News Next One
Published on News Next One (https://www.newsnextone.com)

Home > আইআইটিত মহিলাৰ বাবে ১৪% বিশেষ আসনৰ ঘোষণা

16 Apr

আইআইটিত মহিলাৰ বাবে ১৪% বিশেষ আসনৰ ঘোষণা [1]

By NNO Digital Desk 0 Comments [2]

ডিজিটেল ডেস্কঃ দেশৰ সৰ্বোচ্চ অভিযান্ত্ৰিক প্ৰতিষ্ঠান আইআইটিত মহিলাৰ বাবে সংৰক্ষিত হ’ব ১৪ শতাংশ আসন। দেশৰ আগশাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানসমূহত মহিলাৰ নামভৰ্তিৰ হাৰ নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিততে এই গুৰুত্বপুৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে আইআইটিৰ জইণ্ট এডমিশ্যন বৰ্ডে।

দেশৰ সকলো আইআইটিত ২০১৮ বৰ্ষৰপৰা সংৰক্ষণৰ এই নতুুন নিয়ম প্ৰযোজ্য হ’ব বুলি ঘোষণা কৰা হৈছে।সমীক্ষাত প্ৰকাশ পোৱা মতে ২০১৪ চনত দেশৰ আইআইটিসমূহত ৮.৮ শতাংশ ছাত্ৰীয়ে নামভৰ্তি কৰিছিল। ২০১৫ ৰ শিক্ষাবৰ্ষত সেই হাৰ কিছু আগুৱাই ৯ শতাংশ হৈছিল। কিন্তু ২০১৬ বৰ্ষত সেই হাৰ আকৌ কমি আহে।

এনেদৰে ইমান কমসংখ্যক মহিলাই প্ৰযুক্তিৰ ক্ষেত্ৰখনত অংশগ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিততে বৰ্ডে পেনেল গঠন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰি পৰিস্থিতি পৰিৱৰ্তনৰ বাবে আশা কৰিছে। 

আইআইটিত ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত সমান কৰাৰ বাবে তৎপৰ হৈ উঠা বৰ্ডৰ পৰিকল্পনা মতে যদি সাধাৰণ কেটেগৰীত কোনোবা ছাত্ৰীয়ে আসন লাভ নকৰে, তেন্তে এই বিশেষ কোটাৰ অধীনত আসন দিওৱাৰ চেষ্টা কৰা হ’ব।

অৱশ্যে ছাত্ৰসকলে এইবিষয়ত চিন্তা কৰিব নালাগে বুলি কৰ্তৃপক্ষই মন্তব্য কৰিছে। কিয়নো নতুন পৰিকল্পনাৰ অধীনত ১২ খনকৈ আসন যোগ দিয়া হ’ব প্ৰতিখন আইআইটিত।

সেয়ে ছাত্ৰসকলৰ বাবে আসন কমাৰ প্ৰশ্নই নুঠে। এই কোটাৰ প্ৰচলনে দেশৰ প্ৰযুক্তি প্ৰতিষ্ঠানত মহিলাৰ অংশগ্ৰহণত উৎসাহ যোগাব বুলি আশা কৰা হৈছে। 

Author

NNO Digital Desk's picture

NNO Digital Desk


Source URL: https://www.newsnextone.com/iit-to-earmark-14%25-seats-for-women-from-2018

Links
[1] https://www.newsnextone.com/iit-to-earmark-14%25-seats-for-women-from-2018
[2] https://www.newsnextone.com/iit-to-earmark-14%25-seats-for-women-from-2018/#comments