ইমতিয়াজ হুছেইন

আজি আকৌ এবাৰ চাবলৈ গ'লোঁ তিতাবৰ বৰহোলাৰ চেৰেলি ন-পাম গাৱঁৰ সৰু মৈদামটি। নগা পাহাৰৰ কাষৰীয়া এই চেৰেলি ন-পাম গাৱঁৰ পথাৰত থকা ৭০/৮০ ফুটমান ঘেৰৰ প্ৰায় হাঁহ কণী আকৃতিৰ মৈদামটিৰ বিষয়ে এতিয়া কাষৰীয়া মানুহবোৰে একোৱেই নাজানে বুলিব পাৰি। দুই  এজনে সেইটো 'কছাৰী ৰজাৰ মৈদাম' বুলি কোৱাৰ বাহিৰে একো তথ্য দিব নোৱাৰে।

কিন্তু ২০০৬ চনত অনুষ্ঠিত বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থৰ এটি প্ৰৱন্ধত বৰহোলা অঞ্চলৰ অধ্যয়নশীল ব্যক্তি হীৰেশ্বৰ কোঁচে মোৱামৰীয়া বিদ্ৰোহত মৃত্যু হোৱা কোনো ৰাজখোৱা নাইবা মৈদাম প্ৰথাৰে সমাধিষ্ঠ কৰা এশজনমান কছাৰী সৈন্যৰ সমাধি হ'ব পাৰে বুলি লেখিছে।

এই মৈদামটোৰ বিষয়ে সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত নবীন সোণোৱালে কিছু কথা জানিছিল বুলি গম পাই ২০১২ চনত তেখেতক সাক্ষাত কৰিছিলো। তেতিয়া তেখেতে নিজকে আহোমৰ দিনৰ এজন বিষয়া জাবৰ শইকীয়াৰ বংশধৰ বুলি কৈ জনাইছিল যে চেৰেলী ন-পাম গাঁৱৰ সেই মৈদামত জাবৰ শইকীয়া আৰু তেওঁৰ লগৰ এশ বিশজন ডেকা ল'ৰাক মাৰি পুতি থোৱা হৈছিল।

সেই সময়ত উদ্ভৱ হোৱা খৰাং পৰিস্থিতিৰ কাৰণে জাবৰ শইকীয়াৰ অধীনত এতিয়াৰ গড়াজান তেলডিপোৰ ওচৰতে এটা পুখুৰী খন্দাই থকা হৈছিল। তেনে সময়তে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে মোৱামৰীয়াৰ লগত যুদ্ধৰ কাৰণে জাবৰহঁতৰ সহায় বিচাৰিছিল। কিন্তু পুখুৰী খন্দাৰ অজুহাতত তেওঁলোকে সহায় কৰিবলৈ অমান্তি হোৱাত বুঢ়াগোহাঁইয়ে বলেৰে নিবলৈ বিচাৰিলে। ফলস্বৰূপে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈন্যৰ সতে তেওঁলোকৰ এখন তয়া-ময়া ৰণ লাগিল। কিন্তু সেই ৰণত জাবৰহঁত পৰাজয়ৰ সন্মুখীন হ'ল। ৰণত পৰাস্ত হোৱা জাবৰ আৰু তেওঁৰ লগৰ ছয়কুৰি ডেকাল'ৰাক কাটি একেটা গাঁততে থিয় থিয়কৈ পুতি মৈদাম দিয়া হৈছিল বুলি তেখেতে জনাইছিল।

এই মৌখিক তথ্যখিনিৰ সতে অসম বুৰঞ্জীত কিবা মিল পোৱা যায় নেকি সেই সময়তে খুচৰি চাইছিলো। এই ন-পাম গাঁৱৰ ওচৰতে আছে ৰজাবাহৰ। ১৮০৫ চনত এই ৰজাবাহৰলৈকে  আহি স্বৰ্গদেউ কমলেশ্বৰ সিংহ কিছুদিন থকাৰ কথা বুৰঞ্জীত পোৱা যায়। শ্ৰীনাথ দুৱৰাই লিখা 'তুঙ্গখুঙ্গীয়া বুৰঞ্জী'ত এই ৰজাবাহৰকে 'জাবৰৰ সৰু বাহৰ' বোলা হৈছে। চেৰেলী ন-পাম গাৱঁৰ  দক্ষিণ পশ্চিমলৈ আছে কাকডোঙা নৈ। ৰজাবাহৰকে কেন্দ্ৰ কৰি তাহানিতে আছিল 'বছা' নামৰ বুঢ়াগোহাঁইয়ে পতা অঞ্চলটো। তাহানিৰ বছা ৰাজখোৱাই চোৱাচিতা কৰা বছা। 

