News Next One
Published on News Next One (https://www.newsnextone.com)

Home > ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ কুফল ভুগিছে ৰাইজে

20 Oct

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ কুফল ভুগিছে ৰাইজে [1]

By NNO Contributor 0 Comments [2]

 ৰঙানদীয়ে নামনি অংশত  জলপ্ৰলয়ৰ সৃষ্টি কৰিছিল.....গৃহহীন বহু পৰিয়ালৰ আশ্ৰয়স্থল হৈ পৰিছে মাথাউৰি.....কেইটামান চাউল দালিৰেই বাৰিষা দিনকেইটা সহায় কৰি দীৰ্ঘবছৰে আভুৱা ভাৰি আহিছে চৰকাৰ, প্ৰশাসনে.....

লখিমপুৰৰ পৰা বিশেষ সংবাদদাঁতা

 অৰুণাচল প্ৰদেশৰ য়াজুলিস্থিত নীপকো'ৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলপ্ৰলয়ে লখিমপুৰৰ বহুকেইটা অঞ্চলত প্ৰতিটো বাৰিষাত ধাৰাবাহিকভাবে তাণ্ডৱ চলাই আহিছে। বৰ্তমানো  লখিমপুৰ জিলাৰ ৰঙনদীপৰীয়া ডিজু চাপৰি ,আমতলা, দোৱাৰপাৰ, বনগাঁও আদি অঞ্চলৰ ৰাইজে অন্তহীন  বান সমস্যাৰ মাজেৰে কটাইছে এক নাৰকীয় জীৱন। 

নীপকোৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে বিভীষিকাৰ

৪০৫ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনক্ষম ৰঙানদী  জলবিদ্যুৎ প্ৰকল্পই ২০১৮ বৰ্ষতে জলাধাৰৰ অতিৰিক্ত পানী এৰি দিয়াৰ পৰিপ্ৰেক্ষিতত ৰঙানদীয়ে নামনি অংশত  জলপ্ৰলয়ৰ সৃষ্টি কৰিছিল। ঘৰ বাৰী ,জীৱন-সম্পত্তি হেৰুওৱা  শ-শ পৰিয়ালৰ মাজত আজিও বিৰাজমান প্ৰলয়ংকৰী বানৰ বিভীষিকা । ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা নীপকো কৰ্তৃপক্ষই  নদীপৰীয়া জনগণৰ দুৰ্দশাৰ বিষয়ে চিন্তা নকৰি চৰম বেপৰুৱা চৰিত্ৰ প্ৰদৰ্শনেৰে নীপকো কৰ্তৃপক্ষই  ৰঙানদীৰ বক্ষত প্ৰতিটো বাৰিষাতে প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিয়ে। প্ৰতিবাৰেই আগজাননী অবিহনে এৰি দিয়া পানীয়ে নদীখনৰ পাৰত বসবাস কৰা দিজু চাপৰিৰ চাৰিখন গাঁৱৰ সহস্ৰাধিক পৰিয়ালৰ ঘৰ বাৰী উটুৱাই অঞ্চলবাসীৰ নাজল-নাথল অৱস্থাৰ সৃষ্টি কৰে।

মথাউৰিয়ে ঠিকনা বহু পৰিয়ালৰ

বানে গৃহহীন কৰা বহু পৰিয়ালৰ এতিয়া আশ্ৰয়স্থল হৈ পৰিছে মাথাউৰি সমূহ।বলিয়া বানে ধ্বংসস্তূপত পৰিণত কৰা  অঞ্চলবোৰৰ অৰ্থনৈতিক বুনিয়াদো সংকটাপন্ন হোৱাত এতিয়া সেইসমূহ পৰিয়ালে আশ্ৰয় বাদেই,  দুবেলা দুমুঠি অন্নৰ বাবে চিৎকাৰ কৰিবলগা হৈছে। ৰঙানদীৰ ধাৰাবাহিক বানে অঞ্চলটোৰ ৰাইজৰ সোণালী সপোন চাৰখাৰ কৰাৰ পিছত বৰ্তমান অঞ্চলটোৰ ভুক্তভোগী লোকসকলে সৰহভাগ সময় অনিদ্ৰা -অনাহাৰে দিন পাৰ কৰিব লগাত পৰিছে। বানে সকলো শেষ কৰি নিয়াৰ পাচত ডিজু চাপৰিৰ কুলাবিল ব্লক ,১নং পাঁচনৈ ,২নং পাঁচনৈৰ  সৰ্বস্ব হেৰুওৱা কৃষকে দিন হাজিৰা নকৰিলে এতিয়া  পেটলৈ ভাত নাযায়। সেই একেই ছবি দেখা গৈছে পশ্চিম তেলাহী গাঁও পঞ্চায়তৰ আমতলা দোৱাৰপাৰ,বনগাঁও অঞ্চলতো । নীপকোসৃষ্ট সংহাৰী বানে বিগত ২০১৮ বর্ষতে সৃষ্টি কৰা জলপ্ৰলয়ত সৰ্বস্ব হেৰুৱাইছিল পশ্চিম তেলাহীৰ সেইসমূহ গাঁওবাসীয়েও। ঘৰ বাৰীকে ধৰি সমুদায় সা-সম্পত্তি জাহ গৈছিল নদীৰ বুকুত। কিন্তু আজিকোপতি  বানবিধস্ত এই  লোকসকলক পুনৰ সংস্থাপন অথবা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নকৰিলে পৰিৱৰ্তনৰ শ্লোগান আওৰোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে। কেৱল ভোটদানৰ যন্ত্ৰ হিচাপেহে গণ্য কৰা বান সৰ্বস্বান্ত  পৰিয়ালসমূহে বছৰ বছৰ ধৰি মথাউৰি আৰু পথৰ দাঁতিত জুপুৰী সাঁজি দুৰ্বিষহভাৱে আশ্ৰয় লৈ আছে। দোৱাৰপাৰ -বনগাঁৱৰ পথত প্ৰায় ৩০ টা পৰিয়ালে এখন সাধাৰন টিনপাতৰ চালিৰ তলত কটাইছে এক অবৰ্ণনীয় জীৱন। বনগাঁৱত ৰঙানদীৰ মথাউৰিৰ এটা গাইড বান্ধ যোৱা তিনি বছৰৰ পাছতো নিৰ্মানৰ ব্যৱস্থা নোহোৱাৰ ফলত ৰাইজে বছৰি বাৰিষাৰ সময়ছোৱাত আতংকত দিন পাৰ কৰিবলগীয়া হৈছে।  ইফালে বাৰিষা ৰঙানদীত পানী বাঢ়িলেই গাইড বান্ধৰ ছিগা উন্মুক্ত অংশইদি সোমোৱা পানীয়ে অঞ্চলটোৰ দোৱাৰপাৰ,বনগাঁও, কঁঠালপুখুৰী, মলুৱাল,শান্তিপূৰ,পশ্চিম কৰতীপাৰ,গামচুক, শীতলডুবি ,আদি ধৰি ১০/১২ খন গাঁও নিমিষতে বানত ডুব যায়। 

