনুশীলন কৰো। আন্ধাৰতো 
বিচাৰি ফুৰো শ্ৰেণীব্যাখ্যা, সংজ্ঞা ও সংস্কৃতি।

আক্ৰমণ ৰচিবলৈ প্ৰতিনিয়ত  বাটৰ উৎস 
বিচাৰি থাকো। শ্ৰেণী শত্ৰুৰ ভিতৰে বাহিৰে গৈ 
চিনাকি হোৱাৰ ছলেৰে চিনি লওঁ তেওঁৰ  দুৰ্বলতা 
আৰু শক্তিৰ নিৰ্মাণ। কিয়নো শত্ৰুৰ সতে  
যুঁজিবলৈ হ'লে তেওঁৰ সকলো জানিব লাগিব 
বুলি কমৰেড মাওৱে এদিন কৈছিল আমাৰ  
সকলোকে। 

বিজয়ী হোৱাৰ আকাংক্ষাত মই প্ৰতিনিয়ত দ্ৰোহ 
কৰো নিজৰ ভিতৰতে।
জ্বলাই দিওঁ সৰ্বনাশী সকলো অহংকাৰ।
মুকলি আকাশৰ আন্ধাৰত বহি জীৱনক সোধো 
জীৱনৰ বিষয়ে। বিচাৰি ফুৰো শ্ৰেণীশত্ৰু শ্ৰেণীৰ 
ভিতৰতে। বিজয়ী হোৱাৰ আকাংক্ষাত।

Author

News Next One's picture

News Next One


Source URL: https://www.newsnextone.com/sunday-special-poem-by-sananta-tanti-bijayee-hoar-akangkhat

Links
[1] https://www.newsnextone.com/sunday-special-poem-by-sananta-tanti-bijayee-hoar-akangkhat
[2] https://www.newsnextone.com/sunday-special-poem-by-sananta-tanti-bijayee-hoar-akangkhat/#comments