News Next One
Published on News Next One (https://www.newsnextone.com)

Home > ডাভাওত চিকিৎসা শিক্ষা

24 Jun

ডাভাওত চিকিৎসা শিক্ষা [1]

By NNO Correspondent 0 Comments [2]

গুৱাহাটীঃ বিদেশলৈ চিকিৎসা শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ভাৰতত নিতৗে বৃদ্ধি পাবলৈ ধৰিছে। অসম তথা উত্তৰ-পূবৰ পৰাও বছৰি বৃহৎসংখ্যক ছাত্ৰী-ছাত্ৰীয়ে বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ চিকিৎসা শিক্ষা মূলতঃ এম বি বি এছ পাঠ্যক্ৰমৰ শিক্ষাগ্ৰহণ কৰিবলৈ যায়।

এনেদৰে বিদেশত চিকিৎসা শিক্ষাগ্ৰহণ কৰিবলৈ বিচৰা ছাত্ৰ-ছাত্ৰীসকললৈ সুখবৰ কঢ়িয়াই আনিছে ফিলিপাইনছৰ ডাভাও চহৰস্থিত ডাভাও মেডিকেল স্কুল ফাউণ্ডেচন(ডি এম এছ এফ)-এ।

যোৱা বছৰ গুৱাহাটীত নামভৰ্তি কেন্দ্ৰ মুকলি কৰা ডি এম এছ এফত এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানসহ ন্যূনতম ৫০শতাংশ নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব। এই সন্দৰ্ভত প্ৰতিষ্ঠানখনৰ গুৱাহাটী নামভৰ্তি কেন্দ্ৰৰ প্ৰৱন্ধক এহছান জাৰিদে কয়, ' এক অতি সুন্দৰ পৰিৱেশত ডি এম এছ এফত শিক্ষাদান কৰা হয়। শিক্ষাদানৰ মাধ্যম ইংৰাজী।

থকা-খোৱাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কোনো অসুবিধা নহয়। ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া হোষ্টেলৰ ব্যৱস্থা আছে। তদুপৰি নামভৰ্তিৰ মাচুলো কম।’ জাৰিদে জনোৱা মতে, শিক্ষানুষ্ঠানখন ভাৰতীয় চিকিৎসা পৰিষদ(এম চি আই)দ্বাৰাও স্বীকৃত। গতিকে ভাৰতৰ ছাত্ৰ-ছাত্ৰীয়ে কোনো দিধা সংকোচ নোহোৱাকৈ ডি এম এছ এফত নামভৰ্তি কৰি আহিছে।

তেওঁ কয় যে যোৱা বছৰ শিক্ষানুষ্ঠানখনত অসম তথা উত্তৰ-পূবৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে। এই সম্পৰ্কত অধিক জানিবলৈ ৯৮৫৯৯-৩৮৩৮৯ত ফোন কৰিব পাৰে।   

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/admission-opens-in-dmsf

Links
[1] https://www.newsnextone.com/admission-opens-in-dmsf
[2] https://www.newsnextone.com/admission-opens-in-dmsf/#comments