তম্বুৰ তলত জীৱন,সকলোৰে বাবে শিক্ষাৰ শ্ল’গানে চুৱেনে ৰেণুমাই হঁতক

NNO প্ৰতিবেদকৰ সন্মুখত তম্বুৰ তলত  দীৰ্ঘদিন ধৰি জীৱন অতিবাহিত কৰা বহু সংখ্যক শিশুৱে শিক্ষাগ্ৰহণৰ পৰা বিৰত থকাৰ কথা দোহাৰে," আমি বছৰ বছৰ ধৰি বান সমস্যাৰ মাজত দিন কটাইছো।ঘৰ বাৰী সকলো যোৱাৰ পাছত এই মাথাউৰীয়ে আমাৰ ঘৰ। খেতিৰ মাটিকণো বানত গ'ল। এতিয়া দিন হাজিৰা  কৰি পেটেভাতে খাই আছো।স্কুললৈ পঠিয়াবলৈ স্কুল যোৱাৰ বাবে প্ৰয়োজনীয় কাগজ,কলম যোগান  ধৰাৰ সামৰ্থ আমাৰ নাই ।স্কুললৈ পঠিয়ালেই অকল হ'ব জানো।"

"আমাক কেইটামান চাউল দালিৰেই বাৰিষা দিনকেইটা সহায় কৰি দীৰ্ঘবছৰে আভুৱা ভাৰি আহিছে চৰকাৰ, প্ৰশাসনে ৷ প্ৰতিবাৰ বাৰিষা আহিলেই জলবন্দী হৈ পৰো৷ সেইবাবে সমীপৰ উন্মুক্ত ৰিং বান্ধৰ নিৰ্মাণৰ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছো কিন্তু আমাৰ দাবীৰ জানো মুল্য আছে৷ আমাৰ নিৰ্বাচিত জনপ্ৰতিনিধিয়েও আমাৰ ৰাইজৰ সমস্যা,দুৰ্দশাৰ প্ৰতি কানসাৰ নিদিয়ে,উপায়হীন হৈছো। ইফালে নীপকোৰ হঠকাৰী কাৰ্যৰ বাবে প্ৰতিটো বাৰিষাত ৰঙা নদীয়ে সংহাৰী ৰূপ লোৱাৰ বিপৰীতে খৰালি ৰঙানদীৰ পানী বন্ধ কৰি ৰখাত খৰালি নদীত পানী নোহোৱাত (বিশেষকৈ নদীৰ নামনি অংশত) আমাৰ পশু-পক্ষীয়ে এটুপি খোৱাপানীৰ পৰাও বঞ্চিত হ'বলগা হয়।"সততে ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰে ৰাইজৰ এনে দুখ দুৰ্দশাৰ প্ৰতি গুৰুত্ব দিবনে! ৰাইজক দুৰ্দশাৰ মাজলৈ ঠেলি নিৰ্বাচনৰ ঢাক ঢোল বজাই থকা চৰকাৰখনে ৰঙানদী বানে নিঃশেষ কৰা পৰিয়াল সমূহৰ কিবা দিহা কৰিবনে!এতিয়া মাথো এইয়াই প্ৰশ্ন ৰঙানদীপৰীয়া অঞ্চলবাসীৰ মনত ৷

Author

NNO Contributor's picture

NNO Contributor


Source URL: https://www.newsnextone.com/Ranganadi-%20flood-nepco-victim%20family

Links
[1] https://www.newsnextone.com/Ranganadi-%20flood-nepco-victim%20family
[2] https://www.newsnextone.com/Ranganadi-%20flood-nepco-victim%20family/#comments