♦ মনজিত কলিতা

সংস্কৃতিৰ গৰিমা নতুবা ঐতিহ্য বিষয়ক বিতৰ্ক বহুদিনীয়া৷ প্ৰাচীন চহকী সাংস্কৃতিক পৰম্পৰাৰ সৈতে আধুনিকতাৰ বিবাদৰো শেষ নাই। একপ্ৰকাৰ সভ্যতাৰ বিৱৰ্তনৰ সময়ৰ পৰা নতুন-পুৰণিৰ সংঘাত চলি আহিছে। ইতিহাসৰ পৰিক্ৰমাই স্পষ্ট কৰিছে যে সভ্যতাই সদায় প্ৰয়োজনীয় উপাদানক আঁকোৱালি লৈ বৰ্জন কৰিছে অপ্ৰয়োজনীয়ক। 

যৌনগন্ধী ইংগিতেৰে সজ্জিত বিহুগীতৰ স্বকীয় মাধুৰ্যৰ ক্ষেত্ৰত অৱশ্যে এনে গীত কোনো ফেক্টৰ নহয়। এইখিনিতে উল্লেখৰ প্ৰয়োজন ’৮০ৰ দশকত এনে ধৰণৰ কথাংশৰে এটি গীত প্ৰচাৰ হৈছিল। কিন্তু তাত নাছিল সম্ভোগৰ ইচ্ছাৰ ইংগিত। 

এই ধৰণৰ সংঘাত সাংস্কৃতিক পৰিমণ্ডলত অধিক প্ৰকট। বিৰাম-বিশ্ৰামহীন জীৱন যাত্ৰাই বিধ্বস্ত কৰা বৰ্তমানৰ সমাজে ক্ষণিক মনোৰঞ্জনৰ বাবে সম্প্ৰতি আদৰণি জনাইছে কৌতুক অনুষ্ঠানক। পিছে বিশুদ্ধবাদীৰ মত ভিন্ন। এনে ধৰণৰ বিষয়সমূহ সময়ৰ সুঁতিৰ তীব্ৰতাই নিৰ্ধাৰণ কৰিব। 

অসমৰ সাংস্কৃতিক পৰিমণ্ডলত বিহু গীত-নৃত্যৰ পৰিৱৰ্তিত ৰূপক লৈ সংঘাতৰ ইতিহাস প্ৰাচীন৷ বলীউডী ধাৰণাৰ কথাংশ বা সুৰেৰে বিহুৰ পুনৰ্নিমাণ জাতীয় প্ৰতি উত্তৰ- আধুনিকতাবাদী যুক্তিও এই বিষয়ত সুলভ। তদুপৰি কেইবাদশক পূৰ্বেও বিহুৰ যৌনগন্ধী পৰম্পৰাও আছিল বিতৰ্কৰ কাৰণ৷ 

তাৰ মাজতে পৰম্পৰাৰ বাণিজ্যকৰণে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ কৰিলে। নাৰীদেহৰ সৌন্দৰ্যৰ যৌনগন্ধী ইংগিতেৰে ৰচিত গানৰ সময়লৈ সেয়া আছিল বহুলাংশে সংযত কুচকাৱাজ। পিছে সাম্প্ৰতিক পৰিস্থিতিক কোনোপধ্য সুস্থ নতুবা সংযত সাংস্কৃতিক জাগৰণ বুলিতো কব নোৱাৰিয়েই, ইয়াক অভিহিত কৰিব পৰা যায় চৰম অধঃপতনৰ যাত্ৰা হিচাপেহে। 

কিছুদিন ধৰি এজন অখ্যাত শিল্পীৰ এটা গীত ৰাজ্য তোলপাৰ লগাইছে। গীতটিৰ প্ৰতিজন শ্ৰোতাই ক’ব লাগিব এয়া একপ্ৰকাৰ সাংস্কৃতিক সম্ভোগ। ‘হেৰি হেৰি...’ শীৰ্ষক এই গীতে সংস্কৃতিৰ ভৱিষ্যতৰ বিষয়েও পুনৰ প্ৰশ্নৰ উদ্ৰেক কৰিছে। স্বাভাৱিকতে শ্ৰোতাৰ কৌতূহল হৈছে- এয়া গীতিকাৰৰ স্বভাৱসিদ্ধ ৰচনা নে প্ৰতিভা বিষয়ক দুৰ্বলতা। 

যৌনগন্ধী ইংগিতেৰে সজ্জিত বিহুগীতৰ স্বকীয় মাধুৰ্যৰ ক্ষেত্ৰত অৱশ্যে এনে গীত কোনো ফেক্টৰ নহয়। এইখিনিতে উল্লেখৰ প্ৰয়োজন ’৮০ৰ দশকত এনে ধৰণৰ কথাংশৰে এটি গীত প্ৰচাৰ হৈছিল। কিন্তু তাত নাছিল সম্ভোগৰ ইচ্ছাৰ ইংগিত। 

বৰ্তমান ৰাজ্যত খলকনি লগোৱা জনৈক শিল্পী ৰাহুল ডেকাৰ  ‘হেৰি হেৰি...’ শীৰ্ষক গীতক কিন্তু উক্ত গানকেইটাৰ বিৱৰ্তনৰ ৰূপ বুলি ক’ব নোৱাৰি। স্বভাৱিকতে প্ৰশ্ন উঠে- এনে কাৰ্যকলাপ অসমৰ চহকী সংস্কৃতিক ধ্বংসৰ বাবে কাৰোবাৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত নেকি! কাৰণ ইতিহাসগতভাৱেও শিল্প প্ৰথম পৰ্যায়ত সংস্থাপনৰ স্থলী হ’ব নোৱাৰে।

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)