জয়ন্ত মুদৈ

তথাকথিত আধুনিকতাৰ ধামখুমীয়া আৰু যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত পৰি ক্ৰমাৎ হেৰাই যাব ধৰিছে অসমীয়া চহা গ্ৰাম্য জীৱনৰ লগত ওতঃপোতভাৱে জড়িত নাঙল-মাটি-মানুহৰ সম্পৰ্ক৷ 

সমাজ পৰিৱৰ্তনৰ দ্ৰুতগামী যাত্ৰাৰ নৱপ্ৰজন্মৰ কাৰণে যেন ক্ৰমাৎ অচিনাকী হৈ পৰিছে বোকা-মাটিৰ সুৱাস মিহলি হৈ থকা পথৰুৱা দৃশ্য৷ কাৰণ এতিয়া ভৰ বাৰিষাৰ বতৰতো পূৰ্বৰ দৰে খেতিপথাৰত দেখা পোৱা নাযায় গৰু, হাল, নাঙল, মৈ, যুৱলি আদিৰ দৰে কৃষকৰ অতি আদৰৰ আৰু অসমীয়া কৃষি পদ্ধতিৰ আজীৱন আহিলাসমূহ৷ 

ইয়াৰ বিপৰীতে এইবোৰৰ স্থান দখল কৰিছে ট্ৰেক্টৰ আৰু পাৱাৰটিলাৰ আদিয়ে ৷ উল্লেখ্য, পূৰ্বতে খেতিৰ বতৰত কৃষকৰ মূল লগৰি আছিল হালৰ গৰুহাল৷ এই হালৰ গৰুৰ কথা বাদ দি খেতিৰ কথা ভবাটো কল্পনাৰো অগোচৰ আছিল৷ 

[3]

(ফটোঃ পিংকু কুমাৰ দাস, পৰিসংখ্যা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়)

বৰষুণৰ পানীৰে পথাৰ উপচি পৰাৰ লগে লগে গঞা ৰাইজৰ ব্যস্ততাৰ অন্ত নাথাকে৷ ডেকা-বুঢ়া সকলোৱে খেতিৰ বাবে ভাগে ভাগে যুদ্ধংদেহী মনোভাবেৰে পথাৰত নামি পৰে৷ 

দোক-মোকালিতে শোৱাপাটী এৰি চাহ-জলপান খাই পথাৰত গৈ বলধ গৰুহালেৰে হাল বাই মাটি চহোৱা, মৈ দিয়া, আলি দিয়া কিম্বা পথাৰৰ জাবৰ-বন গুচোৱা আদিত সকলো ব্যস্ত হৈ পৰে৷ 

আনকি এহাল গৰুৱে এদিনতে কিমান মাটি সোনকালে ভালদৰে চহাব পাৰি তাক লৈও হালোৱাৰ মাজত প্ৰতিদ্বন্দিতাও চলে। চহোৱা বোকা মাটিত শস্যৰ বীজ সিঁচা, কঠীয়া তোলা, কঠীয়া ৰোৱাৰ বাবে ৰোৱনীক কঠীয়া যোগান ধৰা আদি কামত সৰু-ডাঙৰ সকলোৱে নিয়াৰিকৈ লাগি-ভাগি আত্মনিয়োগ কৰিছিল৷ 

ইফালে,গাঁৱৰ মহিলা-যুৱতীসকলে বোকা-পানীত প্ৰখৰ ৰ’দ-বৰষুণকো নেওচি নামি পৰে ভূঁই ৰোৱাত৷ সকলোয়ে হাঁহি-ধেমালীৰ মাজেৰে এই কৃষিকৰ্মবোৰ সম্পাদন কৰাটো যেন এক গৌৰৱ আৰু সৌভাগ্যৰ কথাহে আছিল অতীতৰ বছৰবোৰত৷ 

(ফটোঃ পিংকু কুমাৰ দাস, পৰিসংখ্যা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়)

কিন্তু সম্প্ৰতি খেতিপথাৰৰ এই মনোৰম দৃশ্যাৱলী দেখা পোৱাটো কঠিন হৈ পৰিছে৷ কোৱা বাহুল্য মাথোন, ঠায়ে ঠায়ে দেখা গ’লেও অধিকাংশ গ্ৰামাঞ্চলতে ধূসৰ হৈ পৰিছে এনে দৃশ্য৷ 

কাৰ্যতঃ হাল বোৱা কিম্বা ভূঁই ৰোৱা আদিৰ প্ৰতি আজিৰ নৱ-প্ৰজন্মৰ ধাউতি একেবাৰে কমি গৈছে৷ ইয়াৰ বিপৰীতে ধন খৰছ কৰি ট্ৰেক্টৰ, পাৱাৰটিলাৰেৰে মাটি চহোৱাৰ বিপৰীতে ভূঁই ৰোৱা যন্ত্ৰ ব্যৱহাৰ কৰাতহে নৱ-প্ৰজন্ম অতিকে আগ্ৰহী হৈ পৰিছে৷ কাজেই, বৰ্তমান এনে ধ্যান-ধাৰণাৰ পৰিণতিতেই কালৰ সোঁতত হেৰাই যাব ধৰিছে খেতি-পথাৰৰ আপুৰুগীয়া বহু দৃশ্যাৱলী৷