News Next One
Published on News Next One (https://www.newsnextone.com)

Home > বৰ্ষাৰণ্য পবা'ক চাফ চিকুণ কৰি ৰখাৰ আহবান

11 Sep

বৰ্ষাৰণ্য পবা'ক চাফ চিকুণ কৰি ৰখাৰ আহবান [1]

By NNO Correspondent 0 Comments [2]

জোনাইঃ জোনাইৰ অসম অৰুণাচল সীমান্তত আৱৰি থকা বৰ্ষাৰণ্য পবা চিয়াং পাৰত অৱস্থিত ধেমাজি জিলাৰ একমাত্ৰ বৰ্তি থকা সংৰক্ষিত বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল। ইয়াত বছৰটোৰ অধিক সময়ে বিভিন্ন প্ৰান্তৰ বনভোজ দল আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰিবেশ অধ্যয়নৰ বাবে আগমন হয়। লগতে ইয়াৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ দেশী বিদেশী পৰ্যটকৰ উপস্থিত হয়।  

অৱশ্যে এনে সময়তে বনভোজৰ দল তথা বিভিন্ন কামৰ বাবে অহা লোকসকলে বনাঞ্চলখনৰ দাঁতিকাষৰীয়া অঞ্চলত প্লাষ্টিকৰ গিলাচ, প্লেট, বটল আদি বৰ্জনীয় সামগ্ৰী ব্যৱহাৰ কৰি ঠাইতে এৰি যোৱাত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত বিৰূপ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে।

এনে সময়তে স্বচ্ছ ভাৰত অভিযানৰ অংশ ৰূপে তথা বনাঞ্চলখনক সুৰক্ষিত কৰিবলৈ বনাঞ্চলখনৰ দাঁতিকাষৰীয়াত জোনাই মহকুমাধিপতিয়ে এক ৰাজহুৱা স্বাৰ্থ জড়িত অধিসূচনাযোগে বৰ্জনীয় প্লাষ্টিকৰ সামগ্ৰী আদিৰ ব্যৱহাৰ নিষিদ্ধ ঘোষণা কৰিছে। এই নিৰ্দেশ নমনা সকলক জৰিমনা বিহিবলৈ এখন সমিতি গঠন কৰাৰ কথাও উল্লেখ কৰিছে। 
 
পবা বৰ্ষাৰণ্যক সুৰক্ষিত আৰু চাফ-চিকুণকৈ ৰাখিবলৈ এনে সময়োপযোগী সিদ্ধান্তক জোনাইৰ বিভিন্ন দল-সংগঠনে আদৰণি জনাইছে৷

Author

NNO Correspondent's picture

NNO Correspondent


Source URL: https://www.newsnextone.com/rainy-area-to-clean-jonai

Links
[1] https://www.newsnextone.com/rainy-area-to-clean-jonai
[2] https://www.newsnextone.com/rainy-area-to-clean-jonai/#comments