News Next One
Published on News Next One (https://www.newsnextone.com)

Home > ফেচবুক জাল: গোসাঁইগাৱঁত বহিঃৰাজ্যৰ নাৰী সৰ্বৰাহকাৰীৰ পৰা যুৱতী উদ্ধাৰ

16 Oct

ফেচবুক জাল: গোসাঁইগাৱঁত বহিঃৰাজ্যৰ নাৰী সৰ্বৰাহকাৰীৰ পৰা যুৱতী উদ্ধাৰ [1]

By NNO Contributor 0 Comments [2]

 

 

 নাৰী সৰবৰাহকাৰীসকলৰ এতিয়া প্ৰধান অস্ত্ৰ হৈ পৰিছে সামাজিক মাধ্যম.....প্ৰলোভনেৰে বহু ছোৱালীক  কৰিছে সৰবৰাহ

ৰুবুল পাঠকৰ প্ৰতিবেদন।


নাৰী সৰবৰাহ চক্ৰই সমগ্ৰ দেশ  চানি ধৰিছে ,অসমো এইক্ষেত্ৰত ব্যতিক্ৰম নহয়। নাৰী সৰবৰাহকাৰীসকলৰ এতিয়া প্ৰধান অস্ত্ৰ হৈ পৰিছে সামাজিক মাধ্যম। সামাজিক মাধ্যমেৰে পৰিচয় হৈ প্ৰেমৰ জালত আবদ্ধ কৰি বিবাহৰ প্ৰলোভনেৰে বহু ছোৱালী সৰবৰাহ প্ৰক্ৰিয়া ক্ৰমাৎ বৃদ্ধি হ'ব ধৰিছে।

ফেচবুক এতিয়া নাৰী সৰবৰাহৰ ক্ষেত্ৰ নেকি ?

   যুৱতী গৰাকীৰ পৰিয়ালবৰ্গৰে হোৰা বাৰ্তালাপত তেওঁলোকে জনায়,' ফেচ্বুকত পৰিচয় হৈছিল যুৱতী গৰাকীৰ।কথা বতৰাৰ পাছত সিহঁতৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল। লৰাটো বিহাৰী আছিল। তাৰ পাছত লৰাটো তাইক নিবলৈ আহিছিল। আমি তেতিয়ালৈ তেওঁক এনে ধৰনৰ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত বুলি জনা নাছিলো। তাই ঘৰৰ পৰা মনে মনে লৰাটোৰ সৈতে গুচি গৈছিল । আমি পাছত গম পাইছিলো যদিও বিচাৰিবলৈ কোনো ঠিকনা নাছিল। শেষত গোসাঁইগাওঁ আৰক্ষীয়ে আমাৰ সৈতে যোগাযোগ কৰাত আমি তাইক ঘুৰাই পালো। 

