সত্যজিৎ বৰপাত্ৰ

প্ৰকৃতিক ভাল পোৱা এজন মানুহ। বিনন্দীয়া প্ৰকৃতিৰ মাজত তে়ওঁ বিচাৰি পায় জীয়াই থকাৰ নতুন আশা। প্ৰকৃতিয়ে মানুহক আকাশলৈ মুৰ তুলি চাবলৈ শিকায়, প্ৰকৃতিৰ দৰে উদাৰ আৰু বিশাল মনৰ গৰাকী হবলৈ শিকায়। তেনে এটি সেউজীয়া মনৰ গৰাকীয়ে হৈছে হোজাইৰ লংকাৰ নিবাসী ড. ৰমহত আলী লষ্কৰ।

দিনে দিনে প্ৰকৃতিৰ ওপৰত জীৱশ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ বাঢ়ি আহিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিমানেই উন্নতি হৈছে সিমানেই বৃদ্ধি হৈছে প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ। তাৰ পৰিপেক্ষিতত ক্ৰমাৎ হেৰাই গৈছে প্ৰকৃতিৰ স্বকীয়তা। এই হেৰাই যোৱা প্ৰাচুৰ্যৰ সন্ধানতে ড. ৰহমত আলীয়ে আৰম্ভ কৰিছিল জীৱনৰ এক বৰ্ণিল যাত্ৰা। এই যাত্ৰাৰ এটাই আছিল উদ্দেশ্য- প্ৰকৃতিৰ হেৰাই যোৱা প্ৰাচুৰ্যৰে অনাগত দিনবোৰত ভৱিষ্যত প্ৰজন্মই গঢ়ি তুলিব এখনি নতুন বসুন্ধৰা। 

জীৱনৰ সংকটময় অৱস্থাতো ভিন্ন প্ৰজাতিৰ গছ পুলি সংগ্ৰহ কৰি বিলুপ্ত প্ৰজাতিৰে সপোনৰ সেউজীয়া বাগিচাখন দিঠকত ৰূপ দিয়া ড.ৰহমত আলী লস্কৰৰ জন্ম ১৯৮১ চনত। হোজাইৰ লংকা ৰাজহচক্ৰৰ অন্তৰ্গত কাকী মৌজাৰ বৰদলৈপথাৰ গাঁৱত জন্মগ্ৰহণ কৰা ড. আলীৰ পিতৃ আছিল আব্দুল হান্নান লস্কৰ আৰু মাতৃ চায়াৰন নেছা। সৰুৰে পৰা সেউজ প্ৰকৃতিৰ প্ৰতি আছিল তেওঁৰ অসীম ভালপোৱা। কৈশোৰ কালতে বিভিন্ন গছ পুলি সংগ্ৰহ কৰি তেওঁ বাৰীৰ চুকত সংৰক্ষণ কৰি লাভ কৰিছিল অপাৰ আনন্দ।

১৯৯৪ চনত পিতৃৰ বিয়োগৰ পিছতে পৰিয়াল পোহ-পালৰ দায়িত্ব মূৰ পাতি লোৱা ৰহমত আলীয়ে দৈনিক ২৫ টকা হাজিৰাৰে এটা চিমেন্ট উদ্যাগত কৰ্মজীৱনৰ পাতনি মেলে। পৰিয়ালৰ এনে দুৰ্দিনৰ মাজতো সততে নোপোৱা বিভিন্ন প্ৰজাতিৰ গছৰ পুলি সংগ্ৰহ কৰি সংৰক্ষণ কৰা ৰহমত আলীয়ে কৰ্মদক্ষতা আৰু বুদ্ধিমত্তাৰ বলত ৰেলৱে কোম্পানীৰ পৰিচালক হিচাপে নিযুক্তি লাভ কৰে।

কৰ্মজীৱনৰ ব্যস্ততা মাজতে এবাৰ ড. আলীয়ে কাশ্মীৰত লগ পাইছিল জিলা বন বিষয়া এম. বি মোগল বচিৰক। এই বচিৰ চাহাবৰ সান্নিধ্যই তেওঁক জীৱনৰ প্ৰকৃত লক্ষ্যত উপনিত হ’বলৈ দুৰন্ত সাহস যোগাইছিল। তেওঁক বচিৰ চাহাবে ভাৰতীয় বন সেৱাৰ উচ্চপদস্থ বিষয়া বি. এম শৰ্মা, ৰৌশ্বন জাগ্গী, বিজ্ঞানী ড. পীৰ জাদা ইছতিয়াক আদিৰ সৈতে চিনাকী কৰাই দিছিল। এই বচিৰ চাহাবৰ আতিথ্যতে তেওঁ গছ-গছনি সম্পৰ্ক ন ন তথ্য আৱিষ্কাৰ কৰিছিল। এম. বি মোগল বচিৰ দৰে তেওঁৰ জীৱনত প্ৰভাৱ পেলোৱা আন এজন বিশেষ ব্যক্তি হ’ল ড. অৰবিন্দ কুমাৰ ঝা। ''ঝা ছাৰৰ সান্নিধ্যই মোৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পেলাইছিল। এইজন পিতৃতুল্য ব্যক্তি অবিহনে মোৰ যাত্ৰা বহু পিছপৰি থাকিলহেঁতেন।’’-ড. আলীয়ে মন্তব্য কৰে। 

নিজৰ উদ্যানত ১১৬৪টা প্ৰজাতিৰ অৰ্কিড আৰু ২০৬টা প্ৰজাতিৰ বাঁহৰ লগতে একাধিক দুষ্প্ৰাপ্য উদ্ভিদ সংৰক্ষণ কৰা সেউজ মনৰ গৰাকী ৰহমত আলীয়ে শেহতীয়াকৈ ভাৰতৰ বিভিন্ন ৰাজ্যত বহুকেইখন উদ্যানৰ আৰ্হি প্ৰস্তুত কৰি দিছে। ভাৰতৰ বাহিৰতো তেখেতৰ এই প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই ECoLE SUPERIOR ROBERT DE SORBON, UNIVERSITY OF FRANCE য়ে ডক্টৰেট সন্মান আগবঢ়াইছে। তাৰোপৰি গীণিজ বুক অব ৱল্ড লিমকা, আইকন আদিত ড. আলীয়ে শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

অতীজৰেপৰা প্ৰকৃতিৰ লগত মানুহৰ যি নিবিড় সম্পৰ্ক সেই সম্পৰ্কৰ মাজেৰে আধুনিক ধ্যান-ধাৰণাৰ মাজতো নিজকে প্ৰকৃতিৰ ৰক্ষক আৰু প্ৰেমিক হিচাপে প্ৰতিষ্ঠা কৰা ড. ৰহমত আলী কেৱল অসমৰ অথবা উত্তৰ-পূৰ্বাঞ্চলৰেই নহয় সমগ্ৰ বিশ্বৰ বাবে হৈ পৰক এক আদৰ্শৰ সত্বা, এক চিৰসেউজ নাম।