♦ দিগন্ত চহৰীয়া

দবা মগজুৰ খেল। দবাত পুৰুষ মহিলা, লৰা ছোৱালী উভয়ে একেলগে প্ৰতিদ্বন্দিতা কৰিব পাৰে। বয়সৰো কোনো কথা নাই  কম বয়সৰ খেলুৱৈৱে বেছি বয়সৰ খেলুৱৈৰ বিৰুদ্ধে খেলিব পাৰে।

দবা খেলিলে মগজুৰ ব্যায়াম হয়। মগজুৰ সক্ৰিয়তা বৃদ্ধি পায়। ধীৰ স্থিৰ হয়। ধৈৰ্যশক্তি বাঢ়ে। সংযমী হয়। দবা শিকাৰ আদৰ্শ সময় বুলি কলে, দুই তিনি বছৰ বয়সৰ পৰাই শিশু এগৰাকীক দবাৰ সৈতে পৰিচয় কৰাই দিলে ভাল। 

এতিয়া ছ'চিয়েল মিডিয়াৰ বিস্ফোৰণৰ সময়ত ছাত্ৰ ছাত্ৰী কম বয়সৰ পৰাই ফেচবুক, হোৱাটছএপৰ প্ৰতি আসক্ত হয়। ছ'চিয়েল মিডিয়াক বেয়া বুলি কব খোজা নাই। কিন্তু পঢ়াৰ বোজাৰ মাজত বেছি সময় ফেচবুক, হোৱাটছএপ আদিত থাকিলে ক্ষতি হোৱাৰ আশংকাই প্ৰবল।

তেনেস্থলত ছাত্ৰ ছাত্ৰীক দবাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে ভাল ফলাফল আশা কৰিব পাৰি। দবা বুলি নহয়, কৈশোৰ যৌৱনৰ সন্ধিক্ষণত ছাত্ৰ ছাত্ৰীক খেল বা যিকোনো ভাল বিষয়ৰ সৈতে জড়িত কৰি ৰাখিব পাৰিলে, ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে জীৱনত কিবা এটা কৰিব। কেৰিয়াৰ নষ্ট হোৱাৰ ভয় নাথাকে।

মই অৱশ্যে দবা খেলক গুৰুত্ব দিওঁ। পঢ়াশুনাৰ ক্ষেত্ৰত দবা যথেষ্ট সহায়ক হয়। উচ্ছৃংখলতা ৰোধৰ ক্ষেত্ৰত দবা খেলৰ ভূমিকাক কোনোৱে নুই কৰিব নোৱাৰে। 

দেশৰ বহুকেইখন ৰাজ্যৰ বিদ্যালয়ত দবা বাধ্যতামূলক খেল। অসমৰ চৰকাৰী স্কুলত কিন্তু দবা খেলক গুৰুত্ব দিয়া হোৱা নাই। অৱশ্যে গুৱাহাটীৰ বহুকেইখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ অভিজাত স্কুলত দবা এটা বিষয় হিচাপে ৰখা হৈছে । ফলস্বৰূপে গুৱাহাটীত প্ৰতিভাশালী দবাৰুৰে ভৰি পৰিছে। 

অসম চৰকাৰে দবাক স্কুল সমূহত বাধ্যতামূলক কৰা উচিত। ভাল খেলুৱৈ সৃষ্টি হোৱাত এই পদক্ষেপে নিশ্চয় সহায় কৰিব। সমাজৰ বাবেও ইতিবাচক প্ৰভাৱ পেলাব।

দবা খেলৰ সামাজিক প্ৰভাৱ আছে। আগতেও কৈছো, দবা খেলুৱৈ ধীৰ স্থিৰ, সংযমী হয়। যদি দবা এক সংস্কৃতি হিচাপে গঢ়ি উঠে, তেন্তে নিশ্চয়কৈ সমাজৰ কিছুমান নেতিবাচক দিশ নিৰ্মূল হ'ব। 

মই দবাৰ সামাজিক দিশটোহে উল্লেখ কৰিছো। কিন্তু বিশ্বমানৰ দবা খেলুৱৈ সৃষ্টি কৰিবলৈ বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ প্ৰয়োজন। দবাৰ পাৱাৰ হাউছৰূপে স্বীকৃত অন্ধ্ৰ,তামিলনাডু আদি ৰাজ্যত প্ৰতি বছৰে দহখন মান ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

এই প্ৰতিযোগিতাসমূহত দেশৰ আগশাৰীৰ খেলুৱৈয়ে অংশ লয়। লগতে গ্ৰেণ্ড মাষ্টাৰৰ তত্ত্বাৱধানত প্ৰশিক্ষণ আছেই। বিদেশৰ গ্ৰেণ্ড মাষ্টাৰো আহে। উচ্চ ৰেংকিঙৰ খেলুৱৈৰ সৈতে খেলিলে নিজৰ খেলৰ উত্তৰণ ঘটা স্বাভাৱিক।

অসমত দবাৰ এক সুস্থ পৰিবেশ গঢ়ি নুঠা নহয়। প্ৰতিযোগিতা পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। এয়া শুভ লক্ষণ। পিছে এয়াই যথেষ্ট নহয়। আৰু অধিক প্ৰতিযোগিতা নিয়মীয়াকৈ অনুষ্ঠিত হোৱা প্ৰয়োজন। লগতে নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা।

বৰ্তমান অসমত ফিডে ৰেটিং লাভ কৰা দবাৰুৰ সংখ্যা তাকৰ নহয়। পিছে এজনো ইণ্টাৰনেশ্যনেল মাষ্টাৰ নাই (এল ইমোচা ইণ্টাৰনেচনেল মাষ্টাৰ হৈছে নেকি পাহৰিছো)। গ্ৰেণ্ড মাষ্টাৰতো দূৰ অস্ত। এনে পৰিপ্ৰেক্ষিতত দবাৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণৰ সময় সমাগত।