গোসাইগাওঁ আৰক্ষীয়ে কেনেধৰণে আটক কৰিলে চক্ৰটোক

 কোকৰাঝাৰৰ গোঁসাইগাওঁ আৰক্ষীৰ হাতত আটক হোৱা বিহাৰৰ নাৰী সৰবৰাহকাৰী কুখ্যাত চক্ৰটোৰ কৱলৰ পৰা ইতিমধ্যে  মেঘালয়ৰ পৰা হেৰোৱা যুৱতী গৰাকীক আমি  উদ্ধাৰ কৰি অভিভাৱকক গতাই দিওঁ।বিপৰীতে নাৰী  সৰ্বৰাহকাৰী মহিলাসহ চাৰি জনক আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা স্কৰ্পিয় বাহন এখনো আৰক্ষীয়ে জব্দ কৰিছে ৷ 
গোসাঁইগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মন্টুৰাম বৰাই ঘটনাৰ সবিশেষ  জনায় ,"গোসাঁইগাওঁ মহকুমা সদৰ চহৰ সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্বাপট ব্ৰীজ স্থিত আৰক্ষীৰ নাকা তালাচীৰ মাজতে যোৱা বুধবাৰে বিয়লি প্ৰায় দুই বজাত পশ্চিম বংগ অভিমূখী বি আৰ ১১/পি বি ২১৫৬ নম্বৰৰ এখন স্কৰ্পিঅ’ গাড়ীৰ যাত্ৰী সকলক সোধাপোচা কৰাত তেওঁলোকৰ কথাত বিসংগতি ধৰা পৰে ৷ ইপিনে লক’ডাউনৰ মাজতে বিহাৰৰ পৰা অহা স্কৰ্পিঅ’ খনৰ উভতনি যাত্ৰত এগৰাকী জনজাতীয় যুৱতীৰ লগত লৈ যোৱা  সন্দেহজনক কথা। তেওঁলোকক গোসাঁইগাওঁ  আৰক্ষী থানালৈ আমি লৈ  অনাত ঘটনাটো পোহৰলৈ আহে ৷ উদ্ধাৰ হোৱা মেঘালয়ৰ যুৱতী গৰাকীয়ে আমাৰ আগত সদৰি কৰা মতে সামাজিক মাধ্যমত ফেচবুকত এমাহপূৰ্বে চিনাকি হোৱা বিহাৰৰ পূৰ্ণিয়া জিলাৰ যুৱক জনে যুৱতী গৰাকীক প্ৰেমৰ চলনাৰে বিয়াৰ প্ৰস্তাৱ দিয়ে আৰু পৰিকল্পিত ভাৱে নাৰী সৰ্বৰাহী কুখ্যাত চক্ৰটো সুদুৰ বিহাৰৰ পৰা বি আৰ ১১/পি বি ২১৫৬ আহি মেঘালয়ত উপস্থিত হৈ পৰিয়ালৰ অজ্ঞাতে যুৱতী গৰাকীক লৈ যোৱাৰ চেষ্টা চলাইছিল।আটক হোৱা চক্ৰটোত এগৰাকী মহিলা উপৰি বিহাৰৰ পূৰ্ণিয়া জিলাৰ মাছোৰীয়া গাৱঁৰ তিনি যুৱক ক্ৰমে ৰহিত কুমাৰ, ৰাজীৱ কুমাৰ আৰু আচমানী বৈটা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে উদ্ধাৰ হোৱা মেঘালয়ৰ যুৱতী গৰাকীৰ অভিভাৱকক ফোন যোগে যোগাযোগ কৰাত গোসাঁইগাওঁ আৰক্ষী থানা উপস্থিত হৈ যুৱতী গৰাকীক নিজ গৃহলৈ লৈ যায়। আনহাতে আটক হোৱা নাৰী সৰ্বৰাহকাৰীৰ দলটোৱে প্ৰেমৰ চলনাৰে বিবাহৰ প্ৰস্তাৱ দি দিল্লীৰ পতিতালয়ত বিক্ৰীৰ যোজা চলোৱা বুলি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে  সদৰি কৰে ৷"

 উল্লেখ্য যে উত্তৰপূৰ্বাঞ্চলত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ থকা কুখ্যাত নাৰী সৰ্বৰাহী চক্ৰৰ জালত পৰি বহু কম বয়সীয় জনজাতীয় যুৱতীয়ে বহিঃৰাজ্যত দেহ ব্যৱসায়ীৰ হাতত বিক্ৰি কৰাৰ ঘটনা ইতিপূৰ্বেও সংঘটিত হৈ আহিছে যদিও এনে কূখ্যাত চক্ৰৰ বিৰুদ্ধে  ব্যৱস্থা গ্ৰহণ কৰাটো যেন এক প্ৰকাৰে জটিল হৈ পৰিছে।

Author

NNO Contributor's picture

NNO Contributor


Source URL: https://www.newsnextone.com/gosaigaon-humantrafficking-rescue-%20girl

Links
[1] https://www.newsnextone.com/gosaigaon-humantrafficking-rescue-%20girl
[2] https://www.newsnextone.com/gosaigaon-humantrafficking-rescue-%20girl/#comments