News Next One
Published on News Next One (https://www.newsnextone.com)

Home > সাত বছৰে হেৰাই থকা চন্দ্ৰযান ধৰা পৰিল কেলিফৰ্ণিয়াৰ ৰাডাৰত

10 Mar

সাত বছৰে হেৰাই থকা চন্দ্ৰযান ধৰা পৰিল কেলিফৰ্ণিয়াৰ ৰাডাৰত [1]

By NNO Digital Desk 0 Comments [2]

কেলিফৰ্ণিয়াঃ হেৰোৱা চন্দ্ৰযান ঘুৰাই পালে ভাৰতে৷ সাত বছৰৰ পিছত নাচাৰ অত্যাধুনিক প্ৰযুক্তিৰ ৰাডাৰৰ সহায়ত চন্দ্ৰত দেখা গ’ল  চন্দ্ৰযানখনক৷ ২০০৮ চনৰ ২২ অক্টোবৰত  ইছৰোৱে চন্দ্ৰযান ১ নিক্ষেপ কৰিছিল৷ কিন্তু ২০০৯ ৰ ২৯ অক্টোবৰৰ পৰাই চন্দ্ৰযানৰ লগত সংযোগ বিচ্ছিন্ন হৈছিল ইছৰোৰ৷

অৱশেষত কেলিফৰ্ণিয়াৰ নাচাৰ জেট পপুলেশ্যন পৰীক্ষাগাৰত ধৰা পৰিল চন্দ্ৰযান৷ চন্দ্ৰপৃষ্ঠৰপৰা ২০০ কি.মি. উচ্চতাত থাকি চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে যানখনে৷

৩ লাখ ৮০ হাজাৰ কিলোমিটাৰ দূৰত্বত থকা চন্দ্ৰযানখনক ৰাডাৰত ধৰা পেলোৱাটো নিতান্তই সাফল্যৰ বিষয় বুলি বিবেচনা কৰা হৈছে। বিগত বৰ্ষত জুলাই মাহত চন্দ্ৰযানখন এপলক দেখা পোৱা বুলি অনুমান কৰা হৈছিল। তাৰ পিছতেই ধৰা পৰিল এই যানখন।     

 

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/chandrayan-caught-in-nasa-radar

Links
[1] https://www.newsnextone.com/chandrayan-caught-in-nasa-radar
[2] https://www.newsnextone.com/chandrayan-caught-in-nasa-radar/#comments