১৭৮৯/৯০ চনৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰে কথা। নিজৰ ল'ৰা-তিৰোতা এৰি মোৱামৰীয়াৰ সতে যুজিবলৈ নাযাওঁ বোলাত এই বছাৰ পাইকৰ ওপৰতে বুঢ়াগোহাঁই খঙত তিঙিৰি তুলা হৈ সিহঁতকে ধৰো বুলি কাকডোঙাত দলং বন্ধাইছিল। সেই দলং জাবৰ শইকীয়াৰ নেতৃত্বত বছাৰ মানুহে গৈ ভাঙি পেলাইছিল। সেই সময়তে বছাৰ মানুহৰ মাজত বিভাজন ঘটাত এভাগ মানুহ আহি কাছজানত বুঢ়াগোহাঁইৰ লগ লাগি কোঠ পাতিলে।

ইফালে জাবৰে টিকটিকি নেওগক লৈ নগাপৰ্বতৰ ওচৰত মোৱামৰীয়াৰে লগ লাগিল। পিচে গজপুৰত থকা বিদ্ৰোহী জপৰা গোহাঁইৰ মিলভাও কৰি  চকু কঢ়োৱাত জাবৰ আৰু টিকটিকিয়ে ভয় খাই নগাপৰ্বতলৈ পলাল। বুঢ়াগোহাঁইয়ে নগাপৰ্বতত জাবৰক বিচাৰি মাৰিলে। তাৰ ল'ৰাহঁতক আনি বৰশীত দিলে। টিকটিকি নেওগক সপুত্ৰে শালত দিলে। জাবৰ ঘৰ লুড়ি আনি সকলোকে বাটি দিলে। পাচে মহামন্ত্ৰী বুঢ়াগোহাঁই ডাঙৰীয়া তাৰপৰা আহি চুঙিঘাটত কোঠ দি ৰ'লহি।

বুৰঞ্জীৰ এই তথ্যৰ সতে নবীন সোণোৱাল ডাঙৰীয়াই শুনি অহা কথাখিনিৰ ক'ৰবাত যেন মিল আছে-তেনে লাগে। 'তুঙ্গখুঙ্গীয়া বুৰঞ্জী'ত ১২০ টা 'দেৱগঞা বৰতী'ৰ কথা পোৱা যায়।বুঢ়াগোহাঁইৰ বিৰুদ্ধাচৰণ কৰা জপৰা গোহাঁইৰ লগ লগা বছাহঁতে এওঁলোককে আনি লৈছিল। নবীন সোণোৱাল দেৱে কোৱা ১২০ টা ডেকা ল'ৰা এওঁলোকেই নহয়তো ? উল্লেখ নিস্প্ৰয়োজন যে জাবৰ শইকীয়া কছাৰী সম্প্ৰদায়ৰ লোক আছিল। সোণোৱাল দেৱে কোৱা মতে উক্ত ১২০ জন ডেকাও হেনো কছাৰীয়েই আছিল-মানে সোণোৱাল কছাৰী। 

১৯৫৫ চন মানলৈকে একঠামান মাটি আগুৰি থকা মৈদামটো এতিয়া কাটি কাটি বহুত সৰু কৰি পেলোৱা হ'ল বুলি সোণোৱাল ডাঙৰীয়াই কৈছিল। আন কথা ক'ব নোৱাৰিলেও ওচৰৰ মানুহে কিন্তু কয় যে ৰাতি মৈদামটোৰ পৰা হেনো ধনগুলৈ ওলায়,তাৰ মাটি কাটিলে হেনো মানুহ অসুখ বিসুখত পৰে। এইবোৰ অলৌকিক কথা মৈদামটোৰ ৰক্ষণা-বেক্ষণৰ স্বাৰ্থতে বৰ্তি থকা দৰকাৰ। নহ'লে দল-সংগঠন,চৰকাৰ আদিয়েতো একো নকৰে ! 

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)