News Next One
Published on News Next One (https://www.newsnextone.com)

Home > প্ৰতিমা শিল্পীৰ জীৱন ভিত্তিক তথ্য চিত্ৰ "দেৱী"

21 Oct

প্ৰতিমা শিল্পীৰ জীৱন ভিত্তিক তথ্য চিত্ৰ "দেৱী" [1]

By NNO Contributor 0 Comments [2]

শিল্পী সকলৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠে বিভিন্ন দেৱ - দেৱীৰ মূৰ্ত্তিবোৰ...বাস্তৱ জীৱনত তেনে শিল্পী বৃত্তিধাৰী মানুহবোৰৰ জীৱন গাথা বৰ বেদনাদায়ক

    মেছেৰ আলী আহমেদ
শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে মাটিয়ে...! যি সকল ব্যক্তিৰ হাতৰ পৰশত এক প্ৰকাৰ প্ৰাণ পায় মাটিৰ মূৰ্তিবোৰে, বাস্তৱ জীৱনত তেনে শিল্পী বৃত্তিধাৰী মানুহবোৰৰ জীৱন গাথা বৰ বেদনাদায়ক‌।
শাৰদীয় দুৰ্গোৎসৱকে আদি কৰি প্ৰতিটো পূজাতে প্ৰতিমাবোৰৰ বিশেষ অৱদান আছে ৷ প্ৰতিমা বনোৱা শিল্পী সকলৰ হাতৰ পৰশত যেন প্ৰাণ পাই উঠে বিভিন্ন দেৱ - দেৱীৰ মূৰ্ত্তিবোৰ৷ এনেকুৱা প্ৰতিমা  বনোৱা শিল্পী সকলৰ জীৱনক লৈয়ে বৰপেটাৰোডৰ কেইগৰাকীমান উদীয়মান যুৱক- যুৱতীয়ে নিৰ্মাণ কৰিছে " দেৱী" নামৰ এখন তথ্য চিত্ৰ৷ যোৱা ২০ অক্টোবৰত উক্ত তথ্য চিত্ৰখন শুভ উন্মোচন কৰে সাংবাদিকদ্বয় ক্ৰমে জয়ন্ত কুমাৰ দাস আৰু হিমাংশু দাসে৷ মেৰকি পিক্সেল প্ৰডাকচনৰ বেনাৰত নিৰ্মিত তথ্য চিত্ৰখনিৰ বিভিন্ন দিশত জড়িত শিল্পী সকল হৈছে স্থানীয় নতুন প্ৰজন্মৰ যুৱক যুৱতী। "দেৱী" নামৰ এই তথ্য চিত্ৰত মূখ্য চৰিত্ৰত অভিনয় কৰিছে আদ্ৰিজা সাহাই। সায়ন্ত ৰায় চৌধুৰী, সুগন্ধা তাৰনৰ পৰিকল্পনাত নিৰ্মিত "দেৱী"ৰ পৰিচালনা কৰিছে সুগন্ধা তাৰনে। তথ্য চিত্ৰখনৰ বিভিন্ন দিশত সহযোগ কৰিছে ক্ৰমে বিশাল শৰ্মা, ৰমেশ চৌহান, প্ৰবালদ্বীপ দাস, বিকাশ নাথ, দিপাংকৰ দাস আৰু প্ৰিয়া ৰায় ৷ উক্ত তথ্যচিত্ৰখন ইউটিউবত উপলব্ধ 
হব ৷

Author

NNO Contributor's picture

NNO Contributor


Source URL: https://www.newsnextone.com/devi-commentary-artist-life-story

Links
[1] https://www.newsnextone.com/devi-commentary-artist-life-story
[2] https://www.newsnextone.com/devi-commentary-artist-life-story/